Logo
image

বাজেট ২০২৩-২৪ : নিৰ্মলাৰ বাজেটত কি কি সামগ্ৰীৰ দাম কমিল, কি কি সামগ্ৰীৰ দাম বাঢ়িল?

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। বাজেট দাখিল কৰাৰ পাছত কেইবাবিধো সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ লগতে কিছু সামগ্ৰীৰ দাম হ্ৰাস পাব । 

নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ পাছত  প্লেটিনাম, সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি হ'ব। বাজেটৰ পাছতেই ছিলভাৰৰ বাচন বৰ্তন, চিগাৰেট, অলংকাৰ আদিৰ মূল্যও বৃদ্ধি পাব।ধপাত সামগ্ৰী আৰু বিদেশৰ পৰা আমদানি কৰা ৰূপৰ মূল্য বৃদ্ধি পাব এই বাজেটৰ পাছত।

ইয়াৰোপৰি, দাম কমিব চাইকেলৰ। খেলৰ সামগ্ৰীৰো দাম হ্ৰাস হ'ব। মোবাইল কেমেৰাৰ লেঞ্চ, ইলেক্ট্ৰনিক সামগ্ৰী, টেলিভিছনৰ সামগ্ৰীৰো দাম হ্ৰাস হ'ব। একেদৰে হ্ৰাস পাব চিমনী, কাপোৰৰ দাম।