পৰম্পৰাগত কেন্দ্ৰীয় বাজেট
বাজেটৰ সাধাৰণ অৰ্থই হৈছে সাধাৰণ আয়-ব্যয়ৰ হিচাপ৷ এজন ব্যক্তিয়ে যদি মাহিলী ২০ হাজাৰ টকা আয় কৰে, তেন্তে তেওঁ কোন কোন শিতানত খৰচ কৰিলে ঘৰখন ভালকৈ চলিব সেই বিষয়টো গুৰুত্ব দিলেই ঘৰখনৰ যাৱতীয় খৰচেৰে চলাই নিব পাৰিব৷ যেনে মাহৰ ত্ৰিছ দিনৰ খোৱাৰ খৰচ, সন্তানৰ পঢ়াৰ খৰচ, বিদ্যুৎ-খোৱাপানীৰ খৰচ, কাপোৰ-কানিৰ খৰচ আদিত দিয়াৰ পাছত যদি ৰাহি হয়, তেন্তে আনন্দ-উৎসৱত খৰচ কৰিব পাৰিব৷ কিন্তু তাকে নকৰি যদি ব্যক্তিজনে যধে-মধে খৰচ কৰে, তেন্তে তেওঁৰ ঘৰ পৰিচালনাত বেমেজালি হ’ব৷ আজি ভাৰতৰো যেন সেই দশাই হৈছে৷ স্বাধীনতাৰ অমৃত কালত মোদী নেতৃত্বাধীন চৰকাৰে এক ফেব্ৰুৱাৰীত যিখন বাজেট দাখিল কৰিলে, সেইখন বাজেটৰ পৰা যে দেশবাসীয়ে দেখা সপোনৰ সামান্য অংশও পূৰণ নহয়, সেই কথা বাজেটৰ সাধাৰণ বক্তব্যখিনি পঢ়িলেই ধৰিব পাৰি৷
মূলধনী বিনিয়োগত ৩৩ শতাংশ বৃদ্ধিৰে ১০ লাখ কোটি টকা ধাৰ্য কৰি নিৰ্মলা সীতাৰমণে দেশৰ পৰ্যটন খণ্ডক উৎসাহিত কৰিবৰ বাবে বাজেটত গুৰুত্ব আৰোপ কৰে৷ তেওঁ পৰ্যটন খণ্ডক এক মিছন হিচাপে লৈ কাম কৰাৰ কথা ঘোষণা কৰে৷ বিত্তমন্ত্ৰীয়ে সাতটা বিষয়ত গুৰুত্ব প্ৰদান কৰি বাজেটখনক সপ্তঋষি বাজেট বুলি অভিহিত কৰে– য’ত সামগ্ৰিক উন্নয়ন, বঞ্চিতক গুৰুত্ব, বুনিয়াদী আন্তঃগাঁথনি আৰু বিনিয়োগ, ক্ষমতাৰ প্ৰসাৰতা, বিকাশৰ চূড়ান্ত লক্ষ্যত উপনীত হোৱা, যুৱ শক্তি আৰু বিত্ত খণ্ডৰ উন্নয়নত গুৰুত্ব দিছে৷ এই সপ্তঋষি লক্ষ্য কিন্তু সাধাৰণ মানুহৰ বাবে অবুজ সাঁথৰ হৈ পৰিছে৷ স্বাধীনতাৰ সময়ৰ পৰা প্ৰতিবছৰে দাখিল কৰা বাজেটসমূহৰ পৰা এই সপ্তঋষি লক্ষ্যই কিন্তু এই বাজেটক পৃথক কৰিব নোৱাৰিলে৷ ২০১৪ চনত মোদী চৰকাৰে ভাৰতৰ ‘সবকা সাথ সবকা বিকাশ’ লক্ষ্য লৈ যি ক্ষমতাত অধিষ্ঠিত হৈছিল, আজি দ্বিতীয় কাৰ্যকাল শেষ হ’বলৈ যোৱাৰ সময়তো কিন্তু সেই লক্ষ্যত চৰকাৰখন উপনীত হ’ব নোৱাৰিলে৷ বিশেষকৈ দেশৰ নিবনুৱাসকলক মোদী চৰকাৰে বাৰুকৈয়ে হতাশ কৰিলে৷ প্ৰতিবছৰে ২ কোটি নিবনুৱাক সংস্থাপন দিয়াৰ লক্ষ্যৰে আগবঢ়া চৰকাৰেখনে বিগত সাত বছৰতো ২ কোটি নিবনুৱাক চাকৰি দিব নোৱৰাৰ বাবে আজি দেশৰ জনসাধাৰণ, বিশেষকৈ যুৱকসকল হতাশ হৈ বিপথগামী হ’ব লগা হৈছে৷ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে চৰকাৰে নিজৰ দায়বদ্ধতাৰ কথা বাৰে বাৰে কয় যদিও আজিৰ তাৰিখত চৰকাৰ এইক্ষেত্ৰত চূড়ান্ত বিফল হৈছে৷ দেশৰ চহৰসমূহক স্মাৰ্ট চিটীৰূপে গঢ়ি তোলাৰ বাবে লোৱা আঁচনি বুমেৰাঙত পৰিণত হ’ল৷ প্ৰতিজন সাংসদে প্ৰতিবছৰে নিজৰ উন্নয়ন পুঁজিৰ পৰা আদৰ্শ গাঁও নিৰ্মাণ কৰাৰ কথা আছিল৷ আজি চৰকাৰখনে নিজৰ শেষৰখন পূৰ্ণাংগ বাজেটত কিন্তু এইবোৰ বিষয়ত ৰহস্যজনকভাৱে মৌন হৈ থাকিল৷ পুনৰ যদিও আন্তঃগাঁথনিৰ বাবে ১০ লাখ কোটি টকাৰ কথা ঘোষণা কৰিছে, তাৰ পাছতো ক’ব লাগিব চৰকাৰে আগতে নিৰ্মাণ কৰা আন্তঃগাঁথনিসমূহ ব্যক্তিগত মালিকৰ হাতত গতাই দিয়াৰ পাছত আৰু সেইবোৰৰ ক্ষেত্ৰত পুনৰ পুঁজি বিনিয়োগ কৰি যে দেশৰ কিবা লাভ হ’ব সেয়া সাধাৰণ মানুহৰ বাবে অবুজ সাঁথৰ হৈ পৰিছে৷
