Logo
image

অসমত বাল্য বিবাহ বন্ধ হ'বই লাগিবঃ মুখ্যমন্ত্ৰীয়ে ক'লে, "অপৰাধীৰ শাস্তি হ'লে লাখ লাখ ছোৱালী বাল্য বিবাহৰ পৰা বাচিব"

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বাবে প্ৰসূতি আৰু শিশুৰ মৃত্যু বৃদ্ধি পাইছে৷ বাল্য বিবাহ ৰোধ কৰিব পাৰিলে প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস কৰিব পৰা যাব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ পিছতে ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ হৈছে হিমন্ত বিশ্ব চৰকাৰ৷ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাল্য বিবাহৰ অপৰাধত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বাল্য বিবাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অভিযুক্তই ভৰি পৰিছে আৰক্ষী থানা৷

আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে বাল্য বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত বাল্য বিবাহ বন্ধ হ'বই লাগিব৷ বাল্য বিবাহ ৰোধৰ বাবে আৰক্ষীৰ অভিযান চলি থাকিব৷ লাখ লাখ ছোৱালীক ভৱিষ্যতে বিয়াৰ পৰা বচাবৰ বাবে এটা প্ৰজন্মই কষ্ট পাব লাগিব৷

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে বাল্য বিবাহ কৰা প্ৰতিজন অভিযুক্তক গ্ৰেপ্তাৰ নকৰালৈকে অভিযান চলি থাকিব৷ পৰৱৰ্তী সময়তো বাল্য বিবাহৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে কঠোৰ ব্যৱস্থা লোৱা হ'ব৷ যিসকলে ১৪ বছৰ বয়সৰ ওপৰৰ ছোৱালীক বিয়া কৰাইছে তেওঁলোকে জামিন পাব৷ 

আনহাতে গৰ্ভৱতী মহিলাৰ স্বামীক গ্ৰেপ্তাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এই বিষয়ে চিন্তা কৰিব নালাগে৷ ২ হাজাৰৰ শাস্তি হ'লে অসমৰ লাখ লাখ ছোৱালী বাল্য বিবাহৰ পৰা বাচিব৷ পত্নীৰ সন্তান থাকিলে হত্যাৰ গোচৰত অভিযুক্ত স্বামীক এৰি দিব নেকি? এইবুলি কয় মুখ্যমন্ত্ৰীয়ে৷ কাৰোবাৰ কোলাত কেঁচুৱা থাকিলে তেওঁৰ স্বামীয়ে কাৰোবাক ধৰ্ষণ কৰিলে আইনে এৰি দিব নেকি? মোৰ ছোৱালী ১২-১৩ বছৰত বিয়া দিম নেকি? লগতে মুখ্যমন্ত্ৰীয়ে কয় যে পত্নী আৰ্থিক সমস্যাৰ সন্মুখীন হ'লে সহায় কৰিব চৰকাৰে৷ ইয়াত মানৱীয়তা নাহে৷