Logo
image

এসপ্তাহত ৬০% বজাৰ মূল্য হেৰুৱালে আদানিয়ে, এফপিঅ’ বাতিল: আদানিক লৈ সংসদ অচল

আমাৰ অসম, ৩ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ গুজৰাটী উদ্যোগপতি গৌতম আদানিৰ কৰ্প’ৰেট প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বিষয়ে সংসদত বিৰোধী ৰাজনৈতিক দলে আলোচনা কৰিবলৈ দাবী জনোৱাৰ লগে লগে মোদী চৰকাৰে সংসদৰ কাৰ্যক্ৰমণিকাই দিনটোৰ বাবে বন্ধ কৰি দিলে৷ গৌতম আদানিক সুৰক্ষা দিবলৈ মোদী চৰকাৰ কিমান বদ্ধপৰিকৰ সেই বিষয়টো চৰকাৰৰ এই কাৰ্যতে দেশবাসীৰ ওচৰত পৰিস্ফূত হৈ পৰিছে৷ গৌতম আদানিয়ে আৰু তেওঁৰ কোম্পানীয়ে বিগত এক দশক ধৰি প্ৰতাৰণাৰে ভাৰতৰ শ্বেয়াৰ বজাৰ প্ৰভাৱিত কৰি থকাৰ যি বিস্ফোৰক অভিযোগ আমেৰিকাৰ শ্বৰ্ট চেল কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে প্ৰকাশ কৰিছে আৰু যাৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ লক্ষ লক্ষ কোটি টকা লোকচান হৈছে সেই বিষয়টোক লৈ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈ বৃহস্পতিবাৰে সংসদত আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰী পক্ষ এই বিষয়টোক লৈ আলোচনাৰ বাবে সন্মত নহ’ল৷ ইয়াৰ ফলত একাধিকবাৰ উভয় সদনৰ কামকাজ স্থগিত ৰাখিবলগীয়া হ’ল৷ অৱশেষত বিৰোধী পক্ষৰ দাবী আৰু চৰকাৰী পক্ষৰ আপত্তিৰ ফলত বিষয়টো ৰাজ্যসভা আৰু লোকসভা কোনো সদনতে আলোচনা নহ’ল৷ সাধাৰণ বাজেট দাখিলৰ পৰৱৰ্তী দিনটো এনেদৰেই কোনো কাৰ্যক্ৰমণিকা নোহোৱাকৈ অতিবাহিত হ’ল উভয় সদনত৷ বিয়লি ৰাজ্যসভা আৰু লোকসভা দিনটোৰ বাবে স্থগিত ৰখা হ’ল৷ 
বৃহস্পতিবাৰে সংসদৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছ দলৰ নেতৃত্বত সকলো বিৰোধী দল একগোট হৈ এই বিষয়টো আলোচনাৰ বাবে সংসদত উত্থাপন কৰাৰ সিদ্ধান্ত লয়৷ সেইমতেই বিৰোধী দলে চৰকাৰী পক্ষক আহ্বান জনায়ো সন্মত কৰিব নোৱাৰিলে৷ ফলত আদানিৰ প্ৰতাৰণাৰ বিষয়ৰ বাবেই অচল হৈ পৰিল দেশৰ সংসদ৷ সকলো বিৰোধী ৰাজনৈতিক দলে মোদীৰ ঘনিষ্ঠ উদ্যোগপতি আদানিৰ এই প্ৰতাৰণাৰ অভিযোগ যুটীয়া সংসদীয় কমিটী অথবা উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত কৰিবলৈ দাবী জনাইছে৷ কিয়নো চৰকাৰীভাৱে তদন্ত কৰিলে সেই তদন্ত প্ৰভাৱিত হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ ইয়াৰ কাৰণ হৈছে আদানিৰ সৈতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ঘনিষ্ঠতা৷ সেয়ে বিৰোধী ৰাজনৈতিক দলে এই প্ৰতাৰণাৰ অভিযোগ যুটীয়া সংসদীয় কমিটী অথবা উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱাটো বিচাৰিছে৷ তেতিয়া সেই তদন্ত নিৰপেক্ষ হোৱাৰ সম্ভাৱনা আছে৷ পিছে বিৰোধী ৰাজনৈতিক দলৰ এই দাবী পূৰণ হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ কিয়নো ইয়াৰ পূৰ্বে ললিত মোদীৰ আই পি এল কেলেংকাৰি, নীৰৱ মোদীৰ ঋণ কেলেংকাৰি আৰু ৰাফাল চুক্তিৰ কেলেংকাৰি যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰিবলৈ আহ৩ান জনালেও মোদী চৰকাৰে সেই আহ৩ান গণ্যই নকৰিলে৷ অথচ ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰে বফৰ্ছ কেলেংকাৰি, হৰ্ষদ মেহতাৰ শ্বেয়াৰ বজাৰ কেলেংকাৰি, ২-জি কেলেংকাৰি  যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰাইছিল৷ 
