Logo
image

কাইলৈৰ পৰা অলা-উবেৰ বন্ধ

আমাৰ অসম, ৩১ জানুৱাৰী: অলা-উবেৰৰ দৰে বহুজাতিক কেব এগ্ৰিগেটৰ সমূহে চালকসকলক কৰি অহা আৰ্থিক-মানসিক শোষণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম কেব মজদূৰ সংঘ৷ আনকি এই শোষণৰ প্ৰতিবাদত পহিলা ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অলা-উবেৰ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংঘই৷ দিছপুৰ প্ৰেছ ক্লাৱত সোমবাৰে অনুষ্ঠিত এক সংবাদ মেলত এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংঘৰ মুখপাত্ৰ ধ্ৰুৱৰাজ অসমে কয় ২০১৫ চনত গুৱাহাটী মহানগৰীত এই কেব সেৱা আৰম্ভ হৈছিল৷ তেওঁলোকৰ বিজ্ঞাপনত ভোল গৈ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱকে বেংকৰ ঋণ লৈ একোখন চাৰিচকীয়া মজলীয়া বাহন লৈ কেব এগ্ৰিকেটৰৰে সংযুক্ত হৈ ইয়াত জড়িত হৈ ৰাইজলৈ সেৱা আগবঢ়াইছিল৷ আনকি প্ৰথম দুটা বছৰত অলা আৰু উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই চালক সকলক শ্ৰমৰ উপযুক্ত মৰ্যাদা আৰু বিশেষ ভাট্টা প্ৰদান কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ শোষণ বাঢ়ি যায় আৰু চালকৰ একাউণ্ট বন্ধ কৰাৰ দৰে কামত জড়িত হয়৷ তেওঁলোকৰ বাবে এতিয়া চালকটো বাদেই সাধাৰণ যাত্ৰী সকলো বহু সময়ত অসুবিধাৰ সন্মুখীন হব লগা হৈছে৷ যাৰ বাবে বহু সময়ত যাত্ৰী আৰু চালকৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰো উদ্ভৱ হয়৷ এই বিষয়ে অসম চৰকাৰৰ পৰিবহণ আয়ুক্ত, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, জিলা পৰিবহণ বিষয়াক অৱগত কৰা হৈছে যদিও কোনো ধৰণৰ সুফল পোৱা নগল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ প্ৰায় ১৮ হাজাৰ কেব চালকে পহিলা ফেব্ৰুৱাৰীৰ পৰা অলা- উবেৰ সেৱা বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৰ্তমান তেওঁলোকে অসমৰ দুটা থলুৱা কেব সেৱা প্ৰতিষ্ঠান ক্ৰমে পে-ইণ্ডিয়া আৰু এ এন-২ ত সংযুক্ত হবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সেৱাৰ জৰিয়তে ৰাইজক সেৱা আগবঢ়াব বুলি ধ্ৰুৱৰাজ অসমে সংবাদ মেলত সদৰি কৰে৷ সংবাদ মেলত সংঘৰ সভাপতি ৰূপাংকৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক জ্যোতিষ ডেকা উপস্থিত থাকে৷