দাঁতৰ বিষ? ঘৰুৱা উপায়েৰে সকাহ পাওক
দাঁতৰ বিষৰ অভিজ্ঞতা কম-বেছি পৰিমাণে প্ৰায়ভাগ লোকৰে আছে৷ অতি যন্ত্ৰণাদায়ক এই বিষ সহ্য কৰাটো কঠিন৷ ৰাতি দাঁতৰ বিষত আক্ৰান্ত হ’লে বিষ নিৰাময়ৰ বাবে উপায় বিচাৰি পোৱা নাযায়৷ বহুতে দাঁত বিষালে ফাৰ্মাচীৰ পৰা পেইনকিলাৰ জাতীয় দৰৱ খাই বিষ নিৰাময় কৰে৷ পিছে এই অভ্যাস ভাল নহয়৷ কেইটামান ঘৰুৱা উপায় আছে, যিবোৰৰ জৰিয়তে দাঁতৰ বিষৰ পৰা সহজতে নিৰাময় লাভ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–
⬛নিমখ পানীঃ দাঁতৰ বিষ নিৰাময়ৰ ক্ষেত্ৰত নিমখমিশ্ৰিত পানীয়ে ভাল কাম কৰে৷ ইয়াৰ বাবে কুহুমীয়া পানীৰ সৈতে নিমখ মিহলি কৰি কুলি কৰিব লাগে৷ নিমখ পানীয়ে দাঁতৰ ইনফেকছন দূৰ কৰাৰ লগতে দাঁতৰ মাৰি আৰু ডিঙিৰ বিষ কমোৱাত সহায় কৰে৷
⬛ নহৰুঃ নহৰুৰেও দাঁতৰ বিষৰ পৰা সকাহ পাব পৰা যায়৷ দাঁত বিষালে এটুকুৰা নহৰু নিমখৰ সৈতে সানি লৈ যিটো দাঁতত বিষ অনুভৱ হয়, সেই দাঁতেৰে কেইমিনিটমান কামুৰি ৰাখক৷ দেখিব কিছুসময়ৰ পাছত বিষ লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে৷
⬛লংঃ কেইটোপালমান অলিভ অইলৰ সৈতে কেইটামান লং থেতেলি লৈ মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এই মিশ্ৰণ বিষ অনুভৱ কৰা দাঁতত লগালে লাহে লাহে বিষ নিৰাময় হয়৷
⬛নিমখ আৰু জালুকঃ জালুকগুটিয়ে দাঁতৰ বিষ নিৰাময়ত সহায় কৰে৷ ইয়াৰ বাবে অকণমান নিমখ আৰু জালুকগুটি গুৰি কৰি লৈ দাঁতেৰে চেপি ৰাখক৷ কিছু সময়ৰ পাছতে বিষ নাইকিয়া হ’ব৷
⬛পিঁয়াজঃ পিঁয়াজেও দাঁতৰ বিষৰ পৰা সকাহ দিয়াত সহায় কৰে৷ পিঁয়াজত থকা এণ্টিচেপ্টিক উপাদানে যিকোনো আঘাত আৰু বিষ দূৰ কৰাত সহায় কৰে৷ দাঁত বিষালে যিটো দাঁতত বিষ অনুভৱ কৰে তাত পিঁয়াজৰ ৰস লগোৱা কৰক৷