Logo
image

আৰক্ষীৰ অভিযান চলি আছেঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ'ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া কিশোৰীৰ

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে বাল্যবিবাহ৷ যাৰ বাবে বাল্য বিবাহ ৰোধৰ সংকল্প লৈছে হিমন্ত বিশ্ব চৰকাৰে৷ বাল্য বিবাহৰ অপৰাধত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে অসমত বাল্য বিবাহ বন্ধ হ'বই লাগিব৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলি থাকিব৷ 

বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে কাছাৰত সংটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ'বলৈ নাপাব বুলি জীৱন চৰম সিদ্ধান্ত ল'লে এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে৷ 

কাছাৰৰ ধলাই থানাৰ অন্তৰ্গত ৰাজনগৰ গাঁও পঞ্চায়তৰ খাছপুৰ গাঁৱৰ ১৬ জন লোকক বাল্য বিবাহৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ পাই মাহমুদা বেগমে আত্মহত্যাৰ সিদ্ধান্ত লয়। ঘটনাৰ বিৱৰণ অনুসৰি, ১৬ বছৰীয়া মাহমুদা বেগম এজন যুৱকৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত আছিল৷ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়েও প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ'বলৈ দিব বুলি আশ্বাস দিছিল যদিও শেহতীয়া পৰিস্থিতিৰ বাবে এই বিবাহক লৈ অসন্মত হয় তেওঁৰ পিতৃ-মাতৃ৷ যাৰ বাবে প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ'বলৈ নোপোৱাৰ আশংকাত আত্মহত্যা কৰে কিশোৰীগৰাকীয়ে৷