Logo
image

কংগ্ৰেছক চেৰাই এতিয়া দেশৰ দ্বিতীয়টো ধনী দল টিএমচি

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ কংগ্ৰেছক পিছ পেলাই দেশৰ দ্বিতীয় ধনী ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে চিহ্নিত হৈছে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ৷ দেশৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ বিগত বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২১-২২ বৰ্ষৰ আয়-ব্যয়ৰ খতিয়ানৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কেন্দ্ৰৰ শাসনাধীস্থ বিজেপিয়ে ২০২১-২২ বিত্তীয় বৰ্ষত বিভিন্ন উৎসৰ পৰা ১৯১৭.১২ কোটি টকা আহৰণ কৰি আটাইতকৈ চহকী দলৰ স্বীকৃতি লাভ কৰিছে৷ এই ধনৰাশি পূৰ্বৰ বৰ্ষৰ তুলনাত ১৫৫ শতাংশ বৃদ্ধি পাইছে৷ পূৰ্বৰ বিত্তীয় বৰ্ষত বিজেপি দলৰ আয় হৈছিল ৭৫২.৩৩ কোটি টকা৷ 

বিজেপিৰ পাছতেই চহকী দলৰ তালিকাত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ৷ বিগত বিত্তীয় বৰ্ষত তৃণমূল কংগ্ৰেছে সৰ্বমুঠ ৫৪৫.৭৫ কোটি টকা উপাৰ্জন কৰে৷ অথচ ইয়াৰ পূৰ্বৰ বিত্তীয় বৰ্ষত তৃণমূলৰ আয় আছিল মাত্ৰ ৭৪.৪২ কোটি টকা৷ অৰ্থাৎ এটা বছৰৰ ব্যৱধানতে তৃণমূল কংগ্ৰেছৰ আয় ৬৩৩ শতাংশ বৃদ্ধি পায়৷ লক্ষণীয়ভাৱে দশক দশক ধৰি দেশক শাসন কৰা পুৰণি কংগ্ৰেছ দলতকৈ এতিয়া তৃণমূল কংগ্ৰেছৰ উপাৰ্জন বেছি৷ নিৰ্বাচন আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে বিগত ২০২১-২২ বিত্তীয় বৰ্ষত কংগ্ৰেছৰ উপাৰ্জন হৈছে ৫৪১.২৭ কোটি টকা৷ পূৰ্বৰ বৰ্ষৰ তুলনাত কংগ্ৰেছ দলৰ আয় মাত্ৰ ৮৯.৪ শতাংশহে বৃদ্ধি পাইছে৷ অৰ্থাৎ পূৰ্বৰ বৰ্ষত বিৰোধী ৰাজনৈতিক দলটোৰ আয় হৈছিল ২৮৫.৭৬ কোটি টকা৷ তথ্য অনুসৰি তৃণমূল কংগ্ৰেছে ২০২১-২২ বৰ্ষটোত উপাৰ্জন কৰা ৫৪৫.৭৪ কোটি টকাৰ সৰ্বোচ্ছ ৫২৮.১৪ কোটি টকাই ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে লাভ কৰিছে৷ তৃণমূলে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে লাভ কৰা চান্দা পূৰ্বৰ তুলনাত ১২ গুণলৈ বৃদ্ধি পাইছে৷ অৱশ্যে তৃণমূলে সদস্যৰ পৰা বৰঙণি হিচাপে লাভ কৰিছে ১৪.৩৬ কোটি টকা৷ বিগত বিধানসভাৰ নিৰ্বাচনত অসমৰো কেইবাটাও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তৃণমূলে নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য শিতানত খৰচ কৰিলে ২৬৮.৩৩ কোটি টকা৷ আনহাতে, ২০২১-২২ বৰ্ষত কংগ্ৰেছ দলে উপাৰ্জন কৰা ৫৪১.২৭ কোটি টকাৰ বিপৰীতে বছৰটোত খৰচ কৰিলে ৪০০.৪১ কোটি টকা৷ ইফালে, দেশৰ প্ৰধান ৮ টা ৰাজনৈতিক দলৰ ভিতৰত অন্যতম চিপিআই (এম) দলৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ উপাৰ্জন পূৰ্বৰ বৰ্ষৰ তুলনাত ১৬২.২৪ কোটি টকাকৈ হ্ৰাস পায়৷ যিটো পূৰ্বৰ বছৰত আছিল ১৭১.০৫ কোটি টকা৷ একেদৰে বিগত বিত্তীয় বৰ্ষত চি পি আই দলৰ উপাৰ্জন হৈছিল মাত্ৰ ২.৮৭ কোটি টকা৷