Logo
image

বাজেটত গুৰুত্বহীন অসম, উত্তৰ-পূবৰ বাবে সুকীয়া আঁচনি নাইঃ সীতাৰমণৰ আক্ষেপ

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেটত কাৰ্যতঃ গুৰুত্বহীন হ’ল অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল৷ সাধাৰণতে কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া আঁচনি, পেকেজ বা প্ৰকল্প সন্নিৱিষ্ট হয় যদিও এইবাৰ কিন্তু ইয়াৰ ব্যতিক্ৰম ঘটিল৷ নিৰ্মলা সীতাৰমনৰ বাজেটত উপেক্ষিত হ’ল মোদীৰ বহুচৰ্চিত ‘অষ্টলক্ষ্মী’৷ এই কথা নিজমুখেই স্বীকাৰ কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ ইয়াৰ বাবে কাৰ্যতঃ আক্ষেপো কৰিলে সীতাৰমণে৷ উল্লেখ্য, নিজৰ বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে তেওঁ বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া কোনো আঁচনি কিম্বা প্ৰকল্পৰ দিহা প্ৰদান কৰিব নোৱাৰিলে৷ তদুপৰি, সামগ্ৰিকভাৱে সাধাৰণ বাজেটত যিদৰে পুঁজিৰ আবণ্টন বৃদ্ধি কৰা হৈছে ঠিক সেইদৰেই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাজেট আবণ্টন কৰাৰ ক্ষেত্ৰতো বিত্তমন্ত্ৰীগৰাকীয়ে পুঁজিৰ আবণ্টন যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ ২০২৩-২৪ বিত্তীয় বৰ্ষত অঞ্চলটোৰ বাবে ধাৰ্য কৰা হৈছে সৰ্বমুঠ ৯৪, ৬৭৯.৫৩ কোটি টকা৷ যোৱা বিত্তীয় বাজেটত অৰ্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সীতাৰমনে ধাৰ্য কৰিছিল ৭৬,০৪০.০৭ কোটি টকা৷ ১৮, ৬৩৯.৪৬ কোটি টকা বৃদ্ধি পাই বাজেট বৃদ্ধিৰ হাৰ হৈছে ২৪.৫১ শতাংশ৷ লক্ষণীয়ভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উৎসৰ্গিত ড’নাৰ মন্ত্ৰণালয়ৰ বাবেও ধাৰ্য কৰা পুঁজিৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ মন্ত্ৰণালয়টোৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত ধাৰ্য কৰা হৈছে ৫,৮৯২ কোটি টকা৷ যোৱা বিত্তীয় বাজেটত ড’নাৰৰ বাবে ধাৰ্য কৰা হৈছিল ২,৮০০ কোটি টকা৷ বৃদ্ধিৰ হাৰ ১১০.৪২ শতাংশ৷ লক্ষণীয়ভাৱে ইয়াৰ অন্যতম কাৰণ হৈছে এইবাৰ ড’নাৰ মন্ত্ৰণালয়ৰ বাজেটত আছুতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উৎসৰ্গিত পি এম ডিভাইন উন্নয়নমূলক আঁচনিত ২,২০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ যোৱা বছৰৰ বিত্তীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে পি এ ডিভাইন আঁচনিৰ কথা ঘোষণা কৰিছিল তথা ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটৰ পাছত ৪০০ কোটি টকা আবণ্টন কৰিছিল৷ লক্ষণীয়ভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত সাৰ্বিকভাৱে বিত্তমন্ত্ৰী সীতাৰমনে বাজেট আবণ্টন বৃদ্ধি কৰিলেও কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ বাজেট ব্যাপকভাৱে হ্ৰাস কৰাও পৰিলক্ষিত হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হৈছে জলসম্পদ বিভাগৰ বাজেট৷ যুগ যুগ ধৰি বানৰ কৰাল গ্ৰাসত বিধবস্ত অসমক সকাহ দিয়াৰ বাবে সুকীয়া কোনো আঁচনিতো দূৰৰে কথা সংশ্লিষ্ট বিভাগটোৰ বাবে যোৱা বিত্তীয় বাজেটত ধাৰ্য কৰা ৪৯২.৬০ কোটি টকাৰ পৰা এইবাৰৰ বাজেটত ২৭৪.০৩ কোটি টকালৈ হ্ৰাস কৰিছে৷ অনুৰূপভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিখণ্ড তথা কৃষক কল্যাণতো বাজেট আবণ্টন যোৱাবাৰে ধাৰ্য কৰা ১২,৩৩২,৬০ কোটি টকাতকৈ ১১,৫৫২.