Logo
image

৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধিঃ ‘অচ্ছে দিন’ আহিল আমাৰ আজমলৰহে

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ মাত্ৰ ১০ বছৰৰ ভিতৰত সৰ্বাধিক সম্পত্তি বৃদ্ধি পোৱা দেশৰ শীৰ্ষ ১০জন চহকী সাংসদৰ তালিকাত স্থান লাভ কৰিছে অসমৰ  বদৰুদ্দিন আজমলে৷ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ ১০ বছৰৰ ব্যৱধানত ১৬০ শতাংশ পৰ্যন্ত  সম্পত্তি বৃদ্ধি পাইছে৷ অবিশ্বাস্য যেন লাগিলেও এই তথ্য প্ৰকাশ কৰিছে এছ’চিয়েশ্বন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ এডিআৰ নামৰ সংস্থাটোৰ সমীক্ষাত ৷ এডিআৰে ২০০৯ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে তিনিবাৰকৈ লোকসভাৰ সাংসদ হিচাপে জয় লাভ কৰা দেশৰ ৭১জন সাংসদৰ সম্পত্তিৰ তথ্য প্ৰকাশ কৰিছে৷ মাত্ৰ তিনিটা কাৰ্যকালত অৰ্থাৎ ১০ বছৰৰ ব্যৱধানত উক্ত ৭১জন সাংসদৰ সম্পত্তি গড়ে ২৮৬ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ উক্ত প্ৰতিবেদনত তিনিবাৰ একেৰাহে জয়ী হোৱা দেশৰ শীৰ্ষ ১০ ধনী সাংসদৰ তালিকাত ৮ নম্বৰত আছে অসমৰ সাংসদ বদৰুদ্দিন আজমল৷ ২০০৯ চনত জয় লাভ কৰাৰ সময়ত সাংসদ আজমলৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৩০.৩৫ কোটি টকা৷ কিন্তু ২০১৯ চনত এআইউডিএফ দলৰ মুৰব্বীজনৰ সম্পত্তিৰ পৰিমাণ ৭৮.৮০ কোটি টকালৈ বৃদ্ধি পায়৷ উক্ত ১০ বছৰত আজমলৰ মুঠ সম্পত্তি বৃদ্ধিৰ পৰিমাণ হৈছে ৪৮.৪৫ কোটি টকা৷ এক কথাত মোদী চৰকাৰে ‘আচ্ছে দিন’ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিছিল যদিও বাস্তৱত আচ্ছে দিন আহিল বদৰুদ্দিন আজমলৰহে৷ সুগন্ধি আতৰ ব্যৱসায়ৰে জড়িত আজমলে কাগজে কলমে এই ধনৰাশিৰ তথ্য প্ৰকাশ কৰিছে যদিও প্ৰকৃততে তেওঁ কিমান চহকী সেয়া স্পষ্ট নহয়৷ এডিআৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ৭১জন পুনৰ নিৰ্বাচিত সাংসদৰ ২০০৯ চনত গড় সম্পত্তি আছিল ৬.১৫ কোটি টকা৷ ২০১৯ত নিৰ্বাচিত হোৱাৰ পাছত এই ৭১জন সাংসদৰ গড় সম্পত্তি ৷ ২৩.