Logo
image

মহানগৰীৰ ৰাজপথত ট্ৰাকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহঃ ফটাশিল আমবাৰী থানাৰ ৪ আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ ৰাজপথত ট্ৰাকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ অভিযোগত ফটাশিল আমবাৰী  আৰক্ষী থানাৰ ৪ জন আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ কৰে ডিচিপি দেৱাশীষ বৰাই। ৰিজাৰ্ভ ক্ল'জ কৰা আৰক্ষী কেইজন হৈছে ফটাশিল আমবাৰী আৰক্ষী থানাৰ হাবিলদাৰ কিশোৰ কলিতা, কনিষ্টবল হিতেশ্বৰ বৰ্মন, গৃহৰক্ষীৰ জোৱান মুক্তাৰ আহমেদ আৰু গাড়ী চালক সুৰেন কলিতা। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শনিবাৰে নিশা মহানগৰীৰ ঘাইপথত বলপূৰ্বকভাৱে ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছিল ৪ জন আৰক্ষীৰ বিৰুদ্ধে। ডিচিপি দেৱাশীষ বৰাৰ সন্মুখত ধন লোৱাৰ কথা  ৪ জন আৰক্ষীয়ে স্বীকাৰ কৰাৰ লগতে ধনখিনি ট্ৰাকৰ মালিকক ঘূৰাই দিয়ে ৷

একাংশ আৰক্ষীৰ বাবে এতিয়া অসমবাসীৰ ওচৰত লজ্জানত হ'বলগীয়া হৈছে সমগ্ৰ অসম আৰক্ষী ৷ মুখ্যমন্ত্ৰী কিম্বা নৱনিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধানে অসম আৰক্ষীক সংস্কাৰ সাধনৰ চেষ্টা চলোৱাৰ বিপৰীতে এতিয়াও একাংশ আৰক্ষীয়ে এতিয়াও চলাই গৈছে স্বৈৰাচাৰিতা ৷ অভিযোগ মতে শুক্ৰবাৰে নিশা ফটাশিল আমবাৰী আৰক্ষীৰ এটা ৪ জনীয়া তহলদাৰী দলে এখন ট্ৰাকৰ পৰা বলপূৰ্বক বাবে সংগ্ৰহ কৰিছিল ৭ হাজাৰ টকা ৷ ট্ৰাকখনৰ গৰাকীয়ে লগে লগে শীৰ্ষ আৰক্ষী বিষয়াক ঘটনা সম্পৰ্কে অৱগত কৰাত লগে লগে ডিচিপি দেৱাশীষ বৰাই তলৱ কৰে ৪ আৰক্ষীক ৷ লগে লগে ডিচিপি দেৱাশীষ বৰাই ৪ জন আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ কৰে৷ গুৱাহাটীৰ মাজমজিয়াত নিশা ৰাজপথত আৰক্ষীৰ দ্বাৰা সংঘটিত এই কাৰ্যকলৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