Logo
image

১০ দিনত অবিশ্বাস্য বিপৰ্যয়ঃ দেশৰ ৰে’ল বাজেটৰ ৪ গুণ ধন হেৰুৱালে আদানিয়ে

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ ৯,৭৩,৪০,১০,০০,০০,০০০৷ আখৰেৰে লিখিলে এয়া হ’ব ভাৰতীয় মুদ্ৰাত ৯ লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা৷ মাৰ্কিন ডলাৰৰ হিচাপত ১১,৮০০ কোটি৷ এয়া হৈছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ঘনিষ্ঠ গুজৰাটী উদ্যোগপতি গৌতম আদানিয়ে ১০ দিনত হেৰুওৱা সম্পত্তিৰ পৰিমাণ৷ আমেৰিকাৰ শ্বৰ্ট চেল সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ যিমানেই স্বল্পখ্যাত নহওক কিয়, সেই সংস্থাই প্ৰকাশ কৰা ৩২,০০০ শব্দৰ এক প্ৰতিবেদনৰ ফলত যোৱা ২৪ জানুৱাৰীলৈকে বিশ্বৰ তৃতীয় স্থানৰ চহকী ধনকুবেৰ হৈ থকা গৌতম আদানিয়ে তেওঁৰ সম্পত্তিৰ ৫০ শতাংশ ১০ দিনত হেৰুৱাবলগীয়া হৈছে৷ হিণ্ডেনবাৰ্গ নামৰ সংস্থাটোৰ প্ৰতিবেদন আদানি গোষ্ঠীয়ে পোনচাটেই নাকচ কৰিছে৷ বাৰম্বাৰ বিবৃতি জাৰি কৰিছে এই প্ৰতিবেদন ভুৱা বুলি৷ চালে বেৰে কোবাই ৪১৬ পৃষ্ঠাৰ উত্তৰো দিছে আদানি গোষ্ঠীয়ে৷ সততে সংবাদ মাধ্যমৰ পৰা নৰেন্দ্ৰ মোদীৰ দৰে দূৰত অৱস্থান কৰা স্বয়ং গৌতম আদানিয়েও ভিডিঅ’ বাৰ্তাৰে বিনিয়োগকাৰীক আশ্বস্ত কৰাৰ চেষ্টা চলাইছে৷ কিন্তু নাই৷ তেওঁৰ সম্পত্তিৰ পাহাৰ খহিয়েই আছে৷

যোৱা ১০ দিনত গৌতম আদানিৰ যিমান ধন লোকচান হৈছে তাৰ পৰিমাণ এইবাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ভাৰতীয় ৰে’ল বাজেটৰ ৪ গুণতকৈ অধিক৷ বাণিজ্য আৰু অৰ্থনীতি বিষয়ক ৱেবছাইট ‘ফৰচুন’ৰ প্ৰতিবেদন অনুসৰি হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ্যে অহাৰ পূৰ্বে আদানি গোষ্ঠীৰ বিভিন্ন কোম্পানীৰ সম্পত্তিৰ মুঠ পৰিমাণ আছিল ২১ হাজাৰ ৭০০ কোটি ডলাৰ৷ ১০ দিনৰ পাছত সেই সম্পত্তিৰ পৰিমাণ হৈছেগে ৯ হাজাৰ ৯০০ কোটি ডলাৰ৷ ইয়াৰ ফলত যোৱা ২৪ জানুৱাৰীত বিশ্বৰ চহকী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত থকা আদানি পপীয়া তৰাৰ দৰে খহি পৰিছে ২২ নম্বৰ স্থানলৈ৷ এই হিচাপ শুকুৰবাৰ পৰ্যন্ত৷ শনিবাৰ আৰু দেওবাৰে শ্বেয়াৰ বজাৰ বন্ধ থকাৰ ফলত এই দুটা দিনত তেওঁ অৱনমনৰ ক্ষেত্ৰত সামান্য উশাহ ল’বলৈ সক্ষম হ’ব৷ যোৱা আগষ্টত মুকেশ আম্বানিৰ ৰিলায়েন্স গোষ্ঠীক অতিক্ৰম কৰি এছিয়াৰ সবাটোকৈ চহকী ব্যক্তিত পৰিণত হৈছিল গৌতম আদানি৷ তাৰ কিছুদিন পাছতে ‘ক্ৰেডিট ছাইট’ নামৰ এটা সংস্থাই আদানি গোষ্ঠী সন্দৰ্ভত ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ কৰি কৈছিল যে আদানি গোষ্ঠীৰ এই চমৎকাৰ উত্তৰণৰ পাছত আছে পাহাৰসম ঋণৰ বোজা৷ সেই সময়ত আদানি গোষ্ঠীৰ ঋণৰ পৰিমাণ হৈছিল ২.২২ লাখ কোটি টকা৷ এই ঋণেই আদানি গোষ্ঠীৰ বাবে মাৰাত্মক বোজা হৈ পৰিব বুলি প্ৰতিবেদনত ‘ক্ৰেডিট ছাইটে’ দাবী কৰিছিল৷

