জুনিয়ৰ ভাৰতীয় মহিলা দলৰ বিশ্ব জয়
১০ ফেব্ৰুৱাৰীৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব মহিলাৰ টুৱেণ্টী২০ বিশ্বকাপ৷ ১২ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ’ব পাকিস্তান৷ হৰমনপ্ৰীত কৌৰৰ দলটো বিশ্বকাপৰ বাবে সাজু হোৱাৰ সময়তে ভাৰতীয় ক্ৰিকেটলৈ আহিছে এটা ভাল খবৰ৷ মহিলাৰ ক্ৰিকেটক অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছিল অনূৰ্ধ্ব ১৯ বছৰৰ মহিলা টুৱেণ্টী২০ বিশ্বকাপ আৰু প্ৰথমবাৰৰ প্ৰতিযোগিতাত চেম্পিয়ন হৈছে শ্বেফালি বাৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো৷ মিতালী ৰাজ, ঝুলন গোস্বামীৰ দৰে ভাৰতৰ আগশাৰীৰ মহিলা ক্ৰিকেটাৰে যি কাম কৰিব পৰা নাছিল, সেই কাম সম্ভৱ কৰি তুলিলে শ্বেফালি বাৰ্মাৰ দলটোৱে৷ উল্লেখ্য, ভাৰতীয় ছিনিয়ৰ মহিলা দলটো দুবাৰকৈ বিশ্বকাপৰ ফাইনেলত উপনীত হ’লেও ট্ৰফী জয় কৰিব পৰা নাছিল৷ সেই আধৰুৱা সপোন লৈয়েই অৱসৰ ল’বলগীয়া হৈছে মিতালী আৰু ঝুলনে৷ কিন্তু দক্ষিণ আফ্ৰিকাত ভাৰতীয় জুনিয়ৰ মহিলা দলটোৱে যি সফলতা লাভ কৰিলে, তাৰ দ্বাৰা উদীয়মান খেলুৱৈসকল ক্ৰিকেটৰ প্ৰতি উৎসাহিত হ’ব৷ মহিলা অনূৰ্ধ্ব ১৯ বছৰৰ টুৱেণ্টী২০ বিশ্বকাপত ভাৰতক নেতৃত্ব দিয়া শ্বেফালি বাৰ্মাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে৷ সাধাৰণতে অনূৰ্ধ্ব ১৯ বছৰৰ দলত খেলাৰ পাছত ক্ৰিকেটাৰসকলে ছিনিয়ৰ দলত সুযোগ পায়৷ কিন্তু শ্বেফালি আৰু খুব কমসংখ্যক খেলুৱৈৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতটো দেখা যায়৷ শ্বেফালিয়ে পূৰ্বেই ছিনিয়ৰ দলত স্থান পাইছে৷ জুনিয়ৰ বিশ্বকাপত পোৱা সফলতাৰ পাছত শ্বেফালিৰ লক্ষ্য এতিয়া ছিনিয়ৰৰ বিশ্বকাপ জয়৷
জুনিয়ৰ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰশংসনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দলটোৰ বাবে পাঁচ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে৷ লগতে বু্ধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত হ’বলগীয়া তৃতীয় তথা অন্তিমখন টুৱেণ্টী২০ খেলৰ পূৰ্বে দলটোক সম্বৰ্ধনা জনোৱা হ’ব৷ এইখিনিতে এটা কথা উল্লেখৰ প্ৰয়োজন যে মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুৰুষৰ খেলৰ তুলনাত দৰ্শকৰ সংখ্যা তেনেই নগণ্য হয়৷ কিন্তু সদ্যসমাপ্ত মহিলাৰ অনূৰ্ধ্ব ১৯ বছৰৰ টুৱেণ্টী২০ বিশ্বকাপত ভাৰত আৰু অষ্টে˜লিয়াৰ মাজত অনুষ্ঠিত খেলখন চাবলৈ মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্ডত সমাৱেশ ঘটিছিল ৮৫ হাজাৰ দৰ্শকৰ৷ খেলখনত জয়ী হৈছিল অষ্ট্ৰেলিয়া৷ অনূৰ্ধ্ব ১৯ বছৰৰ মহিলা টুৱেণ্টী২০ বিশ্বকাপত ভাগ লোৱা ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল নুশ্বিন আল খাদিৰ৷ নুশ্বিন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ২০০৫ চনৰ মহিলা বিশ্বকাপত ভাগ লোৱা ভাৰতীয় দলটোৰ সদস্য আছিল৷ সেইবাৰৰ টুৰ্মামেণ্টৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ৯৮ ৰানত৷ খেলুৱৈ হিচাপে বিশ্বকাপ জয়ৰ সোৱাদ নাাপালেও প্ৰশিক্ষক হিচাপে সেই আনন্দ লাভ কৰিলে নুশ্বিনে৷
যি সময়ত ভাৰতত মহিলা আই পি এল [মহিলা প্ৰিমিয়াৰ লীগ] আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, সেই সময়ত জুনিয়ৰ মহিলা টুৱেণ্টী২০ বিশ্বকাপৰ সফলতা ভাৰতৰ মহিলা ক্ৰিকেটৰ বাবে উৎসাহৰ বিষয় হিচাপে বিবেচিত হৈছে৷ মহিলা প্ৰিমিয়াৰ লীগ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মহিলা ক্ৰিকেট লীগ হোৱাৰ দিশত আগবাঢ়িছে৷ কেইবছৰমান আগলৈকে মহিলা ক্ৰিকেটাৰ পুৰুষৰ তুলনাত সা-সুবিধাৰ ক্ষেত্ৰত বহু পিছপৰি থকা বুলি অভিযোগ শুনিবলৈ পোৱা গৈছিল৷ কিন্তু এতিয়া সেই দিন নাই৷ বৰ্তমান মহিলা ক্ৰিকেটাৰৰ বাবেও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাৰ্ষিক কেন্দ্ৰীয় চুক্তিৰ ব্যৱস্থা আছে৷লগতে মহিলা ক্ৰিকেটাৰৰ পাৰিশ্ৰমিকো শেহতীয়াকৈ যথেষ্টখিনি বৃদ্ধি কৰা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলেও ক্ৰিকেটত লিংগ বৈষম্য দূৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা লৈছে৷ পুৰুষৰ ক্ৰিকেটৰ দৰেই মহিলাৰ ক্ৰিকেটকো জনপ্ৰিয় কৰাৰ চেষ্টা চলোৱা হৈছে৷ অনূৰ্ধ্ব ১৯ বছৰৰ মহিলা বিশ্বকাপৰ পাছত ভাৰতীয় ক্ৰিকেটানুৰাগীৰ দৃষ্টি থাকিব ছিনিয়ৰ টুৱেণ্টী২০ বিশ্বকাপৰ ওপৰত৷ জুনিয়ৰ দলটোৰ সফলতাৰ ধাৰা ছিনিয়ৰ দলটোৱে অটুট ৰাখিব পাৰিবনে? উত্তৰৰ বাবে প্ৰয়োজন হ’ব অপেক্ষাৰ৷






