Logo
image

ডিব্ৰুগড়ত হ’ব মুখ্যমন্ত্ৰী সচিবালয়, তেজপুৰত ৰাজভৱন

আমাৰ অসম, ৩১ জানুৱাৰী: ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত হ’ল ঐতিহাসিক ডিব্ৰুগড় চহৰ৷ তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহচহৰ ডিব্ৰুগড়ত প্ৰথমবাৰলৈ আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক৷ ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত বহুকেইটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বিয়লি প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত বৈঠকৰ অন্ততঃ উপায়ুক্ত কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা৷ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, ফেব্ৰুৱাৰী মাহত ওদালগুৰিত অনুষ্ঠিত হ’ব অসম ৰাজ্যিক কেবিনেটৰ বৈঠক৷ চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনেই হ’ব মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক৷ কাৰণ মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিৱেশন আৰু ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্থগিত ৰাখিছে৷ ছেপ্টেম্বৰ মাহৰ পিছতহে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ব অসম কেবিনেটৰ বৈঠক৷ ইফালে ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন৷ ১৬ মাৰ্চত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে৷ আজি এই বৈঠকত আন বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ৰাজ্যখনত ফুলৰ চাহিদা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব ‘ষ্টেট ফ্লৰিকাৰ্লছাৰ মিছন’৷ আৰম্ভণিতে এই প্ৰকল্পত প্ৰায় ২০ হাজাৰ কৃষকক জড়িত কৰিব পৰাকৈ ১৫০ কোটি টকাৰ অনুমোদন জনাইছে অসম ৰাজ্যিক কেবিনেটে৷ সেইদৰে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ পদবীৰ নাম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এতিয়াৰে পৰা জুনিয়ৰ এছিছটেণ্ট, ছিনিয়ৰ এছিছটেণ্ট, হেড এছিছটেণ্ট আৰু ছুপাৰভাইজাৰী এছিছটেণ্টৰ পৰিৱৰ্তে সম্বোধিত হ’ব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিছটেণ্ট, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিছটেণ্ট, হেড এডমিনিষ্ট্ৰেটিভ এছিছটেণ্ট আৰু ছুপাৰভাইজাৰী এডমিনিষ্ট্ৰেটিভ এছিছটেণ্ট৷ একেখন সংবাদ মেলত জানিবলৈ দিয়া মতে, অসম আৰক্ষীৰ আন্তঃগাঁথনি সবলীকৰণৰ বাবে গঠন কৰা হৈছে ‘মৈত্ৰী ছ’চাইটী’৷ এই ছ’চাইটীলৈ আজিৰ কেবিনেটে অনুমোদন জনাইছে তিনিশ কোটি টকা৷ ইয়াৰ জৰিয়তে ৰাজ্যত নিৰ্মাণ চলি থকা আৰক্ষী থানাসমূহৰ নিৰ্মাণপ্ৰক্ৰিয়া অধিক ত্বৰাণ্ৱিত হ’ব৷ 

১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদীঃ অন্যহাতে, ১৪ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ দেশৰ প্ৰধানমন্ত্ৰীজনক আদৰিবলৈ ৰাজকীয় আয়োজন কৰিব অসম চৰকাৰে৷ পহিলা ব’হাগত দেশৰ প্ৰধানমন্ত্ৰীজনক ৰাজ্য চৰকাৰে ২০০০ নাচনীৰ জৰিয়তে ঢোলে-দগৰে আদৰিবৰ কাৰণে কঁকালত টঙালি বান্ধিছে৷ ইয়াৰ বাবে আজি ডিব্ৰুগড়ত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিছে ৪জনীয়া কেবিনেট মন্ত্ৰীৰ কমিটী৷ মন্ত্ৰী বিমল বৰা, ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱাক লৈ গঠন কৰা কেবিনেট সমিতিখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰায় দুহাজাৰ নাচনীয়ে নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব৷ আজিৰ এই কেবিনেট বৈঠকত উদ্যোগ নীতিক লৈয়ো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়৷ অসম চৰকাৰে ৰাজ্যৰ নতুন উদ্যোগ নীতি গঠনৰ বাবে আজিৰ কেবিনেটে বিশেষভাৱে আলোচনা কৰে৷ এই সন্দৰ্ভত পৰামৰ্শ লাভ কৰাৰ পাছত পৰৱৰ্তী কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে৷ 

