ডাৰ্ক চকলেটে এইবোৰ উপকাৰ কৰে
অত্যধিক চকলেট খোৱাটো যে স্বাস্থ্যৰ পক্ষে অপকাৰী সেয়া সকলোৱে জানে৷ কিন্তু জানি আচৰিত হ’ব যে নিয়ম মানি যদি নিতৌ চকলেট খাব পৰা যায়, তেন্তে স্বাস্থ্যৰ বাবে সেয়া উপকাৰী৷ বিশেষকৈ ডাৰ্ক চকলেটে স্বাস্থ্যৰ উপকাৰ কৰে৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে স্বাস্থ্য সুস্থ ৰাখিবলৈ দৈনিক এশ গ্ৰাম ডাৰ্ক চকলেট খোৱাটো প্ৰয়োজন৷ ডাৰ্ক চকলেটত থাকে প্ৰচুৰ পৰিমাণে কোকো৷ তদুপৰি ডাৰ্ক চকলেটত আন বিভিন্ন প্ৰয়োজনীয় উপাদান থাকে যিবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ উল্লেখ কৰা হ’ল ডাৰ্ক চকলেটে কৰা উপকাৰিতা সমূহ–
⬛ শেহতীয়া এক গৱেষণা মতে কোকোৰ মাত্ৰা বেছি থকা চকলেট খালে ইনছুলিনৰ উৎপাদন বাঢ়ে৷ ফলত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা নাথাকে৷ কোকোত থকা উপাদানসমূহে বিটা ছেলৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে ইনছুলিনৰ উৎপাদন বৃদ্ধিত বিশেষ ভূমিকা পালন কৰে৷
⬛ এশ গ্ৰাম ডাৰ্ক চকলেটত প্ৰায় ১১ গ্ৰাম ফাইবাৰ, দৈনিক চাহিদাৰ ৬৭ শতাংশ আইৰণ, ৫৮ শতাংশ মেগনেছিয়াম, ৮৯ শতাংশ কপাৰ আৰু প্ৰচুৰ পৰিমাণে পটাছিয়াম, জিংক তথা ছেলেনিয়াম থাকে৷ এইবোৰ উপাদানে স্বাস্থ্য সুস্থ ৰখাৰ লগতে মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷
⬛ ডাৰ্ক চকলেটত থকা এণ্টি অক্সিডেণ্টে দেহৰ পৰা ক্ষতিকাৰক পদাৰ্থসমূহ আঁতৰ কৰাত সহায় কৰে৷
⬛ ডাৰ্ক চকলেটৰ ফ্লেভ’ন’ল নামৰ উপাদানবিধে আৰ্টাৰীৰ আচ্ছাদনত নাইট্ৰিক অক্সাইড প্ৰস্তুত কৰে৷ এইবিধ গেছে আৰ্টাৰীৰ ষ্ট্ৰেছ হ্ৰাস কৰাৰ লগতে ৰক্তচাপ কমোৱাত সহায় কৰে৷
⬛ দেহত তেজৰ সৰবৰাহ স্বাভাৱিক কৰে ডাৰ্ক চকলেটে৷
⬛ নিয়মিত ডাৰ্ক চকলেট খোৱাৰ অভ্যাসে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে৷ ফলত হৃদযন্ত্ৰৰ কৰ্মক্ষমতা বৃদ্ধি পায় আৰু হৃদৰোগত আক্ৰান্তৰ আশংকা কমে৷
⬛ কোকোত কেফেইন আৰু থিয়ব্ৰমাইন নামৰ উপকাৰী উপাদান থাকে৷ বেছি মাত্ৰাত কোকো ব্যৱহাৰেৰে প্ৰস্তুত কৰা চকলেট খালে মস্তিষ্কত অক্সিজেন সমৃদ্ধ তেজৰ সৰবৰাহ বাঢ়ে৷ ফলত স্মৃতি শক্তি বৃদ্ধি পোৱাৰ লগতে মনোযোগ আৰু বুদ্ধিৰ বিকাশ ঘটে৷