Logo
image

বাল্য বিবাহ বন্ধ হ’বনে

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ বন্ধ কৰাৰ উদ্দেশ্যে কঠোৰ স্থিতি গ্ৰহণ কৰি নিষিদ্ধ বয়সত বিবাহপাশত আবদ্ধ হোৱাসকলক গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নিৰ্দেশ পোৱাৰ পাছতে আৰক্ষী বিভাগ এনে লোকৰ বিৰুদ্ধে সষ্টম হৈ পৰে আৰু ৰাজ্যত আৰক্ষী বিভাগৰ ফালৰ পৰা এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ধুম উঠিছে৷ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি মাত্ৰ দুটা দিনত বাল্য বিবাহ সন্দৰ্ভত ৪,০৭৪টা গোচৰ পঞ্জীয়ন হৈছে আৰু এই গোচৰসমূহত ৮ হাজাৰ অপৰাধীৰ নাম সন্নিবিষ্ট হৈছে৷ আৰক্ষী সঞ্চালকপ্ৰধানজনে জনোৱা মতে, ২০২০, ২০২১ আৰু ২০২২ বৰ্ষৰ ভিতৰত হোৱা বাল্য বিবাহ সন্দৰ্ভত গাঁওবুঢ়া, ৰাইজ আৰু পৰিয়ালৰ লোকে দিয়া গোচৰৰ ভিত্তিত অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ বাল্য বিবাহ প্ৰতিৰোধ আইন অনুসৰি অপৰাধীক দুবছৰ জে’ল আৰু জৰিমনা বিহাৰ নিৰ্দেশ আছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি ১৪ বছৰ তলৰ ছোৱালীক বিয়া কৰোৱা লোকক শিশুৰ বিৰুদ্ধে যৌন অপৰাধ আইনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহিব৷ আনহাতে, ১৪-১৮ বছৰ বয়সৰ ছোৱালীক বিয়া কৰোৱা লোকক দুবছৰ জে’ল আৰু জৰিমনা বিহাৰ নিৰ্দেশ দিছে৷ উল্লেখ্য, বাল্য বিবাহ হোৱাৰ বাবেই অসমত জনসংখ্যা অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাইছে৷ বিভিন্ন ইছ্যুত যিদৰে বিভিন্ন সময়ত গণআন্দোলন হৈছে, তেনে আন্দোলন যদি বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত হ’লহেঁতেন, তেন্তে অসমত আজি জনসংখ্যা বৃদ্ধিৰ হাৰ অনিয়ন্ত্ৰিত নহ’লহেঁতেন৷ বাল্য বিবাহৰ বাবে ৰাজ্যত নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ উদ্বেগজনক৷ নেচনেল ফেমিলী হেল্‌থ ছাৰ্ভে-৫১ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, অসমত ১১.৭ শতাংশ ছোৱালীয়েই কম বয়সত মাতৃত্বৰ বোজা ল’বলগীয়া হয়৷ দেশত ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰ যদিও অসমত ৩১.৮ শতাংশ ছোৱালীয়েই নিষিদ্ধ বয়সত বিবাহপাশত আবদ্ধ হয়৷ মূলতঃ দুখীয়া পৰিয়ালৰ লোকে ছোৱালীক বোজা বুলি গণ্য কৰি বিয়া দি সেই বোজাৰ পৰা মুক্তি পাব বিচাৰে৷ এনে বিয়াৰ ক্ষেত্ৰত প্ৰকৃততে দোষী অভিভাৱক আৰু বিয়া পতা পৰিয়াল৷ সাধাৰণতে শিক্ষা-দীক্ষাত পিছপৰা অঞ্চল, অৰ্থনৈতিকভাৱে দুৰ্বল লোক, চৰ-চাপৰি, জনগোষ্ঠীয় আৰু চাহ বাগিচা অঞ্চলত বাল্য বিবাহৰ ঘটনা অধিক৷ বহু লোকে আকৌ জাল জন্মৰ প্ৰমাণ-পত্ৰ উলিয়াই বয়স ১৮ বছৰৰ অধিক হোৱা বুলি কৈও বিবাহপাশত আবদ্ধ হয়৷ এনে ক্ষেত্ৰত জাল প্ৰমাণ-পত্ৰ দিয়া সংশ্লিষ্ট লোকসকল অধিক দায়ী৷ এইসকল লোককো গ্ৰেপ্তাৰ কৰি কাৰাবাস খাটিবলৈ দিলে হয়তো এনে অপকৰ্ম ৰোধ কৰিব পৰা যাব৷ দেশত শিশুৰ বিৰুদ্ধে যৌন অপৰাধ আইন আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ থকাৰ পাছতো বাল্য বিবাহ সমাজত হৈয়েই আছে৷ তদুপৰি প্ৰায়বোৰ সমাজতে বাল্য বিবাহৰ ঘটনা দেখিও সমাজৰ লোকসকলে চকু মুদা কুলিৰ ভাও ধৰি থাকে৷ বাল্য বিবাহ ৰোধ কৰিবৰ বাবে চৰকাৰ আৰু আৰক্ষী কঠোৰ হ’লেই ইয়াক ৰোধ কৰা সম্ভৱ নহ’ব, যদিহে জনসাধাৰণ এইক্ষেত্ৰত সজাগ নহয় আৰু অপৰাধীৰ পক্ষ লয়৷ বাল্য বিবাহ ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া নিশ্চয় আদৰণীয়৷ বাল্য বিবাহ ৰোধ হ’লেহে আবাদী নিয়ন্ত্ৰিত হ’ব৷ ইয়াৰ লগতে ছোৱালীক উন্নতমানৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰি আত্মনিৰ্ভৰশীল হোৱাত সহায়ক কৰি তুলিলেহে বাল্য বিবাহ ৰোধ কৰিব পৰা যাব৷