ইপিনে যোৱা ২৪ জানুৱাৰীত আমেৰিকাৰ অখ্যাত এটা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে আদানি গোষ্ঠীয়ে প্ৰতাৰণাৰ জৰিয়তে ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰভাৱ বিস্তাৰ কৰি ধন লুটি থকা বুলি এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছত আদানি গোষ্ঠীৰ খহনীয়া এসপ্তাহ ধৰি অব্যাহত আছে৷ বিগত এসপ্তাহত আদানি গোষ্ঠীৰ জ্জটা বৃহৎ কোম্পানীৰ যি পৰিমাণৰ লোকচান হৈছে তাৰ ফলত আদানি গোষ্ঠীৰ ৬০ শতাংশ শ্বেয়াৰ বজাৰৰ সম্পদ অদৃশ্য হৈ গৈছে৷ যোৱা ২৪ জানুৱাৰীলৈকে বিশ্বৰ তৃতীয় চহকী ব্যক্তি হৈ থকা গৌতম আদানি বৃহস্পতিবাৰে বিশ্বৰ ১৬ নম্বৰ স্থানলৈ খহি পৰিছে৷ আদানি গোষ্ঠীয়ে একাধিক প্ৰেছ বিবৃতি জাৰি কৰি মাৰ্কিন সংস্থাটোৰ প্ৰতিবেদন ভুৱা বুলি মন্তব্য কৰিছে৷ আনকি ৪১৩ পৃষ্ঠাৰ উত্তৰ দি আদানি গোষ্ঠীয়ে আত্মপক্ষ সমৰ্থন কৰিছে৷ কিন্তু ইমানৰ পাছতো আদানি গোষ্ঠীৰ সম্পত্তিৰ খহনীয়া ৰোৱাৰ নাম নাই৷ প্ৰতিদিনেই আদানিৰ সম্পত্তি খহি গৈছে আৰু সাম্ৰাজ্যৰ পতন ঘটিছে৷ যদিহে মাৰ্কিন সংস্থাটোৰ প্ৰতিবেদনৰ বিশ্বাসযোগ্যতাই নাই তেন্তে আদানিৰ এনে অৱস্থা হৈছে কিয় সেই লৈ দেশতে নহয় সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে৷ আদানি গোষ্ঠীয়ে যে প্ৰৱঞ্চনাৰ জৰিয়তে শ্বেয়াৰ বজাৰৰ পৰা ধন লুটি আছিল সেয়া যেন ক্ৰমাৎ প্ৰতিপন্ন হ’বলৈ আগবাঢ়িছে৷ এনে বিসদৃশ পৰিস্থিতিত পৰি বুধবাৰে নিশা আকস্মিকভাৱে আদানি গোষ্ঠীয়ে শ্বেয়াৰ বজাৰত এৰি দিবলৈ লোৱা এফ পি অ’ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে৷ শ্বেয়াৰ বজাৰৰ অস্বাভাৱিক উত্থান-পতনৰ বাবেই এনে সিদ্ধান্ত লোৱা বুলি তেওঁলোকে জনাইছে আৰু বিনিয়োগকাৰীৰ পৰা আগতীয়াকৈ লোৱা ধন ঘূৰাই দিব বুলি মন্তব্য কৰিছে৷ বৃহস্পতিবাৰে আদানি গোষ্ঠীয়ে মুঠতে ২০ হাজাৰ কোটি টকাৰ এফ পি অ’ শ্বেয়াৰ বজাৰত এৰি দিয়াৰ কথা আছিল৷ বৃহস্পতিবাৰে স্বয়ং গৌতম আদানিয়ে তেওঁলোকে এই সিদ্ধান্ত কিয় ল’লে সেই বিষয়ে এটা ভিডিঅ’ মেছেজেৰে সকলোকে জনাই দিয়ে৷ সাধাৰণতে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা আদানিৰ এই পদক্ষেপ নিজ সাম্ৰাজ্য ৰক্ষাৰ বাবে লোৱা ব্যতিক্ৰমী ঘটনা হ’লেও তেওঁৰ আবেদনে নিজৰ সাম্ৰাজ্যৰ পতন ৰোধ কৰিব পৰা নাই৷ কিয়নো বৃহস্পতিবাৰেও আদানি গোষ্ঠীৰ জ্জটা ফ্লেগশ্বিপ কোম্পানীৰ পতন দেশৰ শ্বেয়াৰ বজাৰত সেই একেই অস্বাভাৱিক ৰূপত অব্যাহত আছে৷ 
ইপিনে ঋণৰ ভৰতো ডুবি থকা গৌতম আদানিৰ কোম্পানীসমূহে ভাৰতীয় বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কিমান ঋণ লৈ থৈছে সেই সন্দৰ্ভত সম্পূৰ্ণ হিচাপ দাখিল কৰিবলৈ ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে নিৰ্দেশ জাৰি কৰাৰ লগে লগে আদানি গোষ্ঠীৰ প্ৰৱঞ্চনা আৰু সাম্ৰাজ্যৰ পতনৰ ঘটনা যে ভয়ংকৰ হোৱাৰ দিশে গতি কৰিছে সেয়া অনুমান কৰা হৈছে৷ মোদী চৰকাৰে সংসদত আদানি গোষ্ঠীক ৰক্ষণাৱেক্ষণ দিবলৈ চেষ্টা চলাই থাকিলেও বিপদ যে ঘণীভূত সেয়া ৰিজাৰ্ভ বেংকৰ পদক্ষেপৰ ফলতে স্পষ্ট হৈ পৰিছে৷