Logo
image

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিৰ নিশা দিল্লী আৰক্ষীলৈ আহিল এটা ফোনকল৷ সোমবাৰে নিশা প্ৰায় ১২:০৫ বজাত আহিছিল মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া ফোনকলটো৷ এই ভাবুকিৰ পিছতে দিল্লী আৰক্ষীয়ে অভিযান আৰম্ভ কৰে৷ ইতিমধ্যে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকজনক চিনাক্ত কৰিছে দিল্লী আৰক্ষীয়ে৷ আৰক্ষীয়ে জনোৱা অনুসৰি, মানসিক বিকাৰগ্ৰস্ত এজন লোকে নিশা দিল্লী আৰক্ষীলৈ ফোন কৰি মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল৷ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক জয় প্ৰকাশ বুলি কৰিছে আৰক্ষীয়ে৷ আনহাতে মানসিক বিকাৰগ্ৰস্ত হোৱাৰ বাবে অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷ আৰক্ষীয়ে জনোৱা মতে, দিল্লীৰ গুলাবি বাগত চিকিৎসাধীন হৈ আছে অভিযুক্ত জয় প্ৰকাশ৷