নৰেন্দ্ৰ মোদী চৰকাৰে বিৰোধী ৰাজনৈতিক দলৰ প্ৰৱল দাবী উপেক্ষা কৰি এতিয়াও আদানি গোষ্ঠীৰ আৰ্থিক প্ৰবঞ্চনাৰ বিষয়ে সংসদত আলোচনা কৰা বা তদন্ত ঘোষণা কৰাৰ পৰা বিৰত আছে৷ বিৰোধী দলো নিৰপেক্ষ তদন্তৰ বাবে যুটীয়া সংসদীয় কমিটী বা উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ দাবীত অটল হৈ আছে৷ এনে পৰিস্থিতিৰ মাজতে কৰ্প’ৰেট বিষয়ক মন্ত্ৰণালয়ে আদানিৰ সংস্থাৰ আৰ্থিক নথি পৰীক্ষা কৰা আৰম্ভ কৰিছে৷ বিগত কেইবাবছৰত আদানি গোষ্ঠীয়ে জাৰি কৰা সকলো আৰ্থিক বিবৃতি আৰু লেন-দেন পৰীক্ষা কৰিব কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰণালয়ে৷ অৱশ্যে তাৰ পৰা বিশেষ ফল ধৰিব বুলি আশা কৰা নাই বিৰোধী ৰাজনৈতিক দলে৷ উল্লেখ্য, ভাৰতীয় ৰিজাৰ্ভ বেংকেও ইতিমধ্যে আদানি গোষ্ঠীৰ কিমান ধাৰ-দেনা আছে তাৰ হিচাপ দিবলৈ দেশৰ সকলো বেংক, বিত্তীয় প্ৰতিষ্ঠানক নিৰ্দেশ দিছে৷

আদানি গোষ্ঠীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ ধৰণ সাধাৰণ লোকৰ বোধগম্য হোৱা টান৷ হৰ্ষদ মেহতাই যিমান বৃহৎ শ্বেয়াৰ বজাৰ কেলেংকাৰি সংঘটিত কৰিছিল, এই কেলেংকাৰি তাৰ লক্ষ গুণ আধিক৷ আদানি গোষ্ঠীয়ে বিগত এক দশক ধৰি শ্বেয়াৰ বজাৰত থকা নিজৰ শ্বেয়াৰৰ মূল্য প্ৰভাৱ খটুৱাই বৃদ্ধি কৰিছিল আৰু সেই ভুৱা মূল্য সম্বলিত অদৃশ্য ধনৰ বন্ধকৰ বিনিময়ত বিদেশী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল আৰু অবিশ্বাস্য পৰিমাণত মুনাফা লুটিছিল৷ এতিয়া বিপদত পৰা আদানি গোষ্ঠীয়ে আস্থা ঘূৰাই আনিবলৈ ‘বিগ ফ’ৰ’ অৰ্থাৎ ডিলাইট, আৰ্নেষ্ট এণ্ড ইয়ং (ই ৱাই), কেপিএমজি ইণ্টাৰনেশ্বনেল বা প্ৰাইচ ৱাটাৰহাউছ কুপাৰৰ ভিতৰত যিকোনো এটা বহুজাতিক হিচাপ ৰক্ষক সংস্থাৰ দ্বাৰা নিজৰ কোম্পানীৰ অডিট কৰোৱাৰ প্ৰস্তুতি নিছে৷ ইপিনে, ভাৰতীয় বিত্তীয় নিয়ামক সংস্থা ‘ছেবি’য়ে আদানি গোষ্ঠীৰ নাম নোলোৱাকৈ শনিবাৰে এই বিষয়ত মুখ খুলিছে আৰু দেশৰ শ্বেয়াৰ বজাৰত অস্বাভাৱিকতাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, মোদী চৰকাৰে বিষয়টো সদনত উত্থাপন কৰিবলৈ নিদিলেও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনেও আদানিৰ নামোল্লেখ নকৰাকৈ দেশৰ বিত্তীয় নিয়ামক সংস্থাই নিজাববীয়াকৈ কাম কৰি থকা বুলি মন্তব্য কৰিছে৷