Logo
image

হঠাৎ হাত-ভৰি অৱশ হোৱাটো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে

বহুতৰে কেতিয়াবা হাত বা ভৰি অৱশ হৈ পৰা যেন অনুভৱ হয়৷ বাহু বা গাঁঠিৰ কোনো এক স্নায়ু যদি সংকুচিত হয় বা ক্ষতিগ্ৰস্ত হয়, তেতিয়া হাতখন অৱশ হোৱা যেন লাগে৷ তদুপৰি ডায়েবেটিছৰ দৰে ৰোগৰ বাবে পেৰিফেৰাল স্নায়ু ক্ষতিগ্ৰস্ত হ’লে, আঘাত, সংক্ৰমণ আৰু বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে হাত অৱশ হোৱা যেন অনুভৱ হয়৷ কিছুমানৰ আকৌ ভৰিৰ পতাত কেতিয়াবা বেজিয়ে খোচা যেন অনুভৱ হয়৷ মেৰুদণ্ডৰ তলৰ অংশৰ স্নায়ুমূলত যন্ত্ৰণা হ’লে এনে সমস্যা হয়৷ এনে ধৰণৰ অনুভূতিক বহুতেই অৱহেলা কৰে৷ কিন্তু এনে অনুভূতি যদি দীৰ্ঘস্থায়ী হয়, তেন্তে সেয়া গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে৷ উল্লেখ কৰা হ’ল হাত-ভৰি অৱশ হ’লে হ’ব পৰা ৰোগ–
(১) ডায়েবেটিছঃ বহুতৰে ডায়েবেটিছৰ সমস্যা থাকে৷ পেৰিফেৰাল স্নায়ু ৰোগত আক্ৰান্ত হ’লে এনে সমস্যা হয়৷ ইয়াৰ ফলত ভৰিৰ পতা অৱশ হয়৷ পৰৱৰ্তী সময়ত লাহে লাহে সেই অনুভূতি ভৰিৰ পৰা দেহৰ ওপৰ অংশলৈ উঠি আহে৷
(২) ছিষ্টেমিক ডিজজঃ এইবিধ ৰোগ শৰীৰৰ যিকোনো অংগত হ’ব পাৰে৷ কিডনীৰ সমস্যা, ভাস্কুলাৰ ডিজিজ, হৰমনৰ ভাৰসাম্যহীনতা আৰু কেন্সাৰ সৃষ্টি কৰা টিউমাৰ আদি ৰোগসমূহক ছিষ্টেমিক ডিজিজ বুলি কোৱা হয়৷ এই ৰোগত আক্ৰান্ত হ’লে প্ৰাথমিক অৱস্থাত হাত বা ভৰি অৱশ হোৱা যেন লাগে৷
(৩) টাৰছাল টানেল চিণ্ড্ৰমঃ ভৰিৰ পতাৰ পিছৰ অংশ অৰ্থাৎ গোৰোহাৰ পিনে কিছুমান টানেল থাকে৷ টাৰছাল টানেল চিণ্ড্ৰমটো পষ্টেৰিয়’ৰ টিবিয়াল নিউৰালজিয়া নামেৰেও জনাজাত৷ গোৰোহাৰ ভিতৰত থকা টিবিয়াল স্নায়ু সংকুচিত হ’লে ভৰি অৱশ হৈ পৰে৷ এনেকুৱা হ’লে লগে লগে চিকিৎসা আৰম্ভ কৰক৷
(৪) ষ্ট্ৰ’কঃ হৃদযন্ত্ৰত তেজৰ সৰবৰাহ পৰ্যাপ্ত নহ’লে ষ্ট্ৰ’ক হয়৷ বিশেষকৈ ৰক্তনলীত ব্ল’কেজ হ’লে এনেকুৱা হয়৷ ষ্ট্ৰ’কৰ প্ৰাথমিক লক্ষণ হৈছে বাওঁহাত অৱশ হোৱা৷ এই অনুভূতি পাছলৈ হাতৰ তলুৱালৈকে বিয়পি পৰে৷