Logo
image

পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ ভয়ঃ ১২ বছৰ বয়সতে বিয়া হোৱা খুচবুৰ আত্মহত্যা

ডিজিটেল ডেস্কঃ ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ পদক্ষেপ লৈছে হিমন্ত বিশ্ব চৰকাৰে৷ বাল্য বিবাহ কৰা সকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাল্য বিবাহৰ অপৰাধত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বাল্য বিবাহৰ অপৰাধত শুকুৰবাৰে বিয়লি ৩ বজালৈকে ২,০৪৪ টা অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইয়াৰ মাজতে মানকাচাৰত সংঘটিত হৈছে একা মৰ্ম্মান্তিক ঘটনা৷

২০১২ চনত ১২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হোৱা এগৰাকী মহিলাই ল'লে চৰম সিদ্ধান্ত৷ ঝাউদাঙা পূবেৰ গাঁৱত সংঘটিত হৈছে এই মৰ্ম্মান্তিক ঘটনা। পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰা ভয়ত খুচবু বেগম নামৰ মহিলাগৰাকীয়ে কৰিলে আত্মহত্যা৷ দুটা সন্তান থকাৰ পিছতো চৰম সিদ্ধান্ত ল'লে মহিলাগৰাকীয়ে৷ তেওঁ মনোজ মিঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ক'ভিডত মৃত্যু হৈছিল খুচবুৰ স্বামীৰ।