Logo
image

১০জন যক্ষ্মা ৰোগীৰ সমস্ত দায়িত্ব ল’লে ৰাজ্যপালে

আমাৰ অসম, ১ ফেব্ৰুৱাৰী:  কেন্দ্ৰীয় চৰকাৰৰ নিক্ষয় মিত্ৰ অভিযানৰ অংশ ৰূপে ১০জন যক্ষ্মা ৰোগীক দত্তক লৈ মহানুভৱতাৰ পৰিচয় দিছে অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে৷ ৰাজ্যপালে দুখীয়া যক্ষ্মা ৰোগী কেইজনক ছমাহৰ বাবে পুষ্টি আৰু চিকিৎসা সম্পৰ্কীয় প্ৰয়োজনীয় যতন ল’ব৷ সেই অনুসৰি সোমবাৰে ৰাজ্যপালে যক্ষ্মাৰোগী কেইজনৰ বাবে পুষ্টিকৰ খাদ্যৰ টোপোলা স্বাস্থ্য বিষয়াৰ দ্বাৰা প্ৰেৰণৰ বাবে বিতৰণ কৰে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ টি বি অৰ্থাৎ যক্ষ্মামুক্ত ভাৰত অভিযান নিক্ষয় মিত্ৰৰ অধীনত যিকোনো ব্যক্তি তথা সংস্থাই দুখীয়া যক্ষ্মাৰোগীক ছমাহৰ বাবে দত্তক ল’ব পাৰে৷ উক্ত ৰোগীসকলৰ পুষ্টি আৰু চিকিৎসাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে মানৱদৰদী ব্যক্তি তথা সংস্থাই৷ লক্ষণীয়ভাৱে দুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো চৰকাৰী কৰ্মচাৰীসকলক ঘৰৰ কাষৰ দৰিদ্ৰ যক্ষ্মাকে ধৰি আন আন ৰোগত আক্ৰান্ত ৰোগীক স্বেচ্ছাই চিকিৎসা সেৱা আগবঢ়াবলৈ আহ্ৱান জনাইছিল৷ মুখ্যমন্ত্ৰীৰ এই আহ্ৱানৰ দুদিনৰ পাছতেই ৰাজ্যপাল মুখিক প্ৰধানমন্ত্ৰীৰ নিক্ষয় মিত্ৰ অভিযানৰ অধীনত ১০ জন যক্ষ্মাৰোগীক দত্তক লোৱা দেখা গ’ল৷ এই উদ্দেশ্যে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাজ্যপাল জগদীশ মুখিয়ে সৰ্বসাধাৰণ ৰাইজে চৰকাৰী কাৰ্যসূচীক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাত সদায় সহায় কৰি আহিছে বুলি মন্তব্য কৰি টিবি নিৰ্মূলকৰণৰ অভিযানতো সফলতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