Logo
image

মৰমসনা হাঁহিৰে মাতষাৰ দিবলৈ কলিজা আইতা আৰু নাইঃ মৃত্যুৰ পূৰ্বেই আইতাই দান দি থৈ গৈছে চকুজুৰি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ প্রমোদ তালুকদাৰ মেম'ৰিয়েল অ’ল্ড এজ হোমৰ সকলোৰে মৰমৰ কলিজা আইতাৰ (সুভদ্রা দেৱী) বৃহস্পতিবাৰে মৃত্যু হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে পুৱা ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ১০৮ বছৰীয়া কলিজা আইতাই।

'কলিজা আইতা'ৰ প্ৰকৃত নাম সুভদ্ৰা দেৱী। সকলোৰে মাজত তেওঁ কলিজা আইতা ৰূপেই পৰিচিত আছিল। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল। উল্লেখ্য যে প্রমোদ তালুকদাৰ মেম'ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা এইগৰাকী আইতা বহু লোকৰে আপোন আছিল। তেওঁ মৰমলগা কথাই সকলোকে সন্মোহিত কৰিছিল। সকলো সময়তে আইতাৰ মুখত জিলিকি আছিল এটা মৰমসনা হাঁহি। বৃদ্ধাশ্ৰমখনলৈ অহা প্ৰতিজন লোককে সম্ভাষণ জনাই মৰম কৰিছিল, আশীৰ্বাদ দিছিল আইতাই। তেওঁ প্রমোদ তালুকদাৰ মেম'ৰিয়েল অ’ল্ড এজ হোমৰ অন্যতম আকর্ষণ আছিল।  বৃদ্ধাশ্ৰমলৈ অহা প্ৰতিজন লোকেই আইতাৰ মৰম-আদৰত মুগ্ধ হৈছিল।আশ্ৰমলৈ অহা লোকসকলক সম্বর্ধনা জনোৱা, জন্মদিন পালন কৰিবলৈ অহাসকলৰ জন্মদিন কেক কটা এই সকলো দায়িত্ব আছিল আইতাৰ। আটাইতকৈ আকৰ্ষণীয় আছিল আইতাৰ কথাবোৰ। তেওঁক চলিত বছৰৰ ১৯  জানুৱাৰীত বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

শাৰীৰিক অৱস্থা শোচনীয় হৈ পৰাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। জি এম চি এইচৰ চিকিৎসক- নাৰ্ছে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আইতাই। সকলোকে কন্দুৱাই গুচি গ'ল মৰমৰ কলিজা আইতা৷ উল্লেখ‍্য, চাৰি দিন পূৰ্বে আইতাৰ কনিষ্ঠ পুত্ৰই (৮৭ বছৰীয়া) জি এম চি এইচলৈ গৈ মাতৃৰ খবৰ লৈছিল। তেওঁ নিজেও শাৰীৰিকভাবে অসুস্থ আৰু চিকিৎসাৰ বাবে এমাহ ধৰি বেংগালুৰুত আছিল৷  আইতাৰ চাৰিজন ল'ৰা- ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে। ডাঙৰ ল'ৰাৰ মৃত্যুৰ পাছত তেওঁ স্ব- ইচ্ছাই এদিন আশ্ৰমলৈ আহিছিল। প্ৰথমে তেওঁ মাদাৰ বৃদ্ধাবাসত আছিল।

তেওঁক কনিষ্ঠ পুত্ৰই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও তেওঁ আশ্রমতে লগ সমনীয়া পাব বুলি এদিন আশ্ৰমলৈ গুচি আহিছিল। তেওঁ সমাজত অংগদানৰ এক সজাগতাৰ বার্তা দি যায়। তেওঁ মৃত্যুৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ই এন টি বিভাগত নেত্ৰদান কৰি যায়। তেওঁৰ নশ্বৰ দেহ হাস্পতলৰ পৰা গুৱাহাটীৰ বেলতলাৰ চাৰ্ভেৰ অজন্তাপথস্থিত প্রমোদ তালুকদাৰ মেম'ৰিয়েল অ’ল্ড এজ হোমলৈ নিয়া হয়। তাত এক শোকাকুল পৰিবেশত শেষ শ্ৰদ্ধা জনোৱা হয়। তেওঁৰ মৃত্যুত বৃদ্ধাবাসখনত শোকৰ ছা‍ঁ পৰে। বৃদ্ধাশ্ৰমৰ পৰা তেওঁৰ নশ্বৰ দেহ কনিষ্ঠ পুত্ৰৰ নিউ গুৱাহাটীৰ বাসগৃহলৈ নিয়া হয়। তাৰ পাছত নৱগ্ৰহ শ্মশানত তেওঁৰ কনিষ্ঠ পুত্ৰ কামাখ্যা চক্ৰৱৰ্তীয়ে প্রমোদ তালুকদাৰ মেম'ৰিয়েল অ’ল্ড এজ হোমৰ শীৰ্ষ বিষয়া উৎপল হৰ্ষবৰ্ধনৰ সহযোগত মুখাগ্নী কৰে। তেওঁৰ মৃত্যুত তেওঁৰ গুণমুগ্ধসকলে শোক প্ৰকাশ কৰে। তেওঁ চিকিৎসাধীন অৱস্থাত থকা সময়ত স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল। উল্লেখ‍্য, তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তৰফৰ পৰা ২০ হাজাৰ টকা হাস্পতালখনৰ উপ-অধিক্ষক ডাঃ উজ্জল কুমাৰ শৰ্মাই প্রমোদ তালুকদাৰ মেম'ৰিয়েল অ’ল্ড এজ হোমৰ শীৰ্ষ বিষয়া উৎপল হৰ্ষবৰ্ধনৰ হাতত অৰ্পন কৰে।