Logo
image

‘নাৰায়ণপুৰ দৰ্পণ’ উন্মোচন মনোজ কুমাৰ গোস্বামীৰ: নতুন প্ৰজন্মক মাতৃভাষাৰ প্ৰতি আগ্ৰহী কৰাৰ দায়িত্ব সাহিত্য সভাৰ

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ ‘সাহিত্যত সংকট এটা অৱধাৰণা বুলি কয়৷ আচলতে ছ’চিয়েল মিডিয়াৰ ইমান আগ্ৰাসন– তাৰ মাজত লিখিত বা কথিতভাৱে থকা সাহিত্যৰ পূৰ্বৰ যি ধাৰণা সেইটো সলনি হৈছে৷ সেই পৰিৱৰ্তন আমি মানি লোৱা উচিত৷ আচলতে এইবোৰ ক্ষেত্ৰত সহায় কৰিব পাৰে অসম সাহিত্য সভা হাজাৰ হাজাৰ লোকে ভৰি পৰে অধিৱেশনস্থলী৷ বিহপুৰীয়া-নাৰায়ণপুৰ সংযোগী পথৰ দিশৰ পৰা আৰু বান্দৰদেৱা-নাৰায়ণপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দিশৰ পৰা অহা এই লোকসকলৰ উপস্থিতিয়ে অধিৱেশনস্থলী ভৰি পৰে৷ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি কুলধৰ শইকীয়াই৷ তেওঁৰ লগতে আন ৭৫ জন বিশিষ্ট লোকেও পতাকা উত্তোলন কৰে৷ ইয়াৰ পাছতে শ্বহীদ তৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি প্ৰশান্ত দত্তই৷ স্মৃতি তৰ্পণ কৰে বিহপুৰীয়াৰ স্মৃতিসূৰ্য তথা বৰেণ্য ব্যক্তি গোলোক হাজৰিকাই৷ ইয়াৰ পাছতে অধিৱেশনস্থলীৰ মূল মঞ্চত অনুষ্ঠিত হোৱা স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে আদৰণী সমতিৰ সভাপতি অমিয় কুমাৰ ভূঞা আৰু সম্পাদক মাখন তামুলীয়ে৷ কুলধৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত স্মৃতিগ্ৰন্থ ‘নাৰায়ণপুৰ দৰ্পণ’ উন্মোচন কৰে সাহিত্য অকাদেমী বঁটা প্ৰাপক, বিশিষ্ট লেখক, সাহিত্যিক, সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷ এই মঞ্চতে আজি ৩৩ খন অন্যান্য গ্ৰন্থৰ লগতে গ্ৰন্থমেলা উপ-সমিতিয়ে সম্পাদনা কৰি উলিওৱা পাঁচখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ ইয়াৰ পিছতে গ্ৰন্থমেলা মঞ্চত অনুষ্ঠিত হোৱা ‘জনপ্ৰিয় বিজ্ঞান সাহিত্য সন্মিলন’খন উদ্বোধন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দিবাকৰ চন্দ্ৰ ডেকাই৷ ইয়াত সঞ্চালক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ অৱনী কুমাৰ ভাগৱতীয়ে আৰু বিশিষ্ট অতিথি হিচাপে যোৰহাট সংমণ্ডলৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ মাণ্ডলিক সঞ্চালক ড॰ অনিল চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰে৷ বিয়লি ২.৩০ বজাত অধিৱেশনৰ মূল মঞ্চত অনুষ্ঠিত কবি সন্মিলনখন উদ্বোধন কৰে হৃদয়ৰঞ্জন দাসে৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰি আপ্লুত হৈ পৰে৷ কবি সন্মিলন সঞ্চালনা কৰে বীৰেণ পুজাৰীয়ে৷ ইয়াৰ পাছতে একেখন মঞ্চত ‘কুঁহি’ অনুষ্ঠান অনুষ্ঠিত হয়৷ শিশুৰ প্ৰতিভা বিকাশৰ বাবে সাহিত্য সভাই গ্ৰহণ কৰা এই ‘কুঁহি’ অনুষ্ঠান উদ্বোধন কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ জ্যোতি কমল হাজৰিকাই৷ দ্বিজেন নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা ‘কুঁহি’ অনুষ্ঠানত ভালেসংখ্যক প্ৰতিভা সম্পন্ন শিশুক সন্মান জনাই তেওঁলোকক উৎসাহিত কৰা হয়৷ ইফালে, বিয়লি অসম সাহিত্য সভাৰ অন্যতম কাৰ্যসূচী ‘প্ৰতিনিধি সভা’ অনুষ্ঠিত হয় মাধৱদেৱ বিশ্ববিদ্যালয়ত৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰা প্ৰতিনিধি সভা সঞ্চালনা কৰে বিদায়ী সভাপতি কুলধৰ শইকীয়াই৷ বিদায়ী সম্পাদক যাদৱ শৰ্মাই আঁত ধৰা প্ৰতিনিধি সভাত অসম সাহিত্য সভাৰ অষ্টম সংখ্যাৰ পত্ৰিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱাই৷ উল্লেখনীয় কথা যে প্ৰতিনিধি সভাত পৰমানন্দ ৰাজবংশীকে ধৰি নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ড॰ অমিয় কুমাৰ ভূঞাৰ লগতে বহুকেইজন বিশিষ্ট লোকে নিৰ্দিষ্ট সময়তকৈ অধিক সময় ভাষণ দিয়াত সভাত উপৱিষ্ট প্ৰতিনিধিসকল অতিষ্ঠ হৈ পৰে৷ ফলত সভাকক্ষৰ পৰা এজন-দুজনকৈ বহু প্ৰতিনিধি ওলাই অহাত প্ৰতিনিধি সভাত প্ৰতিনিধিৰ সংখ্যা নগন্য হৈ পৰে৷ প্ৰতিনিধিসভাত প্ৰতিনিধিসকলক তেওঁলোকৰ প্ৰশ্নসমূহ এখন কাগজত লিখিতভাৱে দিবলৈ আহ্বান জনোৱাত সকলোৱে প্ৰশ্নসমূহ জমা দিয়ে৷ প্ৰতিনিধি সভাত প্ৰথম অৱস্থাত সহস্ৰাধিক প্ৰতিনিধি সমৱেত হৈছিল যদিও বক্তাসকলে দীঘলীয়া ভাষণ ৰখাৰ বাবে গৰিষ্ঠসংখ্যক প্ৰতিনিধি অতিষ্ঠ হৈ এজন-দুজনকৈ প্ৰতিনিধি সভাৰ পৰা আঁতৰি যোৱাত প্ৰতিবেদন পাঠ কৰাৰ সময়লৈকে কেৱল দুশজনমানহে প্ৰতিনিধি উপৱিষ্ট হৈ ৰয়৷ ইফালে, নাৰায়ণপুৰ অধিৱেশনথলীত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকলৰ সলনি আদৰণী সমিতিৰ সভাপতি অমিয় ভূঞাৰ হ’ৰ্ডিং আঁৰি দিয়া আৰু এইখন প্ৰকৃততে কিমানসংখ্যক অধিৱেশন, সেই লৈ প্ৰতিনিধি সভাত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়৷ আন কেইবাটাও বিষয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিনিধি সভাত৷ নেতাৰ দীঘলীয়া ভাষণ আৰু উত্তপ্ত পৰিস্থিতিৰ বাবে প্ৰতিনিধি সভা আধাতে এৰি সভাগৃহৰ পৰা প্ৰস্থান কৰে বহু ক্ষুব্ধ প্ৰতিনিধিয়ে৷ আনহাতে, অসম সাহিত্য সভাৰ বিদায়ী কেন্দ্ৰীয় সমিতিৰ শেষৰখন বৈঠকত এতিয়াৰে পৰা সাহিত্য সভাৰ সভাপতিৰ বাবে কোনেও মনোনয়ন দিব নালাগে বুলি গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিনিধি সভাত বিৰোধিতা কৰে পৰমানন্দ ৰাজবংশীয়ে৷ ইপিনে, প্ৰতিনিধি সভাত আদৰণী ভাষণ দিয়াৰ সময়ত সভাপতি অমিয় ভূঞাই মূল প্ৰসংগৰ পৰিৱৰ্তে কোন নামঘৰত কিমান টকা দিলে, সেই সম্পৰ্কে বক্তব্য ৰখাত বহু প্ৰতিনিধি ক্ষুব্ধ হৈ পৰে৷ জিলা সভাক অৱগত নকৰাকৈ শাখাৰ উদ্যোগত অধিৱেশন নাপাতিবলৈও প্ৰতিনিধিসকলে দাবী জনায়৷ এইবাৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে কিয় চৰকাৰী প্ৰতিনিধিসকলে বিশেষ নৈমিত্তিক ছুটী লাভ নকৰিলে বুলিও বহু প্ৰতিনিধিয়ে প্ৰশ্ন কৰে৷ এই বাতৰি যুগুতোৱা পৰলৈকে সম্পাদকীয় প্ৰতিবেদন সন্দৰ্ভত তৰ্ক-বিতৰ্ক অব্যাহত আছে৷ সম্পাদকৰ ১৮ লাখ টকাৰ ভ্ৰমণ বানচক লৈও তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে বহু প্ৰতিনধিয়ে৷ ইপিনে, ২০২৫ চনত অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ’ব পাঠশালাত৷ এই সিদ্ধান্ত ইতিমধ্যে ৰাজহুৱা কৰিছে অসম সাহিত্য সভাই৷ পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে মধ্যকালীন অধিৱেশন অনুষ্ঠিত হ’ব মৰিগাঁৱৰ বাৰপূজীয়াত৷ উল্লেখ্য, বুধবাৰে বিয়লি অনুষ্ঠিত ‘ডিজিটেল সাহিত্য সন্মিলন’খনত সমন্বয়ক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ভাস্কৰ ভূঞা৷ গ্ৰন্থমেলা মঞ্চত অনুষ্ঠিত ডিজিটেল সাহিত্য সন্মিলনত সঞ্চালক হিচাপে অংশগ্ৰহণ কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই৷ গ্ৰন্থমেলা মঞ্চত অনুষ্ঠিত হোৱা ন-উদ্যোগী সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট উদ্যোগী নয়নজ্যোতি ভট্টাচাৰ্যই৷ ইয়াত বহুকেইজন ন-উদ্যোগী আৰু বিশিষ্ট উদ্যোগীয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়৷ সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা আৰু বিশিষ্ট অভিনেতা নিপন গোস্বামী সোৱৰণী সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে৷