Logo
image

আজিৰে পৰা দেশজুৰি গ্ৰাহকৰ বাবে ২০% ইথানলযুক্ত পেট্ৰ’ল

ডিজিটেল ডেস্ক:  পেট্ৰ’লত ইথানলৰ পৰিমাণ বৃদ্ধি পাব দুগুণলৈ৷  সোমবাৰৰে পৰা অসমকে ধৰি সমগ্ৰ দেশৰে পেট্ৰ’ল পাম্পত ২০ শতাংশ ইথানল মিহলি পেট্ৰ’ল উপলব্ধ হ’ব৷ কোনো গ্ৰাহকৰ ইচ্ছা নাথাকিলেও কাইলৈৰ পৰা নিজৰ বাহনত ২০ শতাংশ ইথানলযুক্ত পেট্ৰ’ল ভৰাবলৈ বাধ্য হ’ব৷ বৰ্তমান পেট্ৰ’লত ১০ শতাংশ ইথানল মিহলি কৰি বিক্ৰী অব্যাহত আছে যদিও কাইলৈৰ পৰা ২০ শতাংশ ইথানল পেট্ৰ’লত মিশ্ৰণ কৰা হ’ব৷   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’লৰ বিক্ৰীৰ  শুভাৰম্ভ কৰিব৷ কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক ‘ই-টুৱেণ্টী’ নাম দিয়া হৈছে৷ কাইলৈৰ পৰা বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ‘ইণ্ডিয়া এনাৰ্জী উইক’ প্ৰধানমন্ত্ৰী মোদীয়ে ২০ শতাংশ ইথানলযুক্ত পেট্ৰ’লৰ বিক্ৰীৰ  শুভাৰম্ভ কৰিব অসমত অব্যাহত থকা জি-২০ বৈঠকত দেশ-বিদেশৰ প্ৰতিনিধিসকলে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ সন্দৰ্ভত মত পোষণ কৰাৰ সময়তে মোদী চৰকাৰে ইথানলযুক্ত পেট্ৰ’ল বিক্ৰীৰ বাবে ই-টুৱেণ্টী কাৰ্যসূচী গ্ৰহণ কৰা বিষয়¸টোৱে তাৎপৰ্য বহন কৰিছে৷ মূলতঃ ইন্ধনৰ পৰা কাৰ্বন নিৰ্গমণৰ হাৰ হ্ৰাস কৰাৰ স্বাৰ্থতে জৈৱ ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰীত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ উল্লেখ্য, ২০১৪ চনত প্ৰথমবাৰলৈ পেট্ৰ’লত ১.৪ শতাংশ ইথানল মিহলি কৰা হৈছিল যদিও বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা পেট্ৰ’লত ইথানলৰ মিশ্ৰণ ১০ শতাংশলৈ বৃদ্ধি কৰিছিল৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, সোমবাৰৰ পৰা ২০ শতাংশ ইথানলযুক্ত পেট্ৰ’ল ডিপোসমূহত উপলব্ধ হ’লেও ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই চৰকাৰে৷ সম্প্ৰতি পেট্ৰ’লৰ প্ৰতি লিটাৰৰ মূল্য প্ৰায় ১০০ টকা যদিও ইথানলৰ প্ৰতিলিটাৰৰ মূল্য পেট্ৰ’লৰ দামৰ আধাও নহয়৷ তেনেস্থলত পূৰ্বৰ ১০ শতাংশৰ বিপৰীতে বৰ্তমান ২০ শতাংশ ইথানল মিহলি কৰিলে স্বাভাৱিকভাৱে পেট্ৰ’লৰ মূল্য হ্ৰাস পাব লাগে৷ কিন্তু চৰকাৰে পেট্ৰ’লৰ মূল্য হ্ৰাস পোৱাৰ কোনো ইংগিত নিদিয়াত গ্ৰাহকে যে অতিৰিক্ত কৰৰ বোজা ভৰিব সেয়া নিশ্চিত হৈ পৰিছে৷ আনহাতে বৰ্তমান পেট্ৰ’ল চালিত বাহনসমূহৰ ইঞ্জিন পেট্ৰ’ল ইন্ধনৰ ব্যৱহাৰৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছিল৷ তেনেস্থলত পেট্ৰ’ল ইঞ্জিনত ইথানল সোমোৱাৰ ফলত ইঞ্জিন তথা বাহনৰ স্থায়িত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ একেদৰে ২০ শতাংশ ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰৰ ফলত বাহনৰ মাইলেজ অৰ্থাৎ গতিবেগ বৃদ্ধি বা পূৰ্বৰ দৰে অক্ষুণ্ণ থাকিব নে  নাই, সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ যদিহে পেট্ৰ’লত ইথানলৰ পৰিমাণ বৃদ্ধি পোৱাত ইঞ্জিনৰ ক্ষতি হয় ¸ আৰু গতিবেগ হ্ৰাস পায়, তেনেহ’লে গ্ৰাহকৰ মূৰতে ওলোটাই মাধমাৰ পৰাটো নিশ্চিত৷ অৱশ্যে গ্ৰাহকৰ এই শংকা দূৰ হোৱা নাই যদিও তৈল কোম্পানীসমূহে জৈৱ ইথানলে পেট্ৰ’ল চালিত ইঞ্জিনৰ কোনো ক্ষতি নকৰে বুলিহে দাবী কৰি আহিছে৷ অৱশ্যে, ভাৰতত ই-২০ ইন্ধনৰ বাবে উপযোগী হোৱাকৈ গাড়ীৰ ইঞ্জিন নিৰ্মাণৰ কাম চলিত বৰ্ষৰ এপ্ৰিলৰ পৰাহে আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷ এনে ইঞ্জিনযুক্ত বাহনসমূহ ২০২৫ চনৰ পৰাহে বজাৰলৈ আহিব৷ লক্ষণীয় বিষয়টো হৈছে পেট্ৰ’লত ইথানলৰ ব্যৱহাৰ ২০ শতাংশলৈ বৃদ্ধিৰ বাবে ২০২৫-২৬ চন লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও মোদী চৰকাৰে এই লক্ষ্য ২০২৩ চনলৈ আগুৱাই অনাত ব্যাপক চৰ্চাও লাভ কৰিছে৷ উল্লেখ্য, অসম চৰকাৰে ইথালন উৎপাদন প্ৰমোচন নীতি-২০২১ৰ অধীনত ১৬টা ইথানল প্ৰকল্প প্ৰতিষ্ঠাৰ বাবে কাম আগবঢ়াইছে৷