Logo
image

থাইৰয়েডত সুফল পাবলৈ এইখিনি কৰক

থাইৰয়েড হ’ল শৰীৰৰ এক বিশেষ গ্ৰন্থী৷ এই গ্ৰন্থীৰ কাম হ’ল শৰীৰৰ কিছু অত্যাৱশ্যকীয় হৰমন উৎপাদন কৰা৷ শৰীৰত থাইৰয়েড হৰমনৰ এটা নিৰ্দিষ্ট মাত্ৰা আছে৷ এই নিৰ্দিষ্ট মাত্ৰাৰ তাৰতম্য হ’লেই সমস্যাৰ সৃষ্টি হয়৷ গোটেই শৰীৰতে ইয়াৰ প্ৰভাৱ পৰে৷ থাইৰয়েডত আক্ৰান্ত হ’লে বিষণ্ণতা, ওজন বৃদ্ধি, ক্লান্তি, শৰীৰৰ তাপমাত্ৰা হ্ৰাস পোৱা, চুলি পকা, দুৰ্বল যেন অনুভৱ হয়৷ 

⬛ থাইৰয়েড হ’লে কি কৰিব?

⬛ থাইৰয়েডজনিত সমস্যাৰ সৃষ্টি হ’লে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ মতে স্বাস্থ্য পৰীক্ষা আৰু যাৱতীয় ব্যৱস্থা ল’ব লাগে৷ ঘৰতেই শৰীৰৰ তাপমাত্ৰা মাজে মাজে পৰীক্ষা কৰিব লাগে৷ 

⬛ প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব লাগে৷ পানী যথোচিতভাৱে সেৱন কৰিলে থাইৰয়েড নিয়ন্ত্ৰণত থাকে৷ শৰীৰত পানীৰ পৰিমাণ হ্ৰাস পাবলৈ দিব নালাগে৷

⬛ ছেলেনিয়াম, টাইৰোছিন আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে৷ তদুপৰি থাইৰয়েডত আক্ৰান্ত হ’লে ভিটামিন ‘বি’ যুক্ত খাদ্য উত্তম৷

⬛ থাইৰয়েড ৰোগীৰ বাবে ৭-৮ ঘণ্টা টোপনিৰ আৱশ্যক৷ টোপনি কম হ’লে আক্ৰান্তজনৰ দুৰ্বল অনুভৱ বেছিকৈ হয়৷ 

⬛ থাইৰয়েড হ’লে এইখিনি এৰাই চলক

⬛ থাইৰয়েডজনিত সমস্যাৰ সৃষ্টি হ’লে ধুমপান আৰু সুৰাপানৰ পৰা আঁতৰি থাকিব লাগে৷

⬛ চৰ্বি, প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেটযুক্ত খাদ্য কমাই খাব লাগে৷

⬛ চেনি আৰু কেফেইনযুক্ত দ্ৰব্য পৰিহাৰ কৰিব লাগে৷ অতিৰিক্ত কেফেইন থকা খাদ্য খালে পিটুইটাৰি গ্ৰন্থীৰ দ্বাৰা উৎপাদিত টিএছএইছৰ মাত্ৰা তাৰতম্য হয়৷

⬛ থাইৰয়েডত আক্ৰান্ত হ’লে ব্ৰ’কলি, বন্ধাকবি, ফুলকবি খোৱাৰ পৰা বিৰত থাকিব লাগে৷ দুগ্ধজাত খাদ্যও থাইৰয়েডত আক্ৰান্ত লোকৰ বাবে  ভাল নহয়৷ সেয়েহে গাখীৰ, মাখন, চিজৰ দৰে খাদ্য খোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকিব নোৱাৰিলেও কম পৰিমাণেহে গ্ৰহণ কৰিব লাগে৷