Logo
image

এই চৰকাৰে এদিন নাথুৰাম জয়ন্তী উদ্‌যাপন কৰিবঃ ড॰ হীৰেন গোহাঁই

আমাৰ অসম, ৩১ জানুৱাৰী: জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ৭৫ সংখ্যক হত্যাৰ দিনটো ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দিৱস হিচাপে পালন কৰা হয়৷  চি পি আই, চি পি আই [এম], চি পি আই [এম এল], এন চি পি, এল ডি পি, জাতীয় দল অসম, এ জে পি আৰু  ৰাইজৰ দলে যৌথভাৱে গুৱাহাটীৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত মৃত্যুৰ দিৱসত গান্ধীজীক শ্ৰদ্ধাৰে স্মৰণ কৰে৷ চি পি আই [এম]ৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নিৰংকুশ নাথে আঁত ধৰা কাৰ্যসূচীত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই, জ্যেষ্ঠ বাওঁপন্থী নেতা হেমেন দাস, চি পি আই নেতা মুনিন মহন্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে৷ সভাৰ উদ্দেশ্য ব্যাখ্যাত বাওঁপন্থী নেতা কনক গগৈয়ে বিজেপি-আৰএছএছ-ৰ চৰকাৰে  সংবিধান, ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰক ভুলুণ্ঠিত কৰাৰ সময়ত গান্ধী হত্যাৰ দিনটো পালনৰ গুৰুত্ব সম্পৰ্কে মন্তব্য কৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁয়ে ৩০ জানুৱাৰীৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ এই কাৰ্যসূচীৰ পাছতেই সাংবাদিকৰ আগত বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁইয়ে কয়– ‘অসম চৰকাৰে এটা বিজ্ঞাপন দিছে শ্বহীদ দিৱসৰ৷ ভাৰতৰ শ্বহীদ বহুকেইজন আছে৷ এই গোটেই বিলাক শ্বহীদৰ লগত গান্ধীজীকো সামৰি দিয়া হৈছে৷ ইয়াৰ পৰা মোৰ ধাৰণা হয় যে– এওঁলোকৰ সামান্য কামতো পৰিকল্পনা থাকে, এটা হিচাপ থাকে৷ গান্ধীজীৰ অৱদানৰ মূল্য আৰু তাৰ গভীৰতা নস্যাৎ কৰাৰ বাবে এইধৰণৰ কাৰবাৰ আৰম্ভ কৰিছে৷ সকলোৱেই শ্বহীদ তেওঁলোকৰ মতে৷ এসময়ত হয়তো নাথুৰাম গডছেৰো শ্বহীদ দিৱসত মৃত্যু দিৱস হিচাপে ইয়াত পালন কৰা হ’ব পাৰে৷ দীৰ্ঘদিন ধৰি গান্ধীজীৰ প্ৰভাৱৰ গভীৰতা নস্যাত কৰিবৰ বাবে বৰ্তমানৰ শাসনাধীস্থ চৰকাৰে চেষ্টা কৰি আছে৷’ হিন্দু সাম্প্ৰদায়িকতাবাদ এতিয়া উগ্ৰ হোৱা বুলি মন্তব্য কৰি হীৰেণ গোহাঁয়ে লগতে কয়– ‘বৰ্তমানৰ দূষিত পৰিৱেশ ৰচনা কৰাৰ বাবে দায়ী হৈছে আৰ এছ  এছ, হিন্দু মহাসভাৰ দৰে কিছুমান উগ্ৰ সাম্প্ৰদায়িকতাবাদী আৰু তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত বৰ্তমানৰ চৰকাৰ৷ গতিকে এই চৰকাৰৰ হাতত গান্ধীজীৰ আদৰ্শ আৰু নীতি একেবাৰে নিৰাপদ নহয়৷ যাৰ বাবে ভাৰতত আটাতকৈ ধনী মানুহ আৰু আটাইতকৈ দুখীয়া মানুহৰ পাৰ্থক্য বহু গুণে বৃদ্ধি পাইছে৷ আনহাতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱা উপক্ৰম ঘটিছে৷ গতিকে গান্ধীজীৰ আদৰ্শক সাৰোগত কৰিবলৈ আমি সকলোৱে সাজু থকা উচিত, সকলোৱে যুঁজিবলৈ প্ৰস্তুত থকা উচিত৷’ ইফালে, সভাত সম্বোধন কৰি ড॰ গোহাঁয়ে চৰকাৰে ইতিহাস বিকৃত কৰি মানুহৰ চেতনাৰ পৰা স্বাধীনতা আন্দোলনৰ মাজেৰে লাভ কৰা অভিজ্ঞতা মচি পেলাবলৈ চেষ্টা কৰিছে আৰু সেয়ে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে লোৱা দৃঢ় অৱস্থান আৰু স্বাধীনতা আন্দোলনত তেওঁ গ্ৰহণ কৰা অবিস্মৰণীয় ভূমিকা সম্পৰ্কে আজি বিশদভাৱে প্ৰচাৰ কৰাৰ প্ৰয়োজীয়তা আছে বুলি মন্তব্য কৰে৷ তেওঁ গান্ধীৰ বিশাল ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰি যুৱ প্ৰজন্মক তাৰ পৰা শিক্ষা লোৱাৰ বাবেও আহ৩ান জনায়৷ অন্যহাতে কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি পি আই এম দলৰ জে্যষ্ঠ নেতা হেমেন দাসে স্বাধীনতা সংগ্ৰামৰ পৰা নিজকে নিলগাই ৰাখি ব্ৰিটিছৰ গোলামি কৰা আৰ এছ এছ আৰু তেওঁলোকৰ গেৰুৱা বাহিনীয়ে তাহানিয়ে গান্ধীক হত্যা কৰিছিল আৰু আজি দেশৰ ক্ষমতা দখল কৰি দেশত পুনৰ ধৰ্মৰ নামত উন্মাদনা সৃষ্টিৰ বাবে অহৰহ চেষ্টা চলাই আছে বুলি কয়৷ আৰ এছ এছ নিয়ন্ত্ৰিত বিজেপি-নেতৃত্বাধীন চৰকাৰে আনকি ভাৰতীয় প্ৰজাতন্ত্ৰৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ গাঁথনিটোকে খহাই পেলোৱাৰ বাবে সংবিধানৰ ওপৰত পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণ কৰি আছে বুলি মত পোষণ কৰে৷ কাৰ্যসূচীত চি পি আই এম এলৰ নেতা পংকজ দাস আৰু নৰেন বড়া, চি পি আই এমৰ জে্যষ্ঠ নেতা উদ্ধৰ্ৱ বৰ্মন আৰু দেৱেন ভট্টাচাৰ্য, ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন, এন চি পিৰ নেতা দীপক দাস, এল ডি পিৰ হিৰণ্য বেজবৰুৱা, সাহিত্যিক পৰমানন্দ মজুমদাৰসহ কেইবাটাও শ্ৰমিক, কৃষক, মহিলা আৰু যুৱ সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে৷