Logo
image

শীতকালত শিশুটিক ৰোগমুক্ত কৰি ৰাখিবলৈ কি কৰিব

আমাৰ অসম বিশেষঃ শীত অহাৰ লগে লগে বিভিন্ন ধৰণৰ ফ্লুৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়৷ যিমানেই স্বাস্থ্যবান লোক হওক বা ৰোগ প্ৰতিৰোধ যিমানেই বেছি নহওক কিয় শীতকালত এনে ৰোগৰ ভয়াৱহতা আঁতৰি নাযