শিক্ষাখণ্ড আৰু বাজেট
পহিলা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা অমৃত কালৰ ‘সপ্তৰ্ষি’ বাজেটত সামগ্ৰিক উন্নয়ন, চূড়ান্ত লক্ষ্যত উপনীত হোৱা, আন্তঃগাঁথনিৰ উন্নয়ন, সৰ্বোচ্ছ সেউজ উন্নয়ন, যুৱশক্তি আৰু বিত্ত খণ্ডৰ উন্নয়নত গুৰুত্ব দিছে৷ কৰ’না কালত হোৱা লোকচানৰ জোৰা মাৰিবলৈ শিক্ষা খণ্ডত যিমান গুৰুত্ব দিয়া প্ৰয়োজন আছিল, সিমান গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল এইবাৰৰ বাজেটত৷ অৱশ্যে, স্বৰাজোত্তৰ কালত এইবাৰেই সৰ্বাধিক ১,১২,৯৮.৯৭ কোটি টকা শিক্ষা খণ্ডৰ নামত ধাৰ্য কৰা হৈছে৷ শিক্ষা মানৱ জাতিৰ উন্নয়নৰ আধাৰ৷ শিক্ষাৰ উন্নয়নে এটা জাতি, এখন সমাজ আৰু এখন দেশৰ উন্নয়ন সাধন কৰে৷ ভাৰতত শিক্ষাত যিমান গুৰুত্ব দিয়া প্ৰয়োজন, সিমান গুৰুত্ব নিদিয়াৰ ফলত দেশৰ জনসাধাৰণ আজিও শিক্ষা-দীক্ষাত পিছপৰি আছে৷ এই বৰ্ষৰ বাজেটত যদিও শিক্ষাখণ্ডৰ বাবে পূৰ্বৰ তুলনাত অধিক ধন ধাৰ্য কৰা হৈছে, তথাপি সেয়া ভাৰতৰ বৃহৎসংখ্যক লোকক শিক্ষিত কৰাৰ ক্ষেত্ৰত আশানুৰূপ বুলি ক’ব নোৱাৰি৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত বিগত বৰ্ষৰ তুলনাত স্কুলীয়া শিক্ষাৰ নামত ১৬.৫১ শতাংশ অধিক ধন ধাৰ্য কৰাৰ উপৰি উচ্ছ শিক্ষাৰ ক্ষেত্ৰত এইবাৰ ৪৪,০৯৪.৬২ কোটি টকা ধাৰ্য কৰিছে, যিটো বিগত বৰ্ষৰ তুলনাত ৮ শতাংশ অধিক৷ সেইদৰে সমগ্ৰ শিক্ষা আঁচনিৰ বাবে এইবেলি ৩৭,৩৮৩ কোটি টকা ধাৰ্য কৰিছে, যিটো বিগত বৰ্ষতকৈ মাথোঁ ০.১৮ শতাংশ বেছি৷ অৱশ্যে, প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ বাবে পূৰ্বৰ বৰ্ষতকৈ ১৩.৩ শতাংশ বেছি ধন ধাৰ্য কৰিছে যদিও, এইবাৰ ধাৰ্য কৰা ১১,৬০০ কোটি টকা সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ দিনত কম বুলিহে ধাৰণা হয়৷ দেশত চিকিৎসা ক্ষেত্ৰৰ পৰিচাৰিকা বৃদ্ধিৰ লক্ষ্যৰে ১৫৭খন নতুন নাৰ্ছিং কলেজ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে এইবাৰৰ বাজেটত৷ তেনেদৰে আদিবাসী অঞ্চলৰ ৭৪০খন নতুন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰি ৩৮.৮ হাজাৰ শিক্ষক-কৰ্মচাৰী নিয়োগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে এইবাৰৰ কেন্দ্ৰীয় বাজেটত৷ এই ব্যৱস্থাই পিছপৰা অঞ্চলৰ লোকৰ শিক্ষাৰ্থীক শিক্ষিত কৰাত সহায় কৰিব বুলি আশা কৰিব পাৰি৷ কৰ’না কালৰ শিক্ষাৰ্থীসকলৰ লোকচানৰ জোৰা মাৰিবলৈ, বিশেষকৈ শিশু আৰু বয়ঃসন্ধি কালৰ লোকৰ শিক্ষাত সহায় হোৱাকৈ নেচনেল ডিজিটেল লাইব্ৰেৰী স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ উপৰি এই ব্যৱস্থাৰে শিক্ষাৰ্থীসকলক মানসম্পন্ন কিতাপ লাভ কৰাত সহায়ক হোৱাকৈ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ বাবে ৰাজ্যসমূহক পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত নেচনেল ডিজিটেল লাইব্ৰেৰী স্থাপন কৰাৰ বাবে অনুপ্ৰাণিত কৰিব৷ কিন্তু এনে ব্যৱস্থাৰ সুফল শিক্ষাৰ্থীয়ে পায় নে নাপায়, তাত সন্দেহ আছে৷ কিয়নো বহু চৰকাৰী আঁচনি কাগজে-কলমে সম্পূৰ্ণ হয় যদিও বাস্তৱত ই কাৰ্যক্ষম নহয়৷ এই ব্যৱস্থা যাতে ভালুকৰ সাঙীত পৰিণত নহয়, তাৰ প্ৰতি চৰকাৰ আৰু সচেতন নাগৰিকে নজৰ দিয়া প্ৰয়োজন৷ ইয়াৰ উপৰি এইবাৰৰ বাজেটত অধ্যয়নৰ এটা সংস্কৃতি গঢ়ি তোলাৰ বাবে নেচনেল বুক ট্ৰাষ্ট আৰু চিল্ড্ৰেন বুক ট্ৰাষ্টক পাঠ্যক্ৰম বহিৰ্ভূত জ্ঞানবৰ্ধক কিতাপ আঞ্চলিক আৰু ইংৰাজী ভাষাত প্ৰকাশৰ বাবে অনুপ্ৰাণিত কৰিব বুলি কৈছে৷ অৱশ্যে, এই কাৰ্যৰ বাবে কোনো ধন সুকীয়াকৈ ধাৰ্য কৰা নাই৷ এনে অৱস্থাত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ কিদৰে গঢ়ি তোলে, সেয়া সময়েহে ক’ব৷ অৱশ্যে, প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ আঁচনিৰ অধীনত তিনি বছৰৰ ভিতৰত ৪৭ লাখ লোকক দক্ষ মানৱ সম্পদৰূপে গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও এই আঁচনিয়েও যে দক্ষতা বিকাশত বিশেষ সহায়ক হ’ব, তাক আশা কৰিব নোৱাৰি৷ কিয়নো ইতিমধ্যে এই আঁচনিৰ সুবিধা লাভ কৰিও বহু লোকে দক্ষতা আহৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে, যুগৰ লগত আগবাঢ়ি যোৱাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশত গুৰুত্ব দিয়াটো ইতিবাচক দিশ৷ দেশত নতুন শিক্ষা নীতি ২০২০ আৰম্ভ হোৱাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কেন্দ্ৰীয় বাজেটে শিক্ষা খণ্ডক কিমান উপকৃত কৰে, সেয়া সময়েহে ক’ব৷