চৰকাৰে কৃষকৰ বাবে ঋণৰ পৰিমাণ বৃদ্ধি কৰি ২০ লাখ কোটি কৰিছে৷ কিন্তু যি কৃষকে ঋণৰ বোজা সহিব নোৱাৰি দৈনিক আত্মহত্যা কৰিছে সেই কৃষকৰ বাবে কৃষি আন্তঃগাঁথনিৰ বাবে আৰ্থিক সাহায্যৰহে প্ৰয়োজন আছিল; কিন্তু পুনৰ ঋণ দিয়াৰ লক্ষ্য লোৱা চৰকাৰখন যে এইক্ষেত্ৰত সংবেদনশীন নহয়, তাকেই প্ৰতীয়মান কৰিলে৷
যিখন দেশত প্ৰতি ঘণ্টাত বস্তুৰ দাম বৃদ্ধি হয়, সেইখন দেশত আৰু বাজেটত বস্তুৰ দাম হ্ৰাস-বৃদ্ধিৰ বাতৰিত দেশৰ জনতা উৎসাহিত নহয়৷ কিন্তু এটা কথা ঠিক যে এক্স-ৰে’ মেচিনৰ দৰে চিকিৎসা সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি চৰকাৰখনে সাধাৰণ জনতাৰ স্বাস্থ্যক লৈও যে সংবেদনশীল নহয়, সেইটো প্ৰমাণ কৰিছে৷
আজি স্বাধীনতাৰ ৭৫ বছৰে দেশৰ জনতাই এটা কথা বৰ আমোদজনকভাৱে লক্ষ্য কৰি আহিছে যে বাজেট দাখিল কৰাৰ লগে লগে চৰকাৰে বাজেটখনক যুগান্তকাৰী, সুদূৰপ্ৰসাৰী, জনহিতকৰ আদি আখ্যা দিয়ে আৰু বিৰোধীয়ে ইয়াক জনবিৰোধী, পুঁজিপতিৰ পদলেহনকাৰী, আশাহীন, জনতাক প্ৰতাৰণা কৰা আদি মন্তব্য দিয়ে৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক অমৃত কালৰ প্ৰথম বাজেট আৰু ই উন্নত ভাৰত গঢ়াৰ ভেটি তৈয়াৰ কৰিছে বুলি কোৱাৰ বিপৰীতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে ইয়াক অসমতা, মূল্যবৃদ্ধি দূৰ কৰা, সংস্থাপন সৃষ্টিৰ কোনো ব্যৱস্থা নথকা বাজেট বুলি কৈছে৷ ইয়াতকৈও এঢাপ আগুৱাই মমতা বেনাৰ্জীয়ে ইয়াক আশাহীন, অমাৱস্যাহে আছে বুলি কৈ তেওঁক দিলে এঘণ্টাতে ইয়াতকৈ ভাল বাজেট তৈয়াৰ কৰিব পাৰিব বুলি কয়৷ কিন্তু আজি স্বাধীনতাৰ অধিক কাল এইসকল নেতাই দেশখন শাসন কৰি আছে৷ ৰাহুল গান্ধীৰ দলটোৱে দুখীয়াৰ বাবে কি কৰিলে সেয়াও জনতাই দেখি হতাশ হৈয়ে বিজেপিক শাসনত বহুৱাইছিল৷ কিন্তু আজি বিজেপিয়ে ভাল কৰাৰ পৰিৱৰ্তে দেশক অধিক বেয়াৰ ফাললৈহে লৈ যোৱাত এতিয়া পুনৰ পুৰণি নেতাই ঠাই উলিওৱাৰ চেষ্টা কৰিছে৷ কিন্তু বাজেট দাখিলৰ পূৰ্বেই বিৰোধীয়েও বাজেটত কোনবোৰ বিষয় অন্তৰ্ভুক্ত কৰিলে দেশৰ সামগ্ৰিক উন্নয়ন হ’ব, সেই সম্পৰ্কত চৰকাৰক পৰামৰ্শ দিয়া উচিত আছিল৷ এইবাৰ যিখন বাজেট দাখিল কৰিলে, সেইখনে অসমক বাৰুকৈয়ে হতাশ কৰিছে৷ অসমৰ বাবে কোনো বৃহৎ প্ৰকল্পৰ ঘোষণা এইবাৰ বাজেটত দেখিবলৈ পোৱা নগ’ল৷
সামগ্ৰিকভাৱে বাজেটখন এখন পৰম্পৰাগত বাজেটতে সীমাবদ্ধ থকাত এইখন বাজেটৰ পৰা যে জনতাই একো নাপায়, সেইটো নিশ্চিত৷






