Logo
image

তালিকা ওলালঃ কাইলৈ হাজাৰ হাজাৰ স্বামীয়ে পিন্ধিব হেণ্ডকাফ

ডিজিটোল ডেস্কঃ কাইলৈ ৰাজ্যৰ হাজাৰ হাজাৰ স্বামীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাব অভিযান৷ বাল্য বিবাহ কৰা স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে অসম আৰক্ষী৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তালিকা প্ৰকাশ কৰিছে৷ ৰাজ্যত এই পৰ্যন্ত ৪,০০৪ জন স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷\


৩৬ খন জিলাত ৪,০০৪ জন স্বামীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷ ইয়াৰে ভিতৰত সৰ্বাধিক ধুবুৰীত ৩৭০ টা গোচৰ পঞ্জীয়ন কৰা হৈছে৷ ইয়াৰ পিছতে মৰিগাঁৱত ২২৪, কোকৰাঝাৰত ২০৪, হোজাইত ২৫৫, ওাদলগুৰিত ২৩৫ টা গোচৰ ৰুজু কৰা হৈছে৷ আনহাতে বাল্য বিবাহ সন্দৰ্ভত মাত্ৰ এটা গোচৰ ৰুজু হৈছে হাইলাকান্দিত৷



উল্লেখ্য যে কেইদিনমান পূৰ্বে হিমন্ত চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হ'ব৷ মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি ৰাজ্যত ইতিমধ্যে এক লাখ বাল্য বিবাহ সম্পন্ন হোৱাৰ তথ্যও দাঙি ধৰিছিল৷ এই তথ্য উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সকীয়নি দিছিল যে ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱা স্বামীৰ বিৰুদ্ধে  POSCO আইনৰ অধীনত শাস্তি বিহা হ'ব৷ অৰ্থাৎ বাল্য বিবাহ কৰাসকলক জে'ললৈ পঠিওৱাৰ সকীয়নি দিছিল মুখ্যমন্ত্ৰীয়ে৷ লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে বাল্য বিবাহ ৰোধ কৰিব পাৰিলে প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাব৷ ইফালে অসম আৰক্ষীয়ে বাল্য বিবাহৰ তথ্য প্ৰদানৰ বাবে যোগাযোগ কৰিবলৈ বিশেষ নম্বৰ মুকলি কৰিছে৷ ৯১৩২৬৯৯৭৩৫ নম্বৰ আৰক্ষীক বাল্য বিবাহৰ তথ্য৷