Logo
image

উৎকোচ বিচাৰিছে? এই ৬টা নম্বৰত ফোন কৰক আৰক্ষীক

ডিজিটেল ডেস্ক:  চৰকাৰী কৰ্মচাৰীয়ে কোনো কামৰ বাবে আপোনাক উৎকোচ বিচাৰিছে নেকি? যদিহে কোনো কৰ্মচাৰীয়ে কামৰ বিনিময়ত ধন দাবী কৰিছে, তেনেহ’লে উক্ত দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে নিৰ্ভয়ে অভিযোগ দাখিল কৰিব পাৰিব আৰক্ষীক৷ আপোনাৰ পৰিচয় গোপনে ৰাখি তেনে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে৷ কেৱল সাধাৰণ চৰকাৰী বিভাগ সমূহৰ কৰ্মচাৰীয়েই নহয়, কোনো থানাৰ আৰক্ষীয়েও যদি কিবা কামৰ নামত  ধন দাবী কৰে, তেনে আৰক্ষীৰ বিৰুদ্ধেও ভিজিলেন্সক ৰাইজে অভিযোগ দিব পাৰিব৷ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে গোপনে অভিযোগ দাখিলৰ বাবে ৬ টাকৈ হেল্প লাইন নম্বৰ মুকলি কৰিছে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে৷ ভিজিলেন্সৰ নৱ নিযুক্ত এ ডি জি পি সুৰেন্দ্ৰ কুমাৰ অভিযোগ দাখিল কৰিবলগীয়া ফোন নম্বৰকেইটা ৰাজহুৱা কৰিছে৷ উক্ত হেল্পলাইন নম্বৰ কেইটা হৈছে ক্ৰমে হোৱাটছ এপ নম্বৰ ৬০২৬৯০১২৪৩, ট্ৰ’ল ফ্ৰী ফোন নম্বৰ ১৮০০৩৪৫৩৭৬৭, নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ০৩৬১-২৪৬২২৯৫, ভিজিলেন্সৰ আৰক্ষী অধীক্ষকৰ মোবাইল নম্বৰ ৬০২৬৯০৩৪৮৩ আৰু ৬০২৬৯০৩৪৮১৷ তদুপৰি ভিজিলেন্সৰ অতিৰিক্ত আৰক্ষী অধীক্ষককো ৬০২৬৯০৩৪১৮ নম্বৰত প্ৰত্যক্ষভাৱে অভিযোগ দিব পাৰিব৷ ইয়াৰোপৰি complaints.vac@gmail.com ই-মেইল আৰু টুইটাৰ একাউণ্ট @DIR_VAC_ASSAM ত মেছেজযোগে ঘোঁচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছৰে পৰা বিগত বৰ্ষৰ ১৯ অক্টোবৰ পৰ্যন্ত ভিজিলেন্সে ৫৫টা গোচৰ পঞ্জীয়ন কৰি ২ মধ্যভোগীসহ ৬১ জন চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