Logo
image

পূৰ্বতকৈ ৬,৫০০ কোটি টকা অতিৰিক্ত পুঁজি পাব অসমে : বাজেটৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী ড॰ শৰ্মা

আমাৰ অসম, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা বাজেটখন উত্তৰ-পূবৰ বাবে এখন ভাল বাজেট৷ অসমৰ বাবে এইখন উত্তম বাজেট৷ এই বাজেটৰ ফলত অসমে পূৰ্বতকৈ ৬৫০০ কোটি টকা অতিৰিক্তভাৱে পাব–এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰা বাজেট সন্দৰ্ভত বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভবনত এখন সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই বক্তব্য আগবঢ়ায়৷ তেওঁ আৰু কয়–বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰা বাজেটখন দেশৰ অমৃত কালৰ প্ৰথম বাজেট৷ বাজেটখনত সপ্তৰ্ষি ধাৰণা উপস্থাপন কৰা হৈছে৷ ই দেশৰ সৰ্বাংগীন উন্নয়নত ইতিবাচক প্ৰভাৱ পেলাব৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে পূৰ্বৰ আকাংক্ষিত জিলাৰ ধাৰণাৰে ৫০০ ‘আকাংক্ষিত উন্নয়ন খণ্ড’ গঢ়ি তুলিব বিচাৰিছে বাজেটখনৰ জৰিয়তে৷ চৰকাৰখনৰ মূলধনী ব্যয় বৃদ্ধি পাব ১৩.৭ লাখ কোটি টকা৷ তদুপৰি দেশৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য লৈ বাজেটখনত সুদহীন ঋণ ১.৩০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ জলজীৱন মিছন আঁচনিত ৬০ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি কৰি ৭০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে বাজেটত৷ প্ৰধানমন্ত্ৰী আবাস যোজনাত পূৰ্বতকৈ প্ৰায় দুগুন ধাৰ্য কৰা হৈছে৷ বাজেটত উত্তৰ-পূবৰ বাবে ৭৮,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ অসমে পাব ৩১,৯৫০ কোটি টকা৷ পূৰ্বে অসমে লাভ কৰিছিল ২৫,৫৪০কোটি টকা৷ অৰ্থাৎ পূৰ্বতকৈ অসমে ৬,৫০০ কোটি টকা অতিৰিক্তভাৱে লাভ কৰিব শেহতীয়া বাজেটৰ জৰিয়তে৷ সুদহীন ঋণৰ পৰিমাণ পূৰ্বৰ ৰ লাখ কোটিৰ পৰা ১.৩০ লাখ কোটিলৈ বৃদ্ধি কৰাৰ ফলত অসমে ১,৫০০ কোটি টকা বেছিকৈ পাব৷ অসমৰ কাৰণে এইটো ডাঙৰ উপহাৰ৷ এইখন দুখীয়াৰ বাজেট৷ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিয়াল আয়কৰৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই পাব৷ নিম্ন মধ্যবিত্ত লোকৰ বাবে ইয়াতকৈ ভাল বাজেট হ’বই নোৱাৰে৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এনে বাজেটৰ জৰিয়তে ভাৰতে ১০০ বছৰ পূৰ্তিত বিশ্বৰ প্ৰথম ৰাষ্ট্ৰৰূপে পৰিগণিত হ’ব৷ বাজেটখনে অসমবাসীক মনোবল দিব৷ অসম চৰকাৰকো এখন ভাল বাজেট দাখিল কৰিবলৈ উৎসাহ দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ কেন্দ্ৰীয় চৰকাৰৰ দৰে অসমেও দাখিল কৰিব ‘ত্ৰিদেব’ৰ ধাৰণাৰ এখন বাজেট৷ শিক্ষা আৰু স্বনিয়োজন প্ৰাধান্য দিব চৰকাৰে৷ সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাও উপস্থিত থাকে৷