Logo
image

‘কা’ আহিলেই অসম আকৌ অশান্ত হ’ব

অসমক প্ৰকৃততে ভালপোৱা কোনো অসমীয়াই ‘কা’ মানি ল’ব নোৱাৰে৷ কোনো স্বাভিমানী অসমীয়াই ‘কা’ মানি লোৱাৰ প্ৰশ্নই নুঠে৷ অসমৰ জাতীয়তাবাদ মূলতঃ ভাষিক জাতীয়তাবাদ৷ ভাষাক কেন্দ্ৰ কৰিয়েই অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠিছে৷ ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত স্বাক্ষৰিত অসম চুক্তি মৰ্মে আমি ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ সকলো বিদেশীৰ বোজা গ্ৰহণ কৰিলোঁ৷ তেওঁলোকক আমি গ্ৰহণ কৰিলোঁ৷ কিন্তু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা এজনো বিদেশীক আমি গ্ৰহণ কৰিব নোৱাৰো৷ বিদেশী বিদেশীয়েই৷ ইয়াত জাতিৰ কথা নাহে, ধৰ্মৰ কথা নাহে৷ ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰত উৎপীড়নৰ সন্মুখীন হোৱা ধৰ্মীয় সংখ্যালঘুসকলক আশ্ৰয় দিয়াৰ দায়িত্ব ভাৰতৰ আন ৰাজ্যৰ নাই নেকি? আমি যিহেতু ২০ বছৰৰ বিদেশীৰ বোজা ল’লোৱেই গতিকে বাকী বিদেশীৰ দায়িত্ব আন ৰাজ্যই লওক৷ অসমক সেই কামৰ পৰা ৰেহাই দিয়ক৷ এয়া সকলোৰে দায়িত্ব৷ প্ৰকৃতাৰ্থত ই এটা ৰাষ্ট্ৰীয় দায়িত্ব৷ ধৰ্মীয় সংখ্যালঘুসকলৰ উৎপীড়নৰ সন্দৰ্ভত ভাৰতে কেতিয়াবা বাংলাদেশৰ সৈতে কথা পাতিছেনে? সেই কথাও ভাবি চাবলগীয়া৷ আমি এই কথা পাহৰিলে নহ’ব যে পাকিস্তান আৰু বাংলাদেশত সৰ্ববৃহৎ ধৰ্ম ইছলাম৷ তৎসত্ত্বেও পাকিস্তানৰ সৈতে সংগ্ৰাম কৰি বাংলাদেশৰ জন্ম হৈছিল৷ কাৰণ আছিল ভাষা৷ তদানীন্তন পূব পাকিস্তানৰ লোকসকলে উৰ্দু ভাষাক তেওঁলোকৰ প্ৰাণৰো প্ৰিয় বাংলা ভাষাতকৈ ইছলামাবাদে অধিক গুৰুত্ব দিয়া কথাত ক্ষুণ্ণ হৈছিল৷ কিয়নো তেওঁলোক ভাষাপ্ৰেমী৷ এতিয়া নতুনকৈ আহিব খোজা আৰু পূৰ্বৰ বাংলাদেশী– দুয়ো পক্ষৰে মাতৃভাষা বাংলা৷ অসমত আশ্ৰয় লোৱাৰ পাছত এদিন ভাষাৰ প্ৰশ্নত দুয়োটা পক্ষ একলগ নহ’বনে? তেতিয়া অসমীয়া ভাষাৰ কি হ’ব? এই কথা সকলোৱে ভাবি চোৱা উচিত৷ ৰাইজে ঠিকেই ভাবিছে৷ চৰকাৰেহে কথাবোৰ বুজা নাই বা বুজিও নুবুজাৰ ভাও জুৰিছে– ৰাজনৈতিক কাৰণত৷ ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি সংগ্ৰাম চলিছিল৷ এতিয়াও চলি আছে৷ কৰ’না আৰু লকডাউনৰ বাবে সংগ্ৰাম স্তিমিত হৈছিল যদিও এই সংগ্ৰাম বন্ধ হোৱা নাই৷ বন্ধ হোৱাৰ প্ৰশ্নই নুঠে৷ আমাৰ পাঁচজনকৈ ডেকা শ্বহীদ হ’ল৷ তেওঁলোকৰ চৰম ত্যাগ অথলে যাবলৈ দিব নোৱাৰি৷ শ্বহীদক অপমান কৰা বা সন্মান কৰিব নজনা জাতিৰ কেতিয়াও উন্নতি নহয়৷ অসমৰ দৰে পশ্চিম বংগতো বিধানসভা নিৰ্বাচন আহি আছে৷ বিজেপিৰ দুই-এজন নেতাই বিধানসভা নিৰ্বাচনৰ আগে আগে ‘কা’ আহিব বুলি কৈছে৷ অমিত শ্বাহে আকৌ কৰ’নাৰ টীকাকৰণৰ পাছত ‘কা’ আহিব বুলি কৈছে৷ অসমত কিন্তু ৰাইজে ‘কা’ মানি নলয়৷ যিমান অত্যাচাৰ কৰিলেও ৰাইজে ‘কা’ নামানে৷ অসমৰ ৰাইজৰ আৱেগ-অনুভূতি আৰু যুক্তিসংগত দাবী আওকান কৰি যদি ‘কা’ জাপি দিয়া হয়, তেন্তে অসম আকৌ অশান্ত হৈ পৰিব৷ তাৰ বাবে চৰকাৰেই জগৰীয়া হ’ব৷

