Logo
image

মধ্যবিত্তক সামান্য সকাহঃ নিৰ্মলাৰ নিৰ্বাচনমুখী ‘সপ্তৰ্ষি’ বাজেটত ২.৬৬ লাখ কোটি টকাৰ ঘাটি

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ সুৰা আৰু পেট্ৰ’লজাত সামগ্ৰীৰ বাহিৰে দেশৰ নাগৰিকৰ প্ৰয়োজনীয় সকলো সামগ্ৰীৰ মূল্য এতিয়া পণ্য আৰু সেৱা কৰৰ অৰ্থাৎ জি এছ টিৰ দ্বাৰা নিৰ্ধাৰণ হোৱাৰ ফলত সাধাৰণ বাজেটৰ জৰিয়তে দেশৰ মধ্যবিত্ত তথা উচ্ছ মধ্যবিত্তক সকাহ প্ৰদানৰ বিকল্প কেন্দ্ৰীয় চৰকাৰৰ হাতত তেনেই সীমিত৷ তেনে পৰিস্থিতিৰত যি পথেৰে বাট বুলিলে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ ভোটাৰক জনদৰদী বুলি পতিয়ন নিয়াব পাৰে, সেই পথেৰেই আগবাঢ়ি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ দেশৰ মধ্যবিত্তক সন্তুষ্ট কৰিব পৰা একমাত্ৰ বিকল্প ব্যৱহাৰ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশবাসীক আয়কৰ ৰেহাই দিলে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যৰ্কালৰ অন্তিম সাধাৰণ বাজেটত৷ সেই অনুসৰি এতিয়াৰ পৰা আয়কৰ  ৰেহাইৰ সীমা পূৰ্বৰ ৫ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে৷ নতুন আয়কৰ অনুসৰি বছৰি ৩ লাখ টকা উপাৰ্জন পৰ্যন্ত আয়কৰ শূন্য৷ পূৰ্বে সেই পৰিমাণ আছিল ২.৫ লাখ৷ বাৰ্ষিক উপাৰ্জন ৩-৬ লাখ টকালৈ ৫ শতাংশ, ৬-৯ লাখ টকালৈ ১০ শতাংশ, ৯-১২ লাখ টকালৈ ১৫ শতাংশ, ১২-১৫ লাখ টকালৈ ২০ শতাংশ আৰু ১৫ লাখ টকাৰ অধিক ৩০ শতাংশ৷ আনহাতে, ৩ লাখ টকাৰ পৰা ৭ লাখ টকাপৰ্যন্ত উপাৰ্জনত বিভিন্ন বিকল্প যেনে জীৱন বীমা, স্বাস্থ্য বীমা, স্কুল মাছুল, শিক্ষা ঋণকে ধৰি যি সুযোগ আছে সেয়া দাখিল কৰি আয়কৰদাতাই ৰেহাই লাভ কৰিব৷
কোৱা বাহুল্য মাথোঁ, ২০১৯ চনৰ অন্তৰ্ৱৰ্তী বাজেটতো  মোদী চৰকাৰে আয়কৰৰ ঊধবৰ্সীমা বৃদ্ধি কৰিছিল৷ এইবাৰো নেপথ্যত ৰাজনৈতিক পৰিকল্পনা লৈ একেই পথেৰে আগবাঢ়িল নিৰ্মলা সীতাৰমণ৷ কিয়নো বিগত ৩ খন সাধাৰণ বাজেটত আয়কৰৰ ঢাপৰ ক্ষেত্ৰত কোনো সালসলনি ঘটোৱা হোৱা নাছিল৷ সেই অনুসৰি এই বাজেটেৰে নিৰ্মলা সীতাৰমণে মোদী চৰকাৰক ২০২৪ চনৰ নিৰ্বাচনলৈকে ৰঙা দলিচা পাৰি দিয়া বুলি চৰ্চা হৈছে৷ কিয়নো সাধাৰণ নিৰ্বাচনত মোদী চৰকাৰৰ মূল ভৰসা হৈছে চাকৰিজীৱী মধ্যবিত্ত৷ তেওঁলোকক সুখী কৰিব পাৰিলেই ইভিএমৰ ভিতৰত বিজেপিৰ প্ৰতীকেৰে ভৰি পৰাটো বাস্তৱ সত্য৷ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা অন্তৰ্ৱৰ্তী বাজেটত সকলো বিধি উলংঘা কৰি  আয়কৰ ৰেহাইৰ সৰ্বোচ্ছ সীমা ৫ লাখকৈ বৃদ্ধি  কৰি লোকসভা নিৰ্বাচনত ৩০৩ খন আসন লাভ কৰিছিল বিজেপিয়ে৷ অথচ মোদী ঢৌ তুংগত থাকোতে ২০১৪ চনত লাভ কৰিছিল ২৮২ খন আসন৷ সেয়ে এইবাৰ চাকৰিজীৱী ভোটাৰক সন্তুষ্ট ৰখাৰ পথেৰেই আগবাঢ়িল নিৰ্মলা সীতাৰমণ৷