৩৫ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ সংখ্যালঘু পৰিক্ৰমা বিভাগৰ অধীনতো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাজেট আবণ্টন ব্যাপক হ্ৰাস কৰা পৰিলক্ষিত হৈছে৷ বিভাগটোৰ অধীনত ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰা হৈছিল ৫০২.২০ কোটি টকা৷ ২০২৩-২৪ বৰ্ষৰ বাবে ধাৰ্য কৰা হ’ল মাত্ৰ ৩০৯.৭০ কোটি টকা৷ লক্ষণীয়ভাৱে উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসৰ প্ৰকোপ হ্ৰাস পোৱাৰ সমান্তৰালকৈ অঞ্চলটোৰ গৃহ তথা আৰক্ষী বিভাগৰ বাজেটো হ্ৰাস কৰা হৈছে৷ যোৱা বিত্তীয় বাজেটত গৃহ বিভাগৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰা হৈছিল ২০০ কোটি টকা৷ এইবাৰ এই আবণ্টন হ্ৰাস কৰি কৰা হৈছে মাত্ৰ ১৭.৫১ কোটি টকা৷ একেদৰে আৰক্ষী বিভাগৰ বাবেও (মূলতঃ আৰক্ষী আধুনিকীকৰণ) যোৱা বছৰ ধাৰ্য কৰা ৯৪২.৫০ কোটি টকা এইবাৰৰ বাজেটত ৫১২.৮৪ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ তদুপৰি, বাণিজ্য, কয়লা, শ্ৰম আৰু সংস্থাপনৰ ক্ষেত্ৰতো এইবাৰৰ বাজেটত পুঁজিৰ আবণ্টন হ্ৰাস কৰা হৈছে৷ নতুনকৈ স্থাপন কৰা সমবায় বিভাগটোতো বিত্তমন্ত্ৰী সীতাৰমনে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাজেট আবণ্টন হ্ৰাস কৰা পৰিলক্ষিত হৈছে৷ যোৱাবাৰ সমবায়ত অঞ্চলটোৰ বাবে আবণ্টন কৰা হৈছিল ৭৩ কোটি টকা৷ এইবাৰ আবণ্টন কৰা হৈছে মাত্ৰ ৫.৫০ কোটি টকা৷ ইয়াৰ বিপৰীতে প্ৰতিবছৰৰ দৰে এইবাৰৰ সাধাৰণ বাজেটতো পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ-পূৰ্বাঞ্চলৰ বাজেট আবণ্টন ব্যাপক বৃদ্ধি কৰা হৈছে৷ পৰিবহণ খণ্ডত যোৱাবাৰৰ বাজেটত ধাৰ্য কৰা ১০,৫৬৫ কোটি টকাৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত বৃদ্ধি কৰা হৈছে ১৮,৫৯১.২০ কোটি টকালৈ৷ অনুৰূপভাৱে গ্ৰাম উন্নয়নত যোৱাবাৰ ধাৰ্য কৰা ৬,২৩২.৪৫ কোটি টকাৰ পৰা এইবাৰ বৃদ্ধি কৰা হৈছে ৯,২৫৭.০৮ কোটি টকালৈ৷

একেদৰে পানীয় জল আৰু অনাময়ত ৬,৬১৫.৮০ কোটি টকাৰ পৰা ৯,৬১৫.৯০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডতো বিত্তমন্ত্ৰীগৰাকীয়ে আবণ্টন কিছু বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ যোৱাবাৰ স্বাস্থ্যখণ্ডত ধাৰ্য কৰা হৈছিল ৬,২৭৯.৭৩ কোটি টকা আৰু এইবাৰ ধাৰ্য কৰা হৈছে ৬,৪৯৫.৯০ কোটি টকা৷ অঞ্চলটোৰ শিক্ষাখণ্ডতো যোৱাবাৰতৈ অধিক পুঁজিৰ আবণ্টন দিয়া হৈছে৷ স্বাক্ষৰ আৰু বিদ্যালয় শিক্ষাত এইবাৰ ধাৰ্য কৰা হৈছে ৬,৫১০.৮৮ কোটি টকা৷ যোৱাবাৰ ধাৰ্য কৰা হৈছিল ৫,৮৯৫.৩৭ কোটি টকা৷ অনুৰূপভাৱে উচ্ছ শিক্ষাত যোৱাবাৰ ধাৰ্য কৰা ৩,২৫৬.২০ কোটি টকাৰ পৰা এইবাৰ বৃদ্ধি পাইছে ৩,৭২৭.৯১ কোটি টকালৈ৷ উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগ আৰু আভ্যন্তৰীণ ব্যৱসায়তো সীতাৰমণে যোৱাবাৰতকৈ এইবাৰৰ বাজেটত পুঁজিৰ আবণ্টন যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ এইবাৰ এই শীতানত ধাৰ্য কৰা হৈছে ২, ০৯৪.৫৮ কোটি টকা৷ যোৱাবাৰ আছিল ১, ৪৮৮.০৫ কোটি টকা৷ আনহাতে, কৃষি আৰু কৃষক কল্যাণত এইবাৰৰ বাজেটত পুঁজিৰ আবণ্টন হ্ৰাস কৰা হৈছে যদিও কৃষি শিক্ষা আৰু গৱেষণাত উত্তৰ-পূৰ্বাঞ্চলৰ বাজেট বৃদ্ধি কৰা হৈছে৷ যোৱাবাৰৰ ৪৬৭.