Logo
image

অধিক নিম্নগামী হ’ব জিডিপিৰ হাৰ

আমাৰ অসম, ১ ফেব্ৰুৱাৰী: আগন্তুক বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ নিম্নগামী হ’ব বুলি স্বীকাৰ কৰিছে স্বয়ং মোদী চৰকাৰে৷ এক ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিলৰ আগদিনা আজি মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আগন্তুক বৰ্ষৰ দেশৰ অৰ্থনীতিৰ পূৰ্বাভাষ দাঙি ধৰি আৰ্থিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰে৷ সেই প্ৰতিবেদনত পূৰ্বাভাষা দিয়া অনুসৰি অহা বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ সামগ্ৰিকভাৱে গড় হ’ব ৬.৫ শতাংশ৷ নূন্য়তম ৬ শতাংশৰ পৰা সৰ্বাধিক  ৬.৮ শতাংশ জিডিপিৰ উন্নয়নৰ হাৰ বৃদ্ধি হ’ব পাৰে বুলি আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে৷ বিত্তমন্ত্ৰীৰ এই ভাষ্য মানি ল’লে এটা কথা স্পষ্ট হৈ পৰে যে অহা বিত্তীয় বৰ্ষত দেশৰ আৰ্থিক উন্নয়নৰ হাৰ বিগত তিনিটা বিত্তীয় বৰ্ষৰ তুলনাত নিম্নগামী হ’ব৷ মূলতঃ ক’ভিড অতিমাৰী আৰু যোৱা এবছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিও ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰ ফলস্বৰূপেই ভাৰতৰ আৰ্থিক উন্নয়নৰ গতি নিম্নগামী হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ সাম্প্ৰতিক বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ আছিল ৭ শতাংশ আৰু পূৰ্বৰ বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ আছিল ৮.৭ শতাংশ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ সমীক্ষাত জনাইছে যে, বিগত তিনি বছৰৰ তুলনাত আগন্তুক বিত্তীয় বৰ্ষত দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ নিম্নগামী হ’লেও ক্ৰয়ক্ষমতাৰ হিচাপত ভাৰত এতিয়াও বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ আছে৷ আনহাতে বিনিময়ৰ হাৰৰ দিশৰ পৰা ভাৰতৰ স্থান বিশ্বত পঞ্চম৷ মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰা সত্ত্বেও আগন্তুক বিত্তীয় বৰ্ষত ভাৰতলৈ বিদেশী বিনিয়োগ অহাৰ সম্ভাৱনা উজ্জ্বল বুলি সমীক্ষাত কোৱা হৈছে৷ অৱশ্যে মোদী চৰকাৰৰ বিত্তমন্ত্ৰী সীতাৰমণে স্বীকাৰ কৰিছে যে দেশত মূল্যবৃদ্ধিৰ যি আঘাত চলি আছে সেয়া দীৰ্ঘস্থায়ী হোৱা নিশ্চিত৷ অৰ্থাৎ অহা এবছৰৰ ভিতৰত দেশৰ পৰা মূল্যবৃদ্ধিৰ সমস্যা দূৰ কৰাৰ কোনো বিকল্প চৰকাৰৰ হাতত নথকা বুলিয়েই সমীক্ষাত উল্লেখ কৰা হৈছে৷

ইপিনে, কাইলৈ অৰ্থা এক ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব৷ কিয়নো ২০২৪ চনৰ এপ্ৰিল-মে’ত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেইবাবেই মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে ‘ভোট অন একাউণ্ট’হে দাখিল কৰিব পাৰিব৷ অৰ্থনীতিবিদৰ ধাৰণা এইবাৰৰ বাজেটত আগন্তুক সাধাৰণ নিৰ্বাচনক লক্ষ্য কৰি মোদী চৰকাৰে মধ্যবিত্ত আৰু দৰিদ্ৰৰ উপযোগীকৈ বাজেট দাখিল কৰিব৷ মধ্যবিত্তক পোনপটীয়াকৈ বাজেটৰ জৰিয়তে দিব পৰা বিশেষ কোনো বিকল্প নাথাকে৷ ঘাইকৈ তৈলজাত সামগ্ৰী আৰু সুৰাৰ বাহিৰে সকলো সামগ্ৰীৰ মূল্য সম্প্ৰতি জিএছটিৰ দ্বাৰা নিৰ্ধাৰণ হোৱাৰ ফলত কোনো পণ্যৰ মূল্য হ্ৰাস কৰি মধ্যবিত্ত আৰু দৰিদ্ৰক বাজেটৰ জৰিয়তে সকাহ দিয়াৰ সুযোগ নাথাকে৷ সেয়ে অৰ্থনীতিবিদৰ ধাৰণা, এইবাৰৰ সাধাৰণ বাজেটত লোকসভাৰ নিৰ্বাচনক লক্ষ্য কৰি লৈ মধ্যবিত্তক সকাহ দিয়াৰ বাবে নিৰ্মলা সীতাৰমণে আয়কৰ হ্ৰাস কৰিব পাৰে৷