Logo
image

আৰক্ষীৰ সঞ্চালক প্ৰধান ৰূপে জি পি সিঙৰ দায়িত্ব গ্ৰহণৰ দিনাই একশ্যনত অসম আৰক্ষী, ডবকাত এনকাউণ্টাৰ

ডিজিটেল সংবাদ, ডবকাঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে জি পি সিঙে দায়িত্ব গ্ৰহণৰ দিনাই ডবকাত আৰক্ষীৰ এনকাউন্টাৰ৷ ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিলে গুলীচালনা৷ আৰক্ষীৰ গুলীত শ্বৰিফ উদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ী আহত হোৱাৰ বিপৰীতে স্বুজন নামৰ আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডবকা আৰক্ষী আৰু হোজাইৰ ক্ৰাইম ব্ৰাঞ্চে৷ 

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে সন্ধিয়াৰ ভাগত ডবকা-নীলবাগানৰ মাজত নাহৰগাঁও কেঞ্চীবজাৰ নামৰ ঠাইত চাৰি ড্ৰাগছ ব্যৱসায়ী থকাৰ খবৰ পাই ডবকা আৰক্ষী আৰু হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে যুটীয়া অভিযান চলায়৷ আৰক্ষীৰ অভিযানৰ খবৰ পাই দুই ড্ৰাগছ ব্যৱসায়ীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ বিপৰীতে আন দুই ড্ৰগছ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে৷ 

আটকাধীন শ্বৰিফ উদ্দিনে এজন কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীয়ে শ্বৰিফৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত আহত হোৱা শ্বৰিফ উদ্দিনক ততাতৈয়াকৈ ডবকা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পাছত নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷ ইপিনে আৰক্ষীয়ে অভিযানত ২০ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে দুখনকৈ বাইক জব্দ কৰে৷ পলায়ন কৰা দুয়ো ড্ৰাগছ ব্যৱসায়ীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ডবকা আৰক্ষীয়ে৷ আটক হোৱা দুয়োৰে ঘৰ ডবকা নাহাৰ গাঁৱত৷