ইংৰাজী নৱবৰ্ষত সকলোকে শুভেচ্ছা জনাইছোঁ৷ কৰ’নাৰ কৰাল গ্ৰাসৰ পৰা মানুহ আৰু পৃথিৱী মুক্ত হোৱাটো সৰ্বান্তঃকৰণে কামনা কৰিছোঁ৷ নতুন বছৰত অসমীয়াই নতুনকৈ পণ লওক৷ পথাৰো আমাৰ বজাৰো আমাৰ– এই বাণী সাৰোগত কৰি আগবাঢ়ি যাওক অসমৰ স্বাভিমানী নৱপ্ৰজন্ম, প্ৰতিভাৱান ডেকা-ডেকেৰী৷ অসমৰ বিভিন্ন ঠাইত খেতি-বাতি হওক৷ মৎস্য পালন, পশুপালন আৰম্ভ হওক৷ অসমত এটা অৰ্থনৈতিক বিপ্লৱ, কৃষি বিপ্লৱ আৰম্ভ হোৱাৰ সময় সমাগত৷ আমি থলুৱা সামগ্ৰীৰ এখন মাৰ্ট খুলিছোঁ– বৃন্দাবন মাৰ্ট৷ গুৱাহাটীৰ ৰুক্মিণীগাঁৱত আমি এই মাৰ্ট আৰম্ভ কৰিছোঁ৷ এই মাৰ্ট সমগ্ৰ অসমলৈ প্ৰসাৰিত কৰা হ’ব৷ অসমীয়া বস্তুৰে অসমীয়া মাৰ্ট৷ এই বছৰটোত নতুন চিনেমাৰ পৰিকল্পনা কৰিছোঁ– নতুন গানৰো৷ ‘চিলা’ এলবামৰ একোটাকৈ গীত প্ৰতিমাহে মুক্তি দিয়া হ’ব৷ কেইবাটাও ভিডিঅ’ এলবামৰ কামো চলিব৷ ‘ডাঃ বেজবৰুৱা ২’  ছবিৰ শ্বুটিঙতো ব্যস্ত আছোঁ৷ ছবিখনত অভিনয় কৰাৰ লগতে সংগীতৰ কামো কৰিছোঁ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই মনজিৎ শৰ্মা পৰিচালিত নতুন অসমীয়া ছবি ‘ৰাজনীতি’ৰ কাম আৰম্ভ হ’ব৷ জানুৱাৰী মাহতো ‘ৰাজনীতি’ৰ কামতে ব্যস্ত থাকিম৷ ফেব্ৰুৱাৰীত এখন নতুন হিন্দী চিনেমাৰ কাম আৰম্ভ কৰিম৷ ‘ডাষ্টবিন’ নামৰ এই হিন্দী ছবিখনৰ কাহিনী-পৰিচালনা মোৰ নিজৰ৷ মাৰ্চত মুম্বাইলৈ যাম৷ এপ্ৰিলত যদি এইবাৰ ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান হয়, তেন্তে তাতেই ব্যস্ত থাকিম– মে’ ১৫ তাৰিখ মানলৈ৷ যদি বিহু নহয়, তেন্তে বেলেগ কামত লাগিম৷ এই বছৰটো মোৰ বাবে সাংঘাতিক ব্যস্ততাপূৰ্ণ বছৰ৷ সাংস্কৃতিক কাম-কাজৰ লগতে অৰ্থনৈতিক বিপ্লৱ, কৃষি বিপ্লৱ অব্যাহত থাকিব৷ সমান্তৰালভাৱে চলি থাকিব ‘কা’বিৰোধী সংগ্ৰাম৷ ৰাজপথৰ সমান্তৰালভাৱে ভাৰ্চুৱেল সংগ্ৰামো চলিব৷ ড॰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু আছুৰ সৈতে কথা পাতি পৰিকল্পনা প্ৰস্তুত কৰা হ’ব৷ মুঠৰ ওপৰত ‘কা’ অসমত নচলিব৷ চৰকাৰে জোৰ কৰিলেও কাম নাহিব, উফৰি যাব৷ ‘কা’ আমি নামানো, নামানো আৰু নামানো৷