বিলুপ্তি ঘটিব নিয়োগ বিনিময় কেন্দ্ৰঃ এতিয়াৰে পৰা বিলুপ্তি ঘটিব ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহ৷ এই কেন্দ্ৰসমূহ বিলুপ্তি ঘটাই চামিল কৰা হ’ব জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ৷ ইতিমধ্যে ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহ প্ৰায় অচল হৈ পৰা বুলি উল্লেখ কৰি নিবনুৱা যুবক-যুবতীসকল অনলাইনতে পঞ্জীয়ন কৰিবলগীয়া হয়৷ সেইবাবে নিবনুৱা যুৱক-যুৱতীসকল পঞ্জীয়নৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰসমূহলৈ যাবলগীয়া হোৱা নাই৷ যাৰ বাবে আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে জিলা যুৱ কল্যাণ কেন্দ্ৰৰ সৈতে নিয়োগ বিনিময় কেন্দ্ৰসমূহ চামিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কলিছে৷ এই জিলা যুৱ কল্যাণ কেন্দ্ৰসমূহে যুৱ সেৱাসমূহ আগবঢ়াই লৈ যোৱাৰ বাবে কাম কৰিব৷ ইতিবাচক কাৰণত অবিকল হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

ডিব্ৰুগড়ত হ’ব মুখ্যমন্ত্ৰী সচিবালয়, তেজপুৰত ৰাজভৱনঃ আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম মন্ত্ৰীসভাৰ বৈঠকত ডিব্ৰুগড় জিলাখনৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই বৈঠকত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি এতিয়াৰে পৰা উজনিৰ কোনো নাগৰিকে দিছপুৰলৈ তাতবাতি কৰি ফুৰিব নালাগে৷ কাৰণ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় নিৰ্মাণ হ’লে মুখ্যমন্ত্ৰীজনে মাহেকত দুই-তিনিবাৰকৈ বহিব৷ ইয়াৰ ফলত জনসাধাৰণৰ সমস্যাসমূহ তৎকালীনভাৱে সমাধান হ’ব৷ ইফালে আজিৰ কেবিনেটে তেজপুৰত ৰাজভৱন স্থাপনৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ ইতিমধ্যে বৰাক উপত্যকাত মিনি সচিবালয় নিৰ্মাণ চলি থকাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷  ইফালে অসম চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক আৱাসিক ভৱন নিৰ্মাণত অনুমোদন জনায় আজিৰ কেবিনেটে৷ চিকিৎসা মহাবিদ্যালয়খনৰ ষ্টাফ কোৱাটাৰবিলাকক একত্ৰিত কৰি নিৰ্মাণ কৰা হ’ব আঠ মহলীয়া অত্যাধুনিক ভৱন৷ অন্যহাতে, ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিব পৰাকৈ কনভেনশ্বন চেণ্টাৰ নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন জনাইছে৷ ১৫০০ আৰু ৫০০ মানুহ বহিব পৰাকৈ দুটাকৈ কনভেনশ্বন চেণ্টাৰ৷ ইফালে ডিব্ৰুগড় খনিকৰত নিৰ্মাণ হৈ থকা অত্যাধুনিক ষ্টেডিয়ামখনৰ আসনৰ সংখ্যা ৫০০ৰ পৰা ২০০০ হাজাৰলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ ডিব্ৰুগড় আৰক্ষী ছাউনী খেলপথাৰখন ষ্টেডিয়ামলৈ উন্নীতকৰণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়৷ তদুপৰি, ডিব্ৰুগড় চৌকিডিঙ্গিত স্থাপন হ’ব ফ্লাছ লাইটিং, ডিব্ৰুগড়ৰ আমোলাপট্টি, মানকটা আৰু লাহোৱালত উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হয়৷ কেবিনেটত নাহৰকটীয়াত হকী ষ্টেডিয়াম নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ জিলাখনত নতুনকৈ প্তখন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰে আঘোণীবাৰীৰ পৰা তেলপানীলৈ ২৭০ মিটাৰ, দিচাং নদীত ১৩৫ মিটাৰ, ডিমৌ নদীত ৪০ মিটাৰ, বুঢ়ীদিহিং নদী আৰু মদাৰখাটৰ পৰা গলাপাহাৰলৈকে দলং নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইফালে ডিব্ৰুগড় জিলাত দলং নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ চেঁচাৰ পৰা ইটাখুলি, আঘোণীবাৰীৰ পৰা খোৱাঙলৈ মথাউৰিৰ ওপৰেদি নিৰ্মাণ হ’ব পকী পথ৷ 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হ’ব নতুন বিষয়ঃ আজিৰ এই কেবিনেট বৈঠকে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ উজনি অসমৰ উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হ’ব দুটাকৈ নতুন বিষয়৷ মনোবিজ্ঞান আৰু ভূগোল বিষয়ৰো পাঠদান হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত৷ আনহাতে, ডিব্ৰুগড় কাৰাগাৰখন টিংখাং সমষ্টিলৈ স্থানান্তৰিত কৰাত আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷ বৰ্তমান থকা স্থানত অত্যাধুনিক উদ্যান নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইফালে খনিকৰ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানলৈ ১০ কোটি টকা আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ ৪৫০ কোটি টকাৰ অনুমোদন জনোৱা হয়৷

ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছতে চহৰখনৰ বহুকেইখন গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰে৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি লোক নিৰ্মাণ বিভাগে ৰাজ্যৰ স্ব-অধিকাৰ উন্নয়ন পুঁজিৰ ১১ কোটিৰ টকা ব্যয়েৰে ২০২০-২০২১ বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা ফুটব্ৰীজটো মুকলি কৰা হয়৷ এই পদপথ সেতু উন্মোচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহুদিনীয়া এক অভাৱ পূৰণ হোৱা বুলি উল্লেখ কৰি ডিব্ৰুগড়ত আৰু দুখন এনে ফুটঅভাৰ ব্ৰীজ নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে৷ আনহাতে, পৱিত্ৰ মে-ডাম-মেফিৰ প্ৰাক্‌ক্ষণত ডিব্ৰুগড়ত তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা অত্যাধুনিক বহুমুখী ভৱন মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কেন্দ্ৰীয় চৰকাৰৰ এন.ই.চি. আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত ৩.৩৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ ভৱনটো [ছু্য হুং মুং ভৱন] উদ্বোধন কৰি পৱিত্ৰ মে-ডাম-মে-ফি উৎসৱৰ প্ৰাকক্ষণত তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰটো উদ্বোধন কৰিবলৈ পোৱাতো সৌভাগ্য বুলি কয়৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেমকান্ত দিহিঙীয়া, সম্পাদক দুৰ্লভ গগৈসহ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়াৰ সৈতে এক চমু আলোচনাত মিলিত হোৱা লগতে কেন্দ্ৰৰ পৰা এখন স্মাৰক-পত্ৰ গ্ৰহণ কৰে৷ ইফালে ডিব্ৰুগড়ৰ ফুলবাগানত এলেন কেৰিয়াৰ ইন্সটিটিউটৰ ফিতা কাতি উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ সৈতে সাংস্কৃতিক পৰিক্ৰমামন্ত্ৰী বিমল বড়া, শিক্ষামন্ত্ৰী ৰণোজ পেগু, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, প্ৰশান্ত ফুকন, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাসহ অন্যান্য সকলো উপস্থিত থাকে৷

কেবিনেট সিদ্ধান্তক আদৰণি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ

জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ পদবীৰ নতুন নামকৰণৰে সুকীয়া পৰিচয় দাঙি ধৰাৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্তক আদৰণি জনাইছে  সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই৷ সমগ্ৰ অসমৰে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবীৰ ভিতৰত এটা দাবী চৰকাৰে পূৰণ কৰা বুলি সদৰী কৰি সন্থাৰ সভাপতি বিক্ৰমজিত চক্ৰবৰ্ত্তী আৰু সাধাৰণ সম্পাদকজয়ন্ত ভাণ্ডাৰ কায়স্থই এটা বিবৃতিত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসক কৃতজ্ঞতা জ্ঞাপন কৰি কয়– বিশেষকৈ বিগত নৱেম্বৰত সন্থাৰ বঙাইগাওঁ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে সন্থাৰ দাবী সমূহৰ প্ৰতি ৰাজহুৱাভাৱে সহমৰ্মিতা প্ৰকাশ কৰি আজি যি বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে তেওঁৰ লগতে সাধাৰণ প্ৰশাসন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰীকো ধন্যবাদ জনালোঁ৷