Logo
image

পত্নীৰ বয়স ১৬ : শহুৰেকৰ ঘৰতে আত্মহত্যাৰ অপচেষ্টা ১৮ বছৰীয়া অংকুৰৰ

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ৷ শেহতীয়াকৈ বাল্য বিবাহ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে ৰাজ্যত বাল্য বিবাহ বন্ধ হ'বই লাগিব৷ ২০২৬ চনলৈকে ৰাজ্যত চলি থাকিব বাল্য বিবাহ বিৰোধী অভিযান৷

বাল্য বিবাহ বিৰোধী অভিযানক লৈ এতিয়া শংকিত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ স্বামী৷ ইয়াৰ মাজতে গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ ধিঙৰ যুৱক অংকুৰ নাথে শহুৰেকৰ ঘৰতে আত্মহত্যাৰ অপচেষ্টা চলায়৷ মহানগৰীৰ বশিষ্ঠৰ বৰপথাৰত সংঘটিত হৈছে এই ঘটনা৷

যুৱকজনৰ বয়স মাত্ৰ ১৮ বছৰ আৰু তেওঁৰ পত্নীৰ বয়স ১৬ বছৰ বুলি জানিব পৰা গৈছে৷ সংকটজনক অৱস্থাত যুৱকজনক হেলথ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়৷