Logo
image

বিদায়ী প্ৰধান সম্পাদকৰ ‘বিস্ফোৰণঃ ধনৰ লেনদেন হয় সাহিত্য সভাৰ নিৰ্বাচনত

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ অসম সাহিত্য সভাৰ সদ্যবিদায়ী প্ৰধান সম্পাদক যাদৱ শৰ্মাই বৃহস্পতিবাৰে নাৰায়ণপুৰ অধিৱেশনস্থলীত অসম সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচন প্ৰসংগত বিস্ফোৰক মন্তব্য কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰধান সম্পাদক যাদৱ শৰ্মাই কয়– ‘অসম সাহিত্য সভাৰ নিৰ্বাচনত ধনৰ লেন-দেন হয়, বহুধৰণৰ কুৎসা-ৰতনা হয়৷ উচ্ছস্তৰীয় সমিতিখন কেনেদৰে গঠন হ’ব, মই সেই সন্দৰ্ভত নাজানোঁ৷ কিন্তু এই সমিতিখন গঠন হ’লে কিছুমানৰ অসুবিধা হ’ব৷ সেইবাবে এই সমিতিখন হোৱাত একাংশ প্ৰতিনিধিয়ে আপত্তি দৰ্শাইছে৷ সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট বেমেজালিৰ সৃষ্টি হয়– সেয়া একেবাৰে সত্য কথা৷ সাহিত্য সভাৰ নিৰ্বাচন এতিয়া পঞ্চায়তৰ নিৰ্বাচনৰ দৰে হৈছে৷ ইয়াত ধনৰ লেন-দেন হোৱাটো একেবাৰে সত্য কথা৷ মই সকলো কথা খোলাখুলিকৈ কওঁ৷ এইবোৰ কথা কোৱাৰ বাবে কোনোবাই বেয়া পালেও মোৰ কোনো উপায় নাই৷’

সাংবাদিক ৰঞ্জিত পাটগিৰিলৈ অমূল্য বৰুৱা কবি বঁটা
নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত এই বঁটাসমূহ প্ৰদান কৰে সভাপতি ড॰ কুলধৰ শইকীয়া আৰু উপ-সভাপতি মৃণালিনী দেৱীয়ে৷ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁতধৰা অনুষ্ঠানত এইবাৰ জাতীয় চেতনাৰ বাণী কঢ়িওৱা, মানৱীয় মূল্যবোধ তথা সাহিত্য মূল্যসম্পন্ন সৃষ্টিশীল বা আলোচনামূলক গ্ৰন্থৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ এম কামালুদ্দিন আহমেদক প্ৰদান কৰে৷ ইফালে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা ড॰ পূৰ্ণ ভট্টাচাৰ্য, বাসন্তী বৰদলৈ বঁটা তিনিচুকীয়াৰ নীলাক্ষি চলিহা গগৈ, হেম বৰুৱা বঁটা গুৱাহাটীৰ গংগাপদ চৌধুৰী, বুদুৰাম পাংগিং বঁটা মুকুট শৰ্মা, ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যঙ্গ সাহিত্য বঁটা অঞ্জলি মহন্তই, ভৰত চন্দ্ৰ বৰুৱা বঁটা ভূপেন্দ্ৰ ৰায়চৌধুৰী, পয়ত্ৰিশ বছৰৰ অনুৰ্ধ অমূল্য বৰুৱা কবি বঁটা লাভ কৰিছে নলবাৰীৰ সাংবাদিক ৰঞ্জিত পাটগিৰিয়ে, গিৰিধৰ শৰ্মা বঁটা নগাঁৱৰ প্ৰতিভা ভাগৱতীক প্ৰদান কৰে৷ ইফালে অসম সাহিত্য সভাৰ অসম ছাত্ৰ সন্থাৰ মাদ্ৰাজ বঁটা প্ৰদান কৰে ৰক্তোৎপল শইকীয়া, সাধনা দেৱী, চেৰী গোহাঁই, ধৃতিৰাজ বাস্তৱ কলিতাক৷ আনহাতে, বীৰেনৰাম ফুকন বঁটা প্ৰদান কৰে ৰক্তোৎপল শইকীয়াক৷  অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰে ড॰ দীপক কুমাৰ বৰকাকতি, ড॰ নমিতা ডেকা , ড॰ ভূপেন শৰ্মা, অনুপমা দত্ত শইকীয়া আৰু ড॰ পৰমানন্দ মজুমদাৰক৷ আজিৰ অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতিৰ ভাষণাৱলী, ড॰ ৰাস্না ৰাজখোৱা লোকগণিতৰ পৰা কৃষ্ণ গহ্বৰলৈ, অনিল বৰাৰ চিত্ৰশিল্প শৈলী আৰু দৰ্শন, নাথ যোগী সম্প্ৰদায়ৰ ইতিহাস নামৰ ৪খন গ্ৰন্থ উন্মোচন কৰে৷