Logo
image

দেশত ৯৪.৫০ কোটিলৈ বৃদ্ধি হ’ল ভোটাৰ

ডিজিটেল ডেস্ক:  প্ৰথমে ক’ভিড অতিমাৰী আৰু পৰৱৰ্তী সময়ত বিভিন্ন অজুহাত দেখুৱাই নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ লোকপিয়ল বন্ধ কৰি ৰাখিছে৷ প্ৰকৃততে ২০২১ চনতে ভাৰতৰ লোকপিয়ল হ’ব লাগিছিল৷ কিন্তু দেশবাসীক ভাৰতৰ ধৰ্মীয় আৰু অন্যান্য জনগাঁথনি কেনে সেয়া জানিবলৈ দিয়াৰ পৰা বিৰত কৰি ৰখাৰ গোপন উদ্দেশ্যতে নৰেন্দ্ৰ মোদী চৰকাৰে লোকপিয়লৰ দিন ২০২৩ চনৰ অক্টোবৰলৈ স্থগিত ৰাখিছে৷ ২০২৪ চনত   তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হ’বলৈ প্ৰচেষ্টা চলাই থকা বিজেপি চৰকাৰে সেই নিৰ্দিষ্ট সময়ত অৰ্থাৎ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে একে গোপন উদ্দেশ্য চৰিতাৰ্থ কৰাৰ বাবে লোকপিয়ল কৰাৰ সম্ভাৱনা ক্ষীণ৷  পিছে লোকপিয়ল নহ’লেও দেশত ভোটাৰৰ সংখ্যা যে বাঢ়িছে সেয়া নিৰ্বাচন আয়োগে প্ৰকাশ কৰিবলৈ বাধ্য হৈছে৷ দেশৰ জনসংখ্যা বৃদ্ধিৰ সৈতে তাল মিলাই ভাৰতৰ ভোটাৰৰ সংখ্যাও তীব্ৰগতিত বৃদ্ধি পাইছে৷   দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে, ১৯৫১ চনৰ তুলনাত এতিয়া দেশৰ ভোটাৰৰ সংখ্যা ৬ গুণ বৃদ্ধি পাইছে৷ নিৰ্বাচন আয়োগে জনোৱা অনুসৰি চলিত বছৰৰ ১ জানুৱাৰীত ভাৰতৰ ভোটাৰৰ সংখ্যা হৈছেগৈ ৯৪.৫০ কোটি৷ সন্দেহ নাই এইটো এটা বৃহৎ সংখ্যা৷ মূলতঃ এই সংখ্যাৰ প্ৰতি ৰাজনৈতিক দলসমূহ অধিক আকৰ্ষিত৷ কিয়নো শাসনৰ গাদীত কোন অধিষ্ঠিত হ’ব সেয়া নিৰ্ণয় কৰিব দেশৰ এই ৯৪.৫০ কোটি ভোটাৰে৷ ২০২৪ চনৰ এপ্ৰিল-মে’ত হ’বলগীয়া সাধাৰণ নিৰ্বাচনলৈ ভোটাৰৰ সংখ্যা আৰু কেইকোটিমান বৃদ্ধি পাব৷ কিয়নো  বিগত সাধাৰণ নিৰ্বাচনত অৰ্থাৎ ২০১৯ চনত ভাৰতৰ ভোটাৰৰ সংখ্যা আছিল ৯১.২০ কোটি৷ সেইবাৰ ৬৭.৪০ শতাংশ ভোটাৰে ভোটদান কৰিছিল৷ তাৰ পূৰ্বৰ অৰ্থাৎ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতত ভোটাৰৰ সংখ্যা আছিল ৮৩.৪০ কোটি আৰু ভোটদান কৰিছিল ৬৬.৪৪ শতাংশই৷ ২০০৯ চনত ভাৰতত ভোটাৰৰ সংখ্যা ৭১.৯০ কোটি আৰু ভোটদান কৰিছিল ৫১.২০ শতাংশই৷ 

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ভোটাৰৰ সংখ্যা অস্বাভাৱিক গতিত বাঢ়িলেও ভোটদানৰ হাৰ বৃদ্ধি পোৱা নাই৷ ঘাইকৈ সংসদীয় ৰাজনীতিৰ প্ৰতি ভাৰতীয় ভোটাৰৰ ক্ৰমাৎ সৃষ্টি হোৱা অনীহা  ইয়াৰ অন্যতম কাৰণ৷ কিয়নো ভোটদান কৰি কোনো এটা দলক শাসনত অধিষ্ঠিত কৰিলেও ভোটাৰৰ জীৱন-যাত্ৰাৰ কোনো পৰিৱৰ্তন নঘটে৷ ইপিনে নিৰ্বাচন আয়োগে অনুমান কৰা অনুসৰি দেশৰ বহুসংখ্যক ভোটাৰে চহৰ অঞ্চললৈ প্ৰব্ৰজন কৰে৷ জীৱিকা আহৰণৰ তাড়নাত তেওঁলোক চহৰৰ বাসিন্দা হৈ থাকিলেও নিজৰ ভোট থাকে নিজ নিজ স্থানত৷ ভোটৰ সময়ত তেওঁলোকে জীৱিকাৰ স্থান এৰি নিজৰ ঘৰলৈ কেৱল ভোটদান কৰাৰ বাবে উভতি অহাৰ ক্ষেত্ৰত অনীহা প্ৰদৰ্শন কৰে৷ সেয়ে ভাৰতত ভোটদানৰ হাৰ কম৷ কিন্তু আপেক্ষিকভাৱে শেহতীয়াকৈ ভাৰতত ভোটদানৰ হাৰ লাহে লাহে বৃদ্ধি পাইছে৷ নিৰ্বাচন আয়োগে চলোৱা কেতবোৰ জনসজাগতামূলক আঁচনিৰ বাবে আৰু ৰাজনৈতিক দলেও তেনেক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে ভোটদানৰ হাৰ সামান্য বৃদ্ধি পাইছে৷ ধাৰণা কৰা হৈছে ২০২৪ চনত দেশৰ যুৱ ভোটাৰে পুনৰবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব৷