Logo
image

কন্যাৰ বিবাহৰ সৰ্বনিম্ন বয়স ২১ কৰাৰ প্ৰস্তাৱ

আমাৰ অসম, ৪ ফেব্ৰুৱাৰী: আইন অনুসৰি বৰ্তমান ছোৱালীৰ বিবাহৰ বয়স সৰ্বনিম্ন ১৮ বছৰ যদিও অচিৰেই এই বয়সৰ নূ্ন্যতম সীমা ২১ বছৰলৈ  বৃদ্ধি পাব! কেন্দ্ৰীয় চৰকাৰে ছোৱালীৰ বিয়াৰ নূ্ন্যতম বয়স ২১ বছৰলৈ বৃদ্ধি লক্ষ্যৰে সংসদত দাখিল কৰিছে নতুন বিধেয়ক৷ বিবাহৰ নূ্ন্যতম বয়স বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংসদত বাল্য বিবাহ প্ৰতিৰোধ [সংশোধন] বিধেয়ক ২০২১ দাখিল কৰাৰ লগতে বিধেয়কখন সংসদীয় স্থায়ী কমিটীৰ বিবেচনাৰ বাবেও প্ৰেৰণ কৰিছে৷ শুকুৰবাৰে সংসদত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত ছোৱালীৰ বিবাহৰ সৰ্বনিম্ন বয়স ২১ বছৰলৈ বৃদ্ধিৰ কৰা মোদী চৰকাৰৰ পৰিকল্পনাৰ কথা জানিবলৈ দিছে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যান দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে বাল্য বিবাহ [সংশোধনী] বিধেয়কখন বৰ্তমান সংসদৰ শিক্ষা, মহিলা, শিশু, যুৱ আৰু ক্ৰীড়া বিভাগত স্থানীয় কমিটীয়ে বিবেচনা অব্যাহত ৰাখিছে৷ নতুন বিধেয়কখনৰ জৰিয়তে ভাৰতীয় খ্ৰীষ্টিয়ান বিবাহ আইন-১৮৭২, পাৰ্চি বিবাহ আৰু বিচ্ছেদ আইন-১৯৩৬, মুছলিম পাৰ্চনেল ল’ [শ্বৰিয়ত]  এপ্লিকেশ্বন এক্ট -১৯৩৭, বিশেষ বিবাহ আইন—-১৯৫৪, হিন্দু বিবাহ আইন-১৯৫৫ আৰু বিদেশী বিবাহ আইন ১৯৬৯ ক সংশোধন কৰিব৷ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে লগতে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা বিশেষ টাস্ক ফ’ৰ্চে দিয়া পৰামৰ্শ অনুসৰিয়ে প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, মাতৃসকলৰ পুষ্টিজনিত সমস্যা দূৰ কৰা আদি কাৰণতে ছোৱালীৰ বিবাহৰ নূ্ন্যতম বয়স ১৮ বছৰৰ পৰিৱৰ্তে ২১ বছৰলৈ বৃদ্ধিৰ বিধেয়ক উত্থাপন কৰা বুলিও জানিবলৈ দিছে৷ উল্লেখ্য, শেহতীয়াকৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্ছ ন্যায়ালয়ত এটা গোচৰৰ ৰায়দানত মুছলমান যুৱতীয়ে ১৫ বছৰ বয়সত অথবা যৌৱনাৰম্ভ [puberty] হ’লে বিবাহপাশত আবদ্ধ হ’ব পাৰে আৰু এনে বিবাহ বাল্য বিবাহ প্ৰতিৰোধ আইন-২০০৬ ৰ ধাৰা-১২ অনুসৰি বাতিল নহ’ব বুলিও উল্লেখ কৰিছিল৷ অৱশ্যে পঞ্জাৱ-হাৰিয়ান উচ্ছ ন্যায়ালয়ৰ উক্ত ৰায়ক বিগত ১৩ জানুৱাৰীত উচ্ছতম ন্যায়ালয়ে অন্য কোনো গোচৰত প্ৰযোজ্য নহ’ব বুলিও নিৰ্দেশনা জাৰি কৰিছে৷