৫৮ কোটি টকাৰ পৰা বৃদ্ধি পাইছে ৫২৫.৭৯ কোটি টকা৷ লক্ষণীয়ভাৱে জনজাতি অধ্যুষিত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনতো পুঁজিৰ আবণ্টন বৃদ্ধি কৰা হৈছে৷ যোৱাবাৰৰ বাজেটত ধাৰ্য কৰা ৮৪২ কোটি টকাৰ পৰা বৃদ্ধি কৰা হৈছে ৰ,২৫৬.৪৫ কোটি টকা৷ লক্ষণীয়ভাৱে সাৰ্বিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত ধাৰ্য কৰা সৰ্বমুঠ ৯৪, ৬৭৯.৫৩ কোটি টকাৰ ভিতৰত ৰাজস্ব শিতানত ৬৯,৮৩৭.৭৩ কোটি টকা আৰু মূলধনী শীতানত ২৪, ৮৪১.৮০ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ লক্ষণীয়ভাৱে মোদী কেবিনেটত অসমক প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ অধীনতো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে যোৱাবাৰৰ বাজেটত ধাৰ্য কৰা ১১৯.৮০ কোটি টকাৰ পৰা এইবাৰৰ বাজেটত ২১২ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ অনুৰূপভাৱে মন্ত্ৰী সোণোৱালৰ আয়ুস মন্ত্ৰণালয়ৰ অধীনতো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে যোৱাবাৰৰ ১৮১.৯৭ কোটি টকাৰ পৰা ২৩০.৭৩ কোটি টকাৰ আবণ্টন বৃদ্ধি কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷ ইপিনে ২০২৩-২৪ বিত্তীয় বৰ্ষত ড’নাৰ মন্ত্ৰণালয়ৰ বাবে ধাৰ্য কৰা মুঠ ৫, ৮৯২ কোটি টকাৰ ভিতৰত উত্তৰ-পূব পৰিষদৰ বাবে ধাৰ্য কৰা হৈছে ৮০০ কোটি টকা৷ যোৱাবাৰ পৰিষদৰ বাবে ধাৰ্য কৰা হৈছিল ৭০১.৮৭ কোটি টকা৷ আনহাতে, চেণ্ট্ৰেল পুল অফ ৰিছৰ্ছেজ শিতানতো এইবাৰৰ বাজেটত যোৱাবাৰত ধাৰ্য কৰা ১,৩০৩.২৫ কোটি টকাৰ পৰা ২, ৪৯১.০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ লক্ষণীয়ভাৱে বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ বিশেষ পেকেজ হিচাপে ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেটত ১০০ কোটি টকাকৈ প্ৰদান কৰা হৈছে৷ লক্ষণীয়ভাৱে যোৱাবাৰৰ বাজেটত পৰিষদসমূহৰ বাবে বিশেষ কোনো পেকেজৰ ব্যৱস্থা নাছিল৷ আনহাতে, নৰ্থ ইষ্ট এণ্টাৰপ্ৰাইজ ডেভেলাপমেণ্ট স্কীমৰ (পূৰ্বৰ নেডফি) বাবে ৬০ কোটি, নৰ্থ ইষ্ট ৰিজিঅ’নেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচনৰ বাবে ৭.৬৭ কোটি, হেণ্ডিক্ৰাফ্‌টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট কৰ্পোৰেচনৰ বাবে আন ২ কোটি টকা ধাৰ্য কৰা হৈছে৷ আনহাতে, অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্মলা সীতাৰমণৰ সাধাৰণ বাজেটত সুকীয়াকৈ ৬০ কোটি টকা ধাৰ্য কৰা হৈছে৷ উল্লেখ্য, যোৱাবাৰৰ সাধাৰণ বাজেটত সৰ্বপ্ৰথমবাৰৰ বাবে সীতাৰমণে অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে পুঁজিৰ আবণ্টন কৰিছিল৷ উল্লেখ্য যে, আজি লোকসভাত নিজৰ বাজেট ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সীতাৰমণে সুকীয়াকৈ কোনো আঁচনি কিম্বা প্ৰকল্পৰ কথা উল্লেখ নকৰিলেও প্ৰধানমন্ত্ৰীৰ ‘সবকা সাথ সবকা বিকাশ’ৰ শ্লোগানৰ আঁত ধৰি কৃষক, নাৰী, যুৱক, পিছপৰা শ্ৰেণী, অনুসূচিত জাতি, জনজাতি, দিব্যাংগজন, সাৰ্বিকভাৱে পিছ পৰি থকা লোকৰ লগতে জম্মু-কাশ্মীৰ, লাডাখ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কথা মনত ৰাখি বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰিছে৷