৭৫ কোটি টকা লৈ বৃদ্ধি পায়৷ এইসকল সাংসদৰ শীৰ্ষত আছে বিজেপিৰ ছয়জন সাংসদ৷ এন চি পি, শিৰোমণি আকালি দল, বিজেডি আৰু এ আই ইউ ডি এফৰ পৰা এজনকৈ সাংসদ শীৰ্ষ দহৰ ভিতৰত আছে৷ শীৰ্ষত আছে শিৰোমণি আকালি দলৰ সাংসদ হৰসিমৰট কৌৰ বাদল৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাদলৰ সম্পত্তি দহ বছৰৰ ভিতৰত সৰ্বাধিক ১৫৭.৬৮ কোটি টকা বৃদ্ধি পাইছে৷ এইসময় চোৱাত  সাংসদ বাদলৰ সম্পত্তি ৬০ কোটি টকাৰ পৰা ২১৭ কোটি টকালৈ বৃদ্ধি পায়৷ এই তালিকাৰ দ্বিতীয়ত আছে শৰদ পাৱাৰৰ কন্যা তথা এন চি পিৰ সাংসদ সুপ্ৰিয়াছলে৷ ২০০৯ চনত ছলেৰ সম্পত্তি আছিল ৫১.৫৩ কোটি টকাৰ৷ বৰ্তমান বৃদ্ধি হৈছে ১৪০.৮৮ কোটি টকালৈ৷ দহ বছৰত তেওঁৰ সম্পত্তি ৮৯.৩৫ কোটি টকা বৃদ্ধি পালে৷ পুৰীৰ বিজেডিৰ সাংসদ পিনাকী মিশ্ৰই দহ বছৰত ৮৭.৭৮ কোটি টকাৰ সম্পত্তি বৃদ্ধিৰে তালিকাৰ তৃতীয় স্থান দখল কৰিছে৷ বিজেপি সাংসদ বৰুণ গান্ধীৰ দহ বছৰত সম্পত্তি বাঢ়িল ১১২৪ শতাংশ৷ বিজেপি সাংসদ বৰুণ গান্ধীৰ নামো শীৰ্ষ দহৰ ভিতৰত আছে৷ ২০০৯ চনত বৰুণ গান্ধীৰ সম্পত্তি আছিল ৪.৯২ কোটি, ২০১৯ চনত ৬০.৩২ কোটিলৈ বৃদ্ধি হ’ল সম্পত্তি৷ পিছ পৰি থকা নাই মানেকা গান্ধীও৷ চুলতানপুৰৰ বিজেপি সাংসদ মানেকা গান্ধীৰ ২০০৯ চনত সম্পত্তিৰ পৰিমাণ আছিল ১৭ কোটি টকা৷ দহ বছৰত বৃদ্ধি পালে ৫৫ কোটিলৈ৷ বিজেপিৰ সাংসদসকলৰ ভিতৰত সৰ্বাধিক সম্পত্তি বৃদ্ধি হ’ল পিচি মোহনৰ৷ ২০০৯ চনত বাংগালুৰুৰ সাংসদ মোহনৰ সম্পত্তি আছিল পাঁচ কোটি৷ সেয়া ৭৫ কোটিলৈ বৃদ্ধি হ’ল ২০১৯ত৷ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা সাংসদসকলৰ গড় সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত বিজেপিৰ সৰ্বাধিক ৪৩জন সাংসদ আছে৷ আলাদিনৰ চাকি প্ৰাপ্ত সাংসদসকলৰ ভিতৰত দ্বিতীয় স্থানত আছে কংগ্ৰেছ৷ দলটোৰ ১০জন সাংসদৰ সম্পত্তি গড়ে ১০ কোটি টকাকৈ বৃদ্ধি হৈছে৷ প্ৰতিবেদন অনুসৰি, কৰ্ণাটকৰ বিজাপুৰৰ বিজেপি সাংসদ জিগাজিনাগীৰ ২০০৯ চনত প্ৰায় ৰ.১৮ কোটি টকাৰ সম্পত্তি আছিল৷ ২০১৯ চনত এই সম্পত্তিৰ পৰিমাণ ৪২ গুণ বৃদ্ধি হৈ ৫০.৪১ কোটি টকা হৈছেগৈ৷ ২০১৯ চনত একেৰাহে ষষ্ঠবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱা জিগাজিনাগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ চৰকাৰত ২০১৬১ জুলাইৰ পৰা ২০১৯১ মে’ মাহলৈ কেন্দ্ৰীয় খোৱা পানী আৰু অনাময় ৰাজ্যিক মন্ত্ৰীৰ দপ্তৰত আছিল৷