Logo
image

কলহী নৈত উটি আহিল ৮০ কেজি ওজনৰ মৃত শিহু

ডিজিটেল সংবাদ, দক্ষিণ কামৰূপঃ কলহী নদীৰ বক্ষত অব্যাহত থকা যন্ত্ৰচালিত মেছিনৰ অবৈধ বালি খননৰ ফলত দক্ষিণ-পূব এছিয়াৰ অদ্বিতীয় ৰিভাৰ ডলফিনৰ অস্তিত্বৰ প্ৰতি সংকট নামি আহিছে৷ ছয়গাঁৱৰ ভেৰভেৰী গাঁৱত বৃহস্পতিবাৰে এটা প্ৰায় ৮০ কেজি ওজনৰ মৃত শিহু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে৷ মৃত শিহুটোৰ দুৰ্গন্ধ বিয়পি পৰাত স্থানীয় ৰাইজে বিচাৰ-খোচাৰ কৰি শিহুটো প্ৰত্যক্ষ কৰে৷ লক্ষণীয় যে যি সময়ত বন বিভাগে আদ্ৰ ভূমি ৰক্ষাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিছে, সেই সময়তে এনেদৰে মৃত শিহু উদ্ধাৰ হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে৷

স্থানীয় ৰাইজে বিষয়টো লগে লগে বন বিভাগক অৱগত কৰে৷ কুলচীৰ খণ্ড বন বিষয়া ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ উদ্ধাৰ কৰে মৃত ৰিভাৰ ডলফিনটো৷ কালি ছয়গাঁৱৰ কুকুৰমাৰাত পশ্চিম কামৰূপ বন সংমণ্ডলৰ উদ্যোগত আদ্ৰ ভূমি ৰক্ষাৰ বাবে সজাগতা সভা পাতিছিল বন বিভাগে৷ আনফালে কলহীৰ বুকুত উদ্ধাৰ হোৱা মৃত শিহুটিয়ে সচেতন ৰাইজক ব্যথিত কৰি তুলিছে৷ এই সংক্ৰান্তত অবৈধ বালি খননৰ বিৰুদ্ধে সঘনাই প্ৰতিবাদ জনোৱা জাতীয় সেনাৰ সভাপতি নয়নমণি শালৈয়ে এই ঘটনাৰ বাবে অবৈধ বালি খনন মূল কাৰণ বুলি উল্লেখ কৰি বন বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ অত্যাধিকভাৱে যন্ত্ৰচালিত মেচিনেৰে বালি উঠোৱাৰ ফলত দুষ্প্ৰাপ্য নদী শিহুটিৰ মৃত্যু হোৱা বুলি একাংশ লোকে কয়৷ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও তদন্তৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব৷ সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে শিহুটি৷