Logo
image

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনৰ সন্মুখত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে অসম তৃণমূল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত দলটোৰ নেতা-কৰ্মীসকলে বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদত মিলিত হৈ বিজেপি চৰকাৰৰ জনবিৰোধী পদক্ষেপক কঠোৰ সমালোচনা কৰে।

প্ৰতিবাদকাৰীসকলে বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক, জনবিৰোধী সিদ্ধান্ত বাতিল কৰক, জনসাধাৰণক মাধমাৰ দিয়া নচলিব, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ আদি শ্ল'গান দি বিজুলী ভৱনৰ সন্মুখ কঁপাই তোলে। মূল্যবৃদ্ধিত বিপৰ্যস্ত জনতাক গেলাতে টেঙা দি বাৰে বাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰা কাৰ্য চৰকাৰখনৰ চূড়ান্ত অদক্ষতাৰ পৰিচায়ক বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। চৰকাৰৰ কোনো অৰ্থনৈতিক নীতি নথকা বুলি মন্তব্য কৰি বৰাই ৰাজহ উপাৰ্জনৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ৰাজ্যত বৰ্তমান ড° হিমন্ত বিশ্ব শৰ্মাৰ 'ৱান মেন আৰ্মি শ্ব' নীতিৰ বাবে বিভাগীয় মন্ত্ৰীসকলে নিজৰ চিন্তা আৰু স্বাধীনতাৰে একো কাম কৰিব নোৱাৰাৰ কু-ফল ৰাইজে ভোগ কৰিব লগা হোৱা বুলি অভিযোগ কৰে।

তেওঁ পুনৰ কয়, "চৰকাৰে এফালে আকাশলংঘী মূল্যবৃদ্ধি কৰিছে, জি এছ টি বৃদ্ধি কৰিছে, বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ জনগণৰ ওপৰত মাধমাৰ সোধাইছে। চৰকাৰ চলাবৰ বাবে অন্য ধৰণে ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি সাধাৰণ জনগণক হাৰাশাস্তি কৰিছে। পুতলা মন্ত্ৰীৰ দ্বাৰা বিদ্যুৎ বিভাগ চলিছে। সেয়েহে বিদ্যুৎ মাচুল পৰিহাৰৰ দাবীত আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।" প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি নিয়ে চচলৰ ধৰ্ণাস্থলিলৈ। দিনৰ ১ বজাত প্রতিবাদকাৰীসকলক মুকলি কৰি দিয়া হয়। আনহাতে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বলপূৰ্বক আটক কৰি লৈ যোৱা কাৰ্যক গৰিহণা দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি বৰাই। কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সতীৰ্থসকলে অংশগ্ৰহণ কৰে।