Logo
image

মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ভূপেন বৰাৰঃ সাহস আছে যদি প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰক

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে বাল্য বিবাহক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে৷ কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ভূপেন বৰাই কয়, "আপোনাৰ যদি দম আছে বাল্য বিবাহ কৰি অপৰাধ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আপোনাৰ ডিজিপিক পঠিয়াই দিয়ক৷ প্ৰধানমন্ত্ৰীয়ে মোদীয়ে বাল্য বিবাহ কৰাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট উলিয়াই দম দেখুৱাক৷ আপোনাৰ প্ৰধানমন্ত্ৰীয়ে ১১ বছৰীয়া ছোৱালীক বিয়া পাতিছিল৷ ১১ বছৰীয়া ছোৱালী বিয়া পতা মানুহ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ২০ বছৰৰ আগতে বাল্য বিবাহ কৰি তেওঁৰ ল'ৰা-ছোৱালীৰো বিয়া পাতিব পৰা বয়স হ'ল৷" 

লগতে ভূপেন বৰাই কয় যে মানুহৰ মৌলিক সমস্যাৰ কাৰণে যেতিয়া বিদ্ৰোহ কৰিব বুলি অনুমান হয়, তেনে সময়ত বিষয়বস্তুৰ পৰা ফালৰি কাটি বেলেগ বিষয় উপস্থাপন কৰি জনতাৰ ধ্যান অইন দিশে নিব বিচাৰে মুখ্যমন্ত্ৰীয়ে৷ লগতে তেওঁ কয় যে আমি বাল্য বিবাহৰ বিৰুদ্ধে নহয়, কিন্তু বাল্য বিবাহ হোৱাৰ দিনা ক'ত শুই থাকে অসম আৰক্ষী৷ যোৱা ২০ বছৰে মন্ত্ৰী হৈ থকাৰ পিছতো অসমত বাল্য বিবাহ হৈ থকাৰ অপৰাধত মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায় ভূপেন বৰাই৷