Logo
image

নতুন ডিজিপিৰ প্ৰথমটো নিৰ্দেশতে আৰক্ষীত হাহাকাৰ

আমাৰ অসম, ৩ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ বিষয়া-জোৱানৰ পোছাকৰ ‘নাম ফলক’ত এতিয়াৰে পৰা বাধ্যতামূলক হ’ব অসমীয়া তথা স্থানীয় ভাষা৷ বিষয়া-জোৱানসকলে প্ৰয়োজনত অসমীয়া তথা স্থানীয় ভাষাৰ উপৰি দ্বি-ভাষিক ‘নাম ফলক’ লিখিব লাগিব৷ অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানলৈ এই নিৰ্দেশ জাৰি কৰিছে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ আৰক্ষী সঞ্চালক প্ৰধানজনে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই বৃহস্পতিবাৰে প্ৰথমটো নিৰ্দেশনা হিচাপে বিষয়া-জোৱানসকলৰ নাম ফলকত স্থানীয় ভাষা লিখিবলৈ আহ্বান জনায়৷ তদুপৰি সাধাৰণ জনতাৰ দৃষ্টি গোচৰ হোৱাকৈ উক্ত নাম ফলক পোছাকত লগাই ৰাখিবলৈও আৰক্ষীৰ বিষয়া-জোৱানসকলক নিৰ্দেশ দিছে জি পি সিঙে৷ 

বৃহস্পতিবাৰে ডিজিপি কাৰ্যালয়ত ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে জি পি সিঙে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছতেই বিষয়া-জোৱানসকললৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰে৷ সেই অনুসৰি এতিয়াৰে পৰা ডিজিপি কাৰ্যালয়ৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিটো কৰ্মদিনতে এজনকৈ কতৃৰ্ত্বশীল বিষয়া বাধ্যতামূলকভাৱে উপস্থিত থাকিব লাগিব৷ প্ৰতিদিনে পুৱা ১১.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ বিষয়াজন উপস্থিত থাকি সাধাৰণ লোকৰ সৈতে মত বিনিময় তথা ৰাইজৰ অভিযোগসমূহ নিৰাময় কৰিব লাগিব৷ সমাগত ১৩ ফেব্ৰুৱাৰীৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী কৰিব লাগিব বুলিও সকীয়াই দিছে শীৰ্ষ আৰক্ষী বিষয়াজনে৷ 

জি পি সিঙৰ এই কঠোৰ নিৰ্দেশনাৰ পাছতেই এতিয়া আৰক্ষীৰ সকলো বিষয়া-কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে৷ নতুন ডিজিপিৰ নিৰ্দেশনাত তাৎক্ষণিকভাৱে ডিমা-হাচাও জিলাৰ লগতে আন কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকে কোন বিষয়া সপ্তাহটোৰ কোন কোন বাৰত এছ পি কাৰ্যালয়ত উপস্থিত থাকিব তাৰ তালিকা ৰাজহুৱা কৰিছে৷ এক কথাত ডিজিপি জি পি সিঙৰ নিৰ্দেশত এতিয়া যেন খাই খাই পেট গেৰেলা হোৱা আৰক্ষীৰো থৰ-কাছুটি হেৰাইছে৷ আনহাতে বৃহস্পতিবাৰে বৈঠকত লগতে জৰুৰী অৱস্থাৰ বাহিৰে অন্যান্য দিনত আৰক্ষী অধীক্ষকসকলৰ অধীনস্থ এলেকাসমূহত নিয়োজিত আৰক্ষীৰ লোকসকলৰ প্ৰতি সপ্তাহত এটা ছুটী দিন বাধ্যাতামূলক কৰিবলৈ আদেশ দিছে৷ অৱশ্যে এই নিয়ম থানা আৰু আৰক্ষী চকীসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকে ধৰি ‘চাৰ্জ পোষ্ট’ত থকা আৰক্ষীৰ অন্যান্য লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়কে ধৰি সকলো জিলা, বেটেলিয়ানৰ কাৰ্যালয় আৰু অসম আৰক্ষীৰ অধীনস্থ অন্যান্য সংস্থাসমূহে অহা দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰী পেঞ্চন সংক্ৰান্তীয় কাম-কাজসমূহ নিষ্পত্তি কৰাটো নিশ্চিত কৰিবলৈও ডিজিপিয়ে নিৰ্দেশ দিছে৷ লগতে এতিয়াৰ পৰা কমেও এবছৰৰ আগৰ পৰাই অৱসৰ গ্ৰহণ কৰিবলগীয়া বিষয়া-কৰ্মচাৰী তথা অন্যান্য আৰক্ষীৰ লোকসকলৰ পেঞ্চন সংক্ৰান্তীয় কাম-কাজসমূহ আৰম্ভ কৰিবলৈ কোৱা হৈছে৷ জিলা, বেটেলিয়ানসমূহৰ লগতে আৰক্ষীৰ অন্যান্য সংস্থাসমূহত সকলো মহিলা আৰক্ষীৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিছে নৱনিযুক্ত ডিজিপিয়ে৷ আনহাতে এই বৈঠকতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে আৰক্ষীৰ লোকসকলে ৰাইজক সঠিক আৰু নম্ৰ ব্যৱহাৰৰ লগতে পদবী নিৰ্বিশেষে সহকৰ্মীসকলকো উপযুক্ত সন্মান প্ৰদৰ্শন আৰু মৰ্যাদা প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব৷ আৰক্ষীৰ লোকসকলক তেওঁলোকৰ স্বাস্থ্যৰ যতন ল’বলৈও পৰামৰ্শ দি আৰক্ষী সঞ্চালকপ্ৰধানজনে পদবী নিৰ্বিশেষে সৰ্বোচ্ছ স্তৰত পেছাগত আৰু ব্যক্তিগত অনুশাসন মানি চলিবলৈও আহ্বান জনায়৷