Logo
image

সৰ্বদলীয় বৈঠক আহ্ৱান শ্বেহবাজৰ

ডিজিটেল ডেস্ক: পাকিস্তানৰ পেছাৱাৰৰ পুলিচ লাইনত অৱস্থিত মছজিদত ৩০ জানুৱাৰীত হোৱা ভয়ংকৰ বিস্ফোৰণত শতাধিক লোক নিহত আৰু দুই শতাধিক আহত হোৱাৰ ঘটনাটোৰ পাছতে দেশখনৰ ৰাজনীতিত সৃষ্টি হৈছে হাহাকাৰ৷ কাৰণ আৰ্থিক সংকটত বেয়াকৈ জুৰুলা হৈ পৰা পাকিস্তানত এতিয়া সন্ত্ৰাসবাদেও গম্ভীৰ বিপদ আনিছে৷ পাকিস্তান তালিবানে ইতিমধ্যে পাক চৰকাৰ, সেনা আৰু আৰক্ষীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷ যুদ্ধবিৰতি চুক্তি ভংগ কৰা পাক তালিবানে সমগ্ৰ পাকিস্তানতে আক্ৰমণ কৰাৰ হুংকাৰ দিয়াৰ কিছুদিনৰ পাছতে অলপতে পেছাৱাৰত এই বিস্ফোৰণটো সংঘটিত হয়৷ সেয়ে আৰু অধিক সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ত পেপুৱা লাগিছে পাকিস্তান চৰকাৰ৷ গতিকে দেশখনৰ বৰ্তমানৰ আৰ্থিক, ৰাজনৈতিক সংকটৰ লগতে সন্ত্ৰাসবাদী সমস্যাটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে সৰ্বদলীয় বৈঠকৰ আহ্ৱান জনাইছে৷ এই সন্মিলনলৈ তেওঁ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানকো আমন্ত্ৰণ জনাইছে৷ গতিকে বিপদৰ সময়ত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰো পৰামৰ্শ ল’বলৈ বাধ্য হৈ পৰিছে৷