Logo
image

চতুৰ্থ মৃত্যুবাৰ্ষিকীত স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাক সশ্ৰদ্ধ স্মৰণ

আমাৰ অসম, ১ ফেব্ৰুৱাৰী:  বিশিষ্ট সমাজকৰ্মী, বৰপেটাৰোডৰ সু-সন্তান, ‘আমাৰ অসম’ আৰু ‘পূৰ্বাঞ্চল প্ৰহৰী’ কাকতৰ প্ৰকাশন গোষ্ঠী জিএল পাব্লিকেশ্বনছৰ প্ৰয়াত স্বত্বাধিকাৰী তথা অধ্যক্ষ আৰু পৰিচালন সঞ্চালক জিএল আগৰৱালাৰ আজি চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন কৰা হয়৷ জিএল আগৰৱালা নামটোৱেই যাৰ পৰিচয়৷ সঁচাকৈয়ে অসমৰ সংবাদ জগত আৰু সমাজ জীৱনত জি এল আগৰৱালা এটি অতি সন্মানীয় নাম৷ অসমৰ সংবাদ মাধ্যম-বাণিজ্য ব্যৱসায়-সমাজ-ভাষা- সাহিত্য-সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত আমি সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব জি এল আগৰৱালাৰ নিঃস্বাৰ্থ সমাজসেৱাৰ কথা৷ তেখেতৰ কৰ্মৰ প্ৰতি স্পৃহা, অসমৰ সমাজখনৰ উন্নতিৰ বাবে কৰা অক্লান্ত পৰিশ্ৰম, চিন্তাশীল ধ্যান-ধাৰণা- সৃষ্টিশীল কৰ্ম চিন্তাশক্তিৰ প্ৰাচুৰ্যতাৰে পৰিপুষ্ট হৈ অসমীয়া সমাজখনত দোপতদোপে উন্নতিৰ জখলাত আগুৱাই যোৱাৰ ক্ষেত্ৰত যি মনোবল তথা কৰ্মৰ ধাৰাবাহিক গতি তাক আমি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিবলগীয়া বিষয়৷ বৰপেটাৰোড সাহিত্য সভা ভৱনত বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন কৰা হয়৷ সেই উপলক্ষে এখন স্মৃতিচৰণ সভাৰো আয়োজন কৰা হয়৷ জি এল আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে৷ তেওঁ ভাষণত কয়– ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা জিএল আগৰৱালাৰ প্ৰতিমূৰ্তি অতি সোনকালেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব৷ স্মৃতিচাৰণ সভাত বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস, বৰপেটাৰোডৰ জিএল আগৰৱালাৰ পৰিয়ালৰ হৈ ৰঞ্জিত আগৰৱালা, মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি লক্ষীকান্ত মহেশ্বৰী, বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হিমাংশু ভৰালী, বৰপেটাৰোডৰ ‘আমাৰ অসম’ৰ সংবাদদাতা অঞ্জন জ্যোতি নাথৰ উপৰি বৰপেটাৰোড প্ৰেছ ক্লাব, অম্বিকাগিৰী সংঘ, বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, আঞ্চলিক মহিলা সমিতি, শংকৰ-মাধৱ কলাকৃষ্টি বিকাশ সংঘ, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা, বৰপেটাৰোড শিল্পী সমাজ, সাংস্কৃতিক গোষ্ঠী, অনুভূতি, অনিল মোজাম্মিল সংঘ, যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থা, বৃহত্তৰ মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন, লায়ন্স ক্লাব, পতঞ্জলি, কল্যাণ আশ্ৰম, পৌৰ ব্যৱসায়ী সন্থা, বৃহত্তৰ বৰপেটাৰোড সাস্কৃতিক আৰু সমাজ কল্যানৰ প্ৰতিনিধি তথা কৰ্মীসকল উপস্থিত থাকে৷ বৃহত্তৰ ‘আমাৰ অসম’ পৰিয়ালৰ তৰফৰ পৰাও স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