Logo
image

বিভাগীয় দুৰ্নীতি হ্ৰাসত ব্যৰ্থতা

২০২১ বৰ্ষৰ প্ৰথম দিনটোতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদ্য ঘোষিত এ চি এছ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ সৈতে মতামত বিনিময় কৰি তেওঁলোকৰ মনৰ বুজ লোৱাৰ লগতে অনুপ্ৰাণিত কৰাৰ বাবে এক উদ্যোগ গ্ৰহণ কৰিলে৷ ভৱিষ্যতে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱাৰ প্ৰাক্‌মুহূৰ্তত এনেধৰণৰ অনুষ্ঠান নতুন বছৰৰ আৰম্ভণিৰ দিনটোতে আয়োজন কৰাটো প্ৰশংসনীয়৷ উল্লেখ্য, বিগত কেইবাটাও দশকৰ ভিতৰত এইবাৰেই এই পৰ্যন্ত এ চি এছ পৰীক্ষাৰ ফলাফলক লৈ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হোৱা নাই৷ পূৰ্বৰ অধ্যক্ষ ৰাকেশ পাল আৰু তেওঁৰ এচাম সতীৰ্থ লোকসেৱা আয়োগৰ সদস্যই অসম লোকসেৱা আয়োগৰ মৰ্যাদা ধূলিস্যাৎ কৰাৰ পাছত এই প্ৰতিষ্ঠানটোৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস পাইছিল৷ অৱশ্যে ইয়াৰ বহু আগৰে পৰা এ চি এছকে ধৰি অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হোৱা বিভিন্ন পদৰ পৰীক্ষাত দালালৰাজ পূৰ্ণ গতিত অব্যাহত আছিল৷ সম্পূৰ্ণ অসৎ পন্থাৰে নিৰ্বাচিত হৈ বৰ্তমান বহু বিষয়াই বিভিন্ন পৰ্যায়ত এতিয়া ৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে৷ তেনে প্ৰক্ৰিয়াৰে নিৰ্বাচিত বিষয়াই সেৱাৰ মনোভাৱেৰে দায়িত্ব সম্পাদন কৰি প্ৰশাসন যন্ত্ৰক স্বচ্ছ, নিকা আৰু গতিশীল কৰি তুলিব বুলি ভবাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মানেই ‘বেক আৰু ‘ঘোচ’ দিব পৰা সামৰ্থ আছে নে নাই সেই বিষয়েহে প্ৰাৰ্থীৰ মাজত অগ্ৰাধিকাৰ লাভ কৰিছিল৷ গতিকে তেনে এক ধাৰণাৰ পৰা আয়োগক মুক্ত কৰি নিকা পদ্ধতিৰে যোগ্য আৰু মেধাসম্পন্ন প্ৰাৰ্থীক নিৰ্বাচন কৰাটো অতি প্ৰত্যাহ্বানমূলকো আছিল৷ কাজেই ৰাকেশ পাল আৰু বহু দালাল, দুৰ্নীতিগ্ৰস্ত লোকৰ দুষ্কাৰ্য পোহৰলৈ অহাৰ পাছত অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধনৰ পথ প্ৰশস্ত হৈছিল৷ পৰীক্ষা পদ্ধতিৰ সংশোধন, মূল্যায়ন, মৌখিক পৰীক্ষা, ফলাফল ঘোষণা, আয়োগৰ সামগ্ৰিক পৰিচালনা আদিৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত বহু পৰিৱৰ্তন অনা হৈছে যদিও এতিয়াও আয়োগৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ সম্পূৰ্ণ দোষমুক্ত বুলি ক’ব নোৱাৰি৷ ইতিমধ্যে এ চি এছৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্ন, আনছাৰ কী আদিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তদুপৰি আয়োগৰ দ্বাৰা পৰিচালিত আন কেতবোৰ পদৰ পৰীক্ষা, মৌখিক পৰীক্ষা আদিক লৈ বিতৰ্কৰ ওৰ পৰা নাই৷ হ’লেও অসম লোকসেৱা আয়োগৰ অৱনমিত ভাবমূৰ্তি এতিয়া কিছু পৰিমাণে উন্নত হৈছে বুলি ক’ব পাৰি৷ প্ৰসংক্ৰমে উল্লেখ কৰিব পাৰি যে নতুন বছৰৰ প্ৰথম দিনাই কেইবাজনো এ চি এছ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত কিদৰে জীৱনত সন্মুখীন হোৱা বহু প্ৰতিকূলতা, দৰিদ্ৰতাক নেওচি এই পৰীক্ষাত উত্তীৰ্ণ হ’ল সেই সম্পৰ্কে কৰা ব্যাখ্যাই তেওঁলোকক মহীয়ান কৰি তোলাৰ লগতে অসম লোকসেৱা আয়োগৰ প্ৰতিও মানুহৰ আস্থা বৃদ্ধি কৰিলে৷ অনুৰূপভাৱে আৰক্ষীৰ এছ আই পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ কেলেংকাৰিয়ে ৰাজ্যত তোলপাৰ লগোৱাৰ পাছত পুনৰ এই পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আৰক্ষী বিভাগে সফলভাৱে অনুষ্ঠিত কৰাটো বৰ সহজ নাছিল৷ কিন্তু লক্ষণীয়ভাৱে এই পৰীক্ষাত বিতৰ্কহীনভাৱে অনুষ্ঠিত হ’ল৷ ঠিক তেনেদৰে ‘টেট’ পৰীক্ষাও ভালদৰে অনুষ্ঠিত হোৱাৰ বাবে মেধাসম্পন্ন যুৱক-যুৱতীয়ে নিয়োগৰ সুযোগ পাইছে৷ উক্ত পৰীক্ষাসমূহ স্বচ্ছভাৱে অনুষ্ঠিত কৰি চৰকাৰে সাধুবাদৰ পাত্ৰ হৈছে যদিও চৰকাৰী কাৰ্যালয়, বিভিন্ন বিভাগত দুৰ্নীতি হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে৷ অসমৰ  চৰকাৰী বিভাগৰ প্ৰতিটো কাৰ্যালয়তে ৰঙা ফিটাৰ মেৰপাক অকণো হ্ৰাস পোৱা নাই৷ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা জিলা, মহকুমা পৰ্যায়ৰ প্ৰতিটো কাৰ্যালয়তে ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে ঘোচ নিদিলে ফাইল লৰচৰ নকৰে৷ ডিজিটেলাইজেশ্বনৰ যোগেদি প্ৰশাসনক গতিশীল, স্বচ্ছ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছিল যদিও সেয়াও এক বুমেৰাঙত পৰিণত হৈছে৷ এইবোৰ দিশ কঠোৰভাৱে নিয়ন্ত্ৰণ আৰু দক্ষতাৰে পৰিচালনা কৰাৰ ওপৰত চৰকাৰে যথোপযুক্ত গুৰুত্ব দিয়া নাই৷ প্ৰধানমন্ত্ৰীয়ে Less government, more governanceৰ কথা দোহাৰি আছে যদিও সেয়া কাৰ্যকৰী হোৱা ৰাইজে দেখা নাই৷ অসম চৰকাৰে লোকসেৱা আয়োগৰ পৰীক্ষা, টেট পৰীক্ষা আদিত গুৰুত্ব আৰোপ কৰাৰ দৰে কাৰ্যালয়ৰ দুৰ্নীতি নিয়ন্ত্ৰণত সমানেই অগ্ৰাধিকাৰ দিয়াটো ৰাইজৰ কাম্য৷