Logo
image

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবেই অসমত বিদ্যুৎ মাচুল বৃদ্ধি

আমাৰ অসম, ১ ফেব্ৰুৱাৰীপুনৰ বিদ্যুৎ মাচুল বৃদ্ধিত ৰাজ্যবাসী ক্ষুব্ধ৷ তাৰ মাজতে বিদ্যুৎ মাচুল বৃদ্ধিৰ আজৱ সূত্ৰ আৱিস্কাৰ কৰিলে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই৷ মন্ত্ৰী গাৰ্লোচাই দাবী কৰা মতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবেই বাঢ়িছে বিদ্যুৎ মাচুল৷ তেওঁ কয়–ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে অসমত বিদ্যুৎ মাচুল বৃদ্ধি হৈছে৷ দেশ দুখনৰ মাজত হোৱা যুদ্ধৰ প্ৰভাৱ আন দেশত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে পৰিছে৷ ইয়াৰ ফলতেই ইন্ধনৰ দাম বৃদ্ধি পাইছে৷ ইন্ধনৰ মূল্যবৃদ্ধি পোৱা বাবে বৃদ্ধি কৰিব লগা হৈছে বিদ্যুৎ মাচুল৷ উল্লেখ্য, কাইলৈ পহিলা ফেব্ৰুৱাৰীৰ পৰা পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল৷ পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মাচুলৰ বিপৰীতে ৫০ পইচাকৈ মাচুল বৃদ্ধি পাব৷ আগন্তুক দুমাহৰ বাবে এই মাচুল বৃদ্ধি কৰিছে এপিডিচি এলে৷ ইন্ধনৰ মূল্য বৃদ্ধিৰ [এফ পি পি এ] দোহাই দি এ পি ডি চি এলে প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে চৰকাৰলৈ ইতিপূৰ্বে প্ৰেৰণ কৰা প্ৰস্তাৱত ইতিমধ্যে সেউজ  সংকেত দিছে দিছপুৰে৷ উল্লেখ্য, এ পি ডি চি এলে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি চলিত বিত্তীয় বৰ্ষত তিনিবাৰকৈ মাচুল বৃদ্ধি কৰাৰ পাছত ফেব্ৰুৱাৰী দুমাহৰ বাবে চতুৰ্থ বাৰলৈ প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে এ পি ডি চি এলে দুবাৰ প্ৰতি ইউনিটৰ বিপৰীতে ৩০ পইচাকৈ আৰু এবাৰ ৬০ পইচাকৈ মাচুল বৃদ্ধি কৰিছিল৷ আনহাতে আগন্তুক বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২৩-২৪ বৰ্ষৰ বাবেও এ পি ডি চি এলে ৰাজহ ঘাটিত দোহাই দি বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ১.৮০ টকাকৈ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগক প্ৰস্তাৱ দাখিল কৰিছে৷ নিয়ামক আয়োগে শীঘ্ৰে ৰাজহুৱা শুনানি গ্ৰহণ কৰি মাচুল বৃদ্ধিৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ আগন্তুক বিত্তীয় বৰ্ষৰ  এপ্ৰিলৰ পৰাই এ পি ডি চি এলে বাৰ্ষিক প্ৰস্তাৱিত নিৰিখৰ উপৰি ইন্ধনৰ মূল্য বৃদ্ধিৰ নামতো অতিৰিক্ত মাচুল বৃদ্ধি কৰি উপভোক্তাক যে মাধমাৰ সোধাব সেয়া নিশ্চিত৷ উল্লেখ্য, অসম চৰকাৰে উত্তৰ প্ৰদেশৰ ঘাটামপুৰৰ নিৰ্মীয়মান ৪০০ মেগাৱাট বিদ্যুৎ প্ৰকল্পত ২০ শতাংশ অংশীদাৰৰ বাবে বিনিয়োগ কৰাৰ সিদ্ধান্ত লয়৷ উক্ত প্ৰকল্পৰ বাবে এহাজাৰ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হয় অসম চৰকাৰৰ শেহতীয়া কেবিনেটত৷ উল্লেখ্য, উক্ত প্ৰকল্পত ভাৰত চৰকাৰৰ ৫১  শতাংশ আৰু উত্তৰ প্ৰদেশৰ ৪৯ শতাংশ অংশীদাৰিত্ব আছিল৷ উত্তৰ প্ৰদেশৰ ৪৯  শতাংশৰ পৰা অসম চৰকাৰক ২০ শতাংশ অংশীদাৰিত্বৰ বাবে বিনিয়োগ কৰাৰ সুবিধা দিছে ৰাজ্যখনে৷ এই বিনিয়োগৰ ফলত অসমৰ বিদ্যুৎ ঘাটিৰ সমস্যা নাইকীয়া হ’ব বুলি মত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