Logo
image

শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰৰ উদ্যোগত মহাশিৱৰাত্ৰি আৰু ৰুদ্ৰযজ্ঞ আয়োজনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ শিলপুখুৰী অঞ্চলৰ অন্যতম আধ্যাত্মিকতাৰ স্থলী 'শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰ'ৰ উদ্যোগত এইবেলি ২৬ তম বার্ষিক মহাশিৱৰাত্ৰি আৰু ৰুদ্ৰযজ্ঞৰ বিশেষ আয়োজনেৰে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলিছে। দেওবাৰে ‘শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰ'ৰ প্ৰাংগণত অনুষ্ঠিত এখন সংবাদ মেলত  এইকথা সদৰী কৰে- শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজা উদযাপন সমিতিৰ সভাপতি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। তেওঁ লগতে কয়- এই ৰুদ্ৰযজ্ঞৰ বিভিন্ন কাৰ্য্যসূচীৰে  ১৫ ফেব্ৰুৱাৰীৰ  পৰা  ১৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। ১৫ ফেব্ৰুৱাৰীৰত শুভ উদ্বোধন কৰিব গোবৰ্দ্ধন পীঠৰ শঙ্কৰাচাৰ্য্য শ্রীশ্রী অধ্যোক্ষজানন্দ মহাপ্রভুই। ১৬ ফেব্ৰুৱাৰীৰ পৰা ভানপূৰা পীঠৰ শঙ্কৰাচাৰ্য্য শ্রীশ্রী জ্ঞানানন্দ তীর্থ মহাপ্রভু উপস্থিত থকাৰ লগতে মহাপীঠ কাশীৰ পৰা বহুকেইগৰাকী আধ্যাত্মিক পণ্ডিতে এই অনুষ্ঠানত যোগদান কৰিব বুলি সন্মতি প্ৰদান কৰিছে।

এই উপলক্ষে বুধবাৰে পুৱা ১০ বজাত মন্দিৰৰ ধৰ্ম্মধ্বজা উত্তোলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। বিয়লি ৩ বজাত যজ্ঞৰ শুভ উদ্বোধন কৰিব গোবৰ্দ্ধন পীঠৰ জগতগুৰু শঙ্কৰাচাৰ্য্য শ্রীশ্রী অধ্যোক্ষজানন্দ মহাপ্রভুই। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু বহুকেইগৰাকী গণ্য- মান্য ব্যক্তি উপস্থিত থাকিব। বিয়লি ৬ বজাত ভক্তিমূলক সাস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। সন্ধিয়া ৬-৩০ বজাত ভাওনা পৰিৱেশন কৰিব তেজপুৰ নিকামূল সত্ৰ আৰু কৃষ্ণ- সূৰ্য্য আঞ্চলিক নাম- সংঘৰ শিল্পীসকলে।  বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত কাশীৰ মহাআৰতি, ৫-৩০ বজাত ভানপুৰা পীঠৰ শঙ্কৰাচাৰ্য্য স্বামী শ্ৰীশ্ৰীজ্ঞানানন্দ তীৰ্থ মহাপ্ৰভুৰ অমৃত বাণী। সন্ধিয়া ৬ বজাত স্মৃতিগ্ৰন্থ ‘অদ্রীশ’ উন্মোচন কৰিব অসম চৰকাৰৰ  মন্ত্রী  বিমল বৰাই। সন্ধিয়া ৬- ৩০ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট অভিনেতা যতীন বৰাই। সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকর্ষণ আমন্ত্রিত শিল্পী গৌতম দ্ৰাবিৰ (বাঙ্গালোৰ)।  

১৭ ফেব্ৰুৱাৰীত  বিয়লি ৪ বজাৰ পৰা শিশু- চেমনীয়াৰ প্ৰাৰ্থনা প্ৰতিযোগিতা, বিয়লি ৬ বজাৰ পৰা স্থানীয় শিল্পীসকলৰ ভক্তিমূলক গীতৰ অনুষ্ঠান। আনহাতে  শনিবাৰ পুৱা ১১ বজাত শিশু- চেমনিয়াৰ চিত্রাঙ্কন প্রতিযোগিতা (অঙ্কুৰৰ পৰা নৱম শ্ৰেণীলৈ), দিনৰ ১ বজাত ৰুদ্ৰযজ্ঞৰ পূৰ্ণআহুতি। বিয়লি ৩ বজাৰ পৰা ভেশছন প্রতিযোগীতা, বিয়লি ৪ বজাৰ পৰা নাগাৰা নাম পৰিবেশন কৰিব গীতাঞ্জলি কলিতা আৰু তেওঁৰ সঙ্গীবৃন্দই। সন্ধিয়া ৬ বজাত বঁটা- বিতৰণি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি  মৃগেণ শৰণীয়া।  সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব পৰিবহন বিষয়া গৌতম দাস আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্ত উপস্থিত থাকিব। নিশা ৮ বজাৰ পৰা ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জনপ্রিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ আৰু তেওঁৰ সঙ্গীবৃন্দই। সমূহ কাৰ্য্যসূচীতে ধর্মপ্রাণ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি বিচাৰিছো।' সংবাদ মেলত মহাশিৱৰাত্রী আৰু ৰুদ্ৰযজ্ঞ উদযাপন সমিতিৰ মুখ‍্য প্ৰবক্তা মনমৰমী মহন্ত, উপদেষ্টা হিৰামণ চৌধুৰী, প্ৰচাৰ সম্পাদক উৎপল ঠাকুৰীয়া আদি উপস্থিত থাকে।