Logo
image

ৰাজনীতিতকৈ সাহিত্য ডাঙৰ নহয়!: নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী নগ’ল নাৰায়ণপুৰলৈ

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ ৰাজনীতিতকৈ সাহিত্য ডাঙৰ নহয়৷ এয়া প্ৰযোজ্য হয় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ক্ষেত্ৰত৷ সেইবাবেই ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ মুখ্য অতিথিৰূপে আমন্ত্ৰিত মুখ্যমন্ত্ৰী শৰ্মাই সাহিত্য সভাৰ অধিৱেশনলৈ যোৱাৰ পৰিৱৰ্তে বিজেপিৰ হৈ প্ৰাক্‌নিৰ্বাচনী ৰণকৌশল ৰচনা কৰা আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে ত্ৰিপুৰা আৰু নাগালেণ্ডলৈ যোৱাটো অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিলে৷ সেইবাবেই শনিবাৰে নাৰায়ণপুৰলৈ যোৱাৰ পৰিৱৰ্তে ৰাজনৈতিক কামৰ বাবে ত্ৰিপুৰা আৰু নাগালেণ্ডলৈ যায় মুখ্যমন্ত্ৰী৷ লক্ষণীয়ভাৱে শুকুৰবাৰে নিশা ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ উভতি আহিছিল মুখ্যমন্ত্ৰী শৰ্মা৷ কিন্তু শনিবাৰে পুনৰ তেওঁ ত্ৰিপুৰা আৰু নাগালেণ্ডলৈ যায়৷ উল্লেখ্য, বহু বাদ-বিসম্বাদ, বিতৰ্ক আৰু বিভ্ৰান্তিৰ মাজেৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ পূৰ্ণাঙ্গ অধিৱেশনখন শনিবাৰে সামৰণি পৰে৷ নাৰায়ণপুৰ অধিৱেশনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰায় কুৰিজনৰো অধিক ৰাজনীতিকক আৰু গুৱাহাটীৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিকক নিমন্ত্ৰণ জনাইছিল যদিও এই আটায়ে সাহিত্য সভাক বিমুখ কৰে৷ যাৰ বাবে নৱ-নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাই নগন্যসংখ্যক লোকৰ উপস্থিতিত মূল মঞ্চত অনুষ্ঠিত হোৱা দ্বিতীয় মুকলি অধিৱেশনখন সঞ্চালনা কৰিব লগা হয়৷ নৱ-নিৰ্বাচিত সভাপতিজনে এনেদৰে নিমন্ত্ৰিত গৰিষ্ঠসংখ্যক অতিথিৰ অনুপস্থিতিত এনেদৰে সামান্যসংখ্যক লোকৰ উপস্থিতিত প্ৰথমখন সভাত সঞ্চালনা কৰি একপ্ৰকাৰে বিব্ৰতবোধ কৰে৷ লক্ষণীয় কথা যে, নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ষট্‌ সপ্ততিতম পূৰ্ণাঙ্গ অধিৱেশনখনৰ অন্তিম দিনা ৪ ফেব্ৰুৱাৰীৰ মুকলি অধিৱেশনলৈ মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, বিশিষ্ট অতিথি হিচাপে আছুৰ উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে বিশেষভাৱে আমন্ত্ৰিত অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী অতুল বৰা, পীয়ূষ হাজৰিকা, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, পল্লৱলোচন দাস, বিধায়ক নৱ কুমাৰ দলে, মানৱ ডেকা, উৎপল বৰা, শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত, বড়োলেণ্ড স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ৰাভা-হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, প্ৰাক্তন বিধায়ক ভূপেন বৰা, দেৱানন্দ হাজৰিকা, কেশৰাম বৰা আদিৰ নাম গোহাৰিত ছপা কৰিছিল যদিও ইয়াৰে মন্ত্ৰী অতুল বৰাৰ বাহিৰে আন কোনো এজনেই অধিৱেশনলৈ নাহিল৷ অৱশ্যে শনিবাৰৰ সভাত প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, প্ৰাক্তন বিধায়ক কেশৰাম বৰা, দেৱানন্দ হাজৰিকাহে উপস্থিত থাকে৷ প্ৰায় পাঁচ হাজাৰ লোক একেলগে বহিব পৰা মূল মঞ্চত শনিবাৰে কেৱল তিনি-চাৰিশ লোকৰ উপস্থিতিত নৱ নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাই সভা অনুষ্ঠিত কৰিবলগা বিষয়টোৱে অধিৱেশনস্থলীত ব্যাপক চৰ্চা লাভ কৰে৷ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ড॰ অমিয় কুমাৰ ভূঞাই নিজৰ স্বাৰ্থত এইসকল ৰাজনীতিবিদৰ নাম সন্নিবিষ্ট কৰিছিল নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে৷ সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ সাহিত্যিকৰ বিপৰীতে বৃহৎসংখ্যক ৰাজনীতিক তথা অ-সাহিত্যিকক অধিৱেশনলৈ নিমন্ত্ৰণ কৰা কাৰ্যই তোলপাৰ লগাই আহিছিল৷ তেনেস্থলত ৰাজীতিকসকলেও অসম সাহিত্য সভাক বিমুখ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ একপ্ৰকাৰে অধিৱেশনৰ অন্তিম তথা দ্বিতীয় মুকলি সভাত একপ্ৰকাৰে খালী আসনৰ সন্মুখত ভাষণ দাঙি ধৰিব লগা হ’ল সূৰ্যকান্ত হাজৰিকা, আদৰণি সমিতিৰ সভাপতি অমিয় ভূঞা আদিয়ে৷ অধিৱেশনলৈ ৰাজ্যৰ কেইবাজনো আগশাৰীৰ সাংবাদিকক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোকৰ গৰিষ্ঠসংখ্যকেই উপস্থিত নহ’ল৷ শনিবাৰে পুৱা দহ বজাত অনুষ্ঠিত হোৱা সংবাদ সাহিত্য সন্মিলনলৈ নিতুমণি শইকীয়া, চন্দ্ৰ কুমাৰ বৰুৱা, অনুপম চক্ৰৱৰ্তী, দেৱজিৎ ভূঞা, চন্দ্ৰ কুমাৰ শইকীয়া, ছায়ামণি ভূঞা আৰু ৰবিন ভূঞাক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও অধিৱেশনলৈ তিনি-চাৰিদিন বাকী থকা অৱস্থাত সংবাদ সাহিত্য সন্মিলনৰ উদ্বোধক নিতুমণি শইকীয়াৰ নাম কৰ্তন কৰি তেওঁৰ ঠাইত সাংবাদিক দিলীপ চন্দনৰ নাম সন্নিবিষ্ট কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু ইয়াৰ অন্তৰালত নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ হাত থকা বুলি সৰৱ চৰ্চা চলে৷ তেনেস্থলত শনিবাৰে পুৱা এঘাৰ বজাত অনুষ্ঠিত হোৱা সংবাদ সাহিত্য সন্মিলনখনত চন্দ্ৰ বৰুৱা, ৰবিন ভূঞাৰ বাহিৰে বাকীসকল উপস্থিত নহ’ল৷ ইফালে ৩ ফেব্ৰুৱাৰীত ‘নাট্য সাহিত্য সন্মিলন’ উদ্বোধনৰ বাবে প্ৰখ্যাত নাট্যকাৰ ঘন হাজৰিকাৰ নাম কাৰ্যসূচীত ছপা কৰা হৈছিল যদিও লখিমপুৰৰ ঘন হাজৰিকাৰ লগত সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ কোনো এজন বিষয়ববীয়াই ঘন হাজৰিকাক বিষয়টো অৱগত কৰা নাছিল তথা অনুষ্ঠানলৈ প্ৰকৃততে তেওঁক নিমন্ত্ৰণ কৰা নাছিল বুলি ৩ ফেব্ৰুৱাৰীৰ গ্ৰন্থমেলাৰ মুকলি মঞ্চত অসম নাট্য কোষৰ প্ৰণেতা তথা সাদিনীয়া নাট্য বাৰ্তাৰ সম্পাদক মিণ্টু শইকীয়াই তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ যাৰ বাবে নাট্যকাৰজন নাট্য সাহিত্য সন্মিলনখনলৈ অহাৰ কোনো সুযোগ লাভ নকৰিলে৷ একপ্ৰকাৰে ঘন হাজৰিকাক সাহিত্য সভাই অপমানিত কৰিলে বুলি মিণ্টু শইকীয়াই ভাষণত খেদ ব্যক্ত কৰে৷ এই সন্দৰ্ভত তেওঁ কয়- নাট্য সাহিত্যৰ মৰ্যাদা দিবলৈ সাধাৰণতে প্ৰকাশন অনুষ্ঠান, নাট্যকোষ প্ৰকাশৰ ক্ষেত্ৰত এটা চক্ৰই গুৰুত্ব নিদিয়ে৷ নাট্যকাৰ ঘন হাজৰিকাক নাট্য সাহিত্য সন্মিলনৰ উদ্বোধক হিচাপে কোনো নিমন্ত্ৰণ বা অৱগত নকৰাকৈ মাথোঁ অপমান কৰিবলৈকে তেওঁক বঞ্চিত কৰা বুলি মিণ্টু শইকীয়াক ঘন হাজৰিকাই অৱগত কৰা বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য, নাৰায়ণপুৰ অধিৱেশনৰ অন্তিম দিনা সন্ধিয়া অনুষ্ঠিত হয় পুলক গগৈ-শুক্ৰাচাৰ্য ৰাভা-ক্ষীৰোদ খাখলাৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান৷ মণিকাঞ্চন ক্ষেত্ৰৰ মূল মঞ্চত অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