নিৰ্মলা সীতাৰমণৰ পঞ্চম আৰু মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ শেষ পূৰ্ণাংগ বাজেটত ‘সপ্তৰ্ষি’ বা ৭ টা মূল বিষয়ত অগ্ৰাধিকাৰ দিয়া হৈছে৷ সেয়া হৈছে সামগ্ৰিক উন্নয়ন, চূড়ান্ত লক্ষ্যত উপনীত হোৱা, আন্তঃগাঁথনি উন্নয়ন, সৰ্বোচ্ছ সেউজ উন্নয়ন, যুৱ শক্তি আৰু বিত্তীয় খণ্ডৰ উন্নয়ন৷
এইবাৰৰ সাধাৰণ বাজেটত দীৰ্ঘকালীন মূলধনী ব্যয় বৃদ্ধি কৰা হৈছে ১০ লাখ কোটি টকা৷ মূলধনী ব্যয়ৰ এই পৰিমাণ বিগত বৰ্ষৰ বাজেটৰ তুলনাত ৩৩ শতাংশ বৃদ্ধি কৰা হৈছে৷ ২০২-২৩ বৰ্ষৰক বাজেটত মূলধনী ব্যয় বৃদ্ধি আছিল ৭.৫ লাখ কোটি টকা৷ এইবাৰৰ বাজেটত মুঠ ব্যয় হ’ব ৪৫,০৩,০৯৭ কোটি টকা৷ চৰকাৰে আদায় কৰিবলগীয়া ৰাজহৰ তুলনাত এই ব্যয় ৫.৯ শতাংশ অধিক৷ অৰ্থাৎ চৰকাৰৰ বিত্তীয় ঘাটি হ’ব ২,৬৫,৬৮২ কোটি টকা৷ বিগত বছৰ বিত্তীয় ঘাটি আছিল ৬.৪ শতাংশ৷ ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰৰ বিভিন্ন শিতানত ধাৰ্য কৰা মুলধনী ব্যয় হৈছঃ সুদ ১০,৭৯৯৭১, পৰিবহণ ৫,১৭,০৩৪, প্ৰতিৰক্ষা ৪,৩২,৭২০, প্ৰধান ৰাজসাহায্য ৩,৭৪,৭০৭, ৰাজ্যলৈ আৱণ্টন ৩,২৪,৬৪১, গ্ৰাম্য উন্নয়ন ২,৩৮,২০৪, পেঞ্চন ২,৩৪,৩৫৯, কৰ প্ৰশাসন ১,৯৪,৭৪৯, গৃহ পৰিক্ৰমা ১,৩৪,৯১৭, শিক্ষা ১,১২,৮৯৯, শক্তি ৯৪,৯১৫, তথ্য আৰু প্ৰযুক্তি ৯৩,৪৭৮, স্বাস্থ্য ৮৮,৯৫৬, কৃষি ৮৪,২১৪, চহৰ উন্নয়ন ৭৬,৪৩২, কেন্দ্ৰীয়শাসিত প্ৰদেশ ৬১,১১৮, পিএম কিষাণ ৬০,০০০, সমাজ কল্যাণ ৫৫,০৮০, বাণিজ্য আৰু উদ্যোগ ৪৮,১৬৯, বিজ্ঞান ৩২,২২৫, বৈদেশিক পৰিক্ৰমা ১৮,০৫০, বিত্ত ১৩,৫৭৪, পৰিকল্পনা আৰু পৰিসংখ্যা ৬,২৬৮, ড’নাৰ ৫,৮৯২ আৰু অন্যান্য ৰ,২০,৫২৪ (সকলো কোটি) টকা৷
ইপিনে, ভাৰতীয় ৰে’ল বিভাগৰ বাবে এইবাৰৰ বাজেটত ২.৪ লাখ কোটি টকা ধাৰ্য কৰা হৈছে৷ ২০১৩-১৪ চনৰ তুলনাত ৰে’ল বাজেট বৃদ্ধি কৰা হ’ল ৯ গুণ৷ তাৎপৰ্যপূৰ্ণ এয়াই যে ৰে’ল বিভাগৰ বাজেটৰ ইতিহাসৰ পুঁজি আবণ্টনৰ ক্ষেত্ৰত ই সৰ্বোচ্ছ৷ আনহাতে, প্ৰতিৰক্ষা বিভাগত ৫ লাখ ৯৪ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে সীতাৰমণৰ বাজেটত৷ চীনৰ সৈতে সীমান্তত সংঘাত অব্যাহত থকাৰ সময়ত এইবাৰ পূৰ্বৰ বাজেটতকৈ প্ৰতিৰক্ষাত ৫৫ হাজাৰ কোটি টকা বৃদ্ধি কৰা হৈছে৷ ইয়াৰে ১ লাখ ৬২ হাজাৰ কোটি টকাৰে ক্ৰয় কৰা হ’ব নতুন যুদ্ধাস্ত্ৰ, যুদ্ধ বিমান, যুদ্ধ জাহাজ৷ একেদৰে নিৰ্বাচনক লক্ষ্য কৰিয়েই কৃষি আৰু কৃষক উন্নয়নত পূৰ্বৰ তুলনাত ব্যয় বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে৷ বিত্তমন্ত্ৰীৰ বাজেট দাখিলৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ক’লে– এই বাজেটে উন্নত ভাৰত গঢ়ি তোলাৰ বাবে শক্তিশালী ভেটি গঢ়ি দিছে৷ এইবাৰৰ বাজেটে দৰিদ্ৰ, মধ্যবিত্ত, কৃষকসহ সমাজৰ সকলো স্তৰৰ লোকৰ স্বপ্ন পূৰণ কৰিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক প্ৰশংসা কৰে৷