Logo
image

শ শ ‘বেআইনী স্বামী’ৰে ভৰিছে ৰঙাঘৰ, কৌশল সলালে চৰকাৰেও

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা শ শ বেআইনী স্বামীৰে ভৰি পৰিছে ৰঙাঘৰ৷ শুকুৰবাৰৰ পৰা চলোৱা অভিযানত শনিবাৰে দুপৰীয়া পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে ২,২৫৮জন ‘বেআইনী স্বামী’৷ ইতিমধ্যে বেআইনী স্বামী গ্ৰেপ্তাৰক লৈ হাহাকাৰ লাগিছে ৰাজ্যত৷ কোনোবা ঠাইত যদি ৰঙাঘৰলৈ যোৱা স্বামীক ঘুৰাই বিচাৰি পত্নীয়ে হাহাকাৰ কৰিছে, হিয়া ঢাকুৰি কান্দিছে, আন ক’ৰবাত ৰঙাঘৰত সোমোৱা পুত্ৰৰ বাবে কান্দি উঠিছে মাতৃয়ে৷ কাৰ্যতঃ বেআইনী স্বামীক গ্ৰেপ্তাৰক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতিও৷ বেআইনী স্বামীৰ গ্ৰেপ্তাৰ অভিযানক লৈ ৰাজনৈতিক দলসমূহৰ মাজত হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ কোনো কোনো ৰাজনৈতিক দলে বেআইনী স্বামী গ্ৰেপ্তাৰ অভিযানত ৰাজনীতিৰ গোন্ধ পাইছে৷ দিছপুৰৰ উচ্ছস্তৰীয় সূত্ৰৰ পৰা পোৱা তথ্য মতে, বেআইনী স্বামী গ্ৰেপ্তাৰ অভিযান আৰম্ভ হোৱাৰ দিনটোতে অৰ্থাৎ শুকুৰবাৰে নিশাই এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বৈঠকত বেআইনী স্বামী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ঠাইক বিশেষভাৱে লক্ষ্যৰূপে লোৱাৰ সিদ্ধান্ত কৰে চৰকাৰে৷ 

সেইমতে বেআইনী স্বামী গ্ৰেপ্তাৰ অভিযানৰ কৌশল সলাই এতিয়াৰ পৰা আৰক্ষীয়ে নিৰ্বাচিত এলেকাত অভিযান চলাব৷ ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচিত এলেকাত অভিযান চলি থাকিব বুলি প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘মোক সহানুভূতিশীল বাতৰিয়ে প্ৰভাবিত কৰিব নোৱাৰে৷ ইয়াত কোনো সহানুভূতিৰ কথা নাই৷ অসমত বাল্য বিবাহ বন্ধ হ’বই লাগিব৷ ২ হাজাৰ বাল্যবিবাহ কৰোৱা লোকক যদি শাস্তি প্ৰদান কৰা হয়, তেন্তে লাখ লাখ ছোৱালীৰ জীৱন বাচি যাব৷ হত্যাকাণ্ডত জড়িত লোকৰো ল’ৰা-ছোৱালী থাকে৷ ল’ৰা-ছোৱালী থাকিল বুলিয়েই হত্যাকাণ্ডত জড়িত লোককো এৰি দিব নেকি? পত্নীৰ কোলাত কেচুঁৱা থাকিল বুলিয়েই সেই হত্যাকাৰী স্বামীজনক আইনে এৰি দিব নেকি? কোনোবা এজনে যদি কোনো ছোৱালীক ধৰ্ষণ কৰে, তেওঁৰ পত্নীৰ কোলাত কেঁচুৱা থাকিল বুলি আইনে এৰি দিব নেকি? আমিটো ছোৱালীজনীক একো কৰা নাই৷ ছোৱালীজনী আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হ’লে আমি সহায় কৰিম বুলি কৈছো৷ সকলো কথাত মানবীয়তাৰ কথা নাহে৷ লোকসভাই আইন গৃহীত কৰিছে যে বাল্য বিবাহ হ’ব নালাগে৷ কোনোবাই যদি দেউতাক-মাক গ্ৰেপ্তাৰ হ’ব বুলি আত্মহত্যা কৰে, তেন্তে আমি কি কৰিব পাৰো? এই বিলাক কথাত মোৰ শূন্য সহানুভূতি৷ লাখ লাখ ছোৱালীক বাল্য বিবাহৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব৷ বাল্য বিবাহ বন্ধ কৰিবলৈ অসমত ব্যৱস্থা চলিয়েই থাকিব৷ যি বাল্য বিবাহত জড়িত বা বাল্য বিবাহক প্ৰত্যক্ষ বা পৰোক্ষভাৱে উৎসাহিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলি থাকিব৷ 

বাল্য বিবাহক লৈ বৰ্তমানলৈ ৪০৭৪টা গোচৰ পঞ্জীয়ন হৈছে৷ ইয়াত সৰ্বমুঠ ৮১৩৪ জন ব্যক্তিক অভিযুক্তৰ শাৰীত ৰাখিছো৷ ইয়াৰে কিছু সংখ্যক বাল্যবিবাহ কৰোৱা স্বামীৰ পিতৃ বা মাতৃ৷ তেওঁলোকক পোনছাতেই গ্ৰেপ্তাৰ নকৰি জাননী জাৰি কৰা হ’ব৷ যিসকলক আমি কাৰাগাৰ বা আদালতলৈ প্ৰেৰণ কৰিব লাগিব তেনে ব্যক্তিৰ সংখ্যা প্ৰায় ৩৫০০৷ ইতিমধ্যে শনিবাৰে পুৱালৈ ২২৫৮জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ যিসকলে ১৪ বছৰ বয়সৰ ওপৰৰ ছোৱালী বিয়া পাতিছে, তেওঁলোকৰ ধাৰা জামিনযোগ্য হ’ব৷ ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া পতা সকলৰ ধাৰা জামিন অযোগ্য হ’ব৷ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগলৈ এই অভিযান চলি থাকিব৷ অসমত এখনো যাতে বাল্য বিবাহ হ’ব নোৱাৰে তাৰ কাৰণে বিস্তৃত পদক্ষেপ গ্ৰহণ কৰিম৷ আইনৰ ব্যৱস্থা চলি থাকিব৷ উপায়ুক্তসকলে কাজীৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব৷ বাল্য বিবাহ ৰোধৰ বাবে এটা হেল্প লাইন ব্যৱস্থা থাকিব৷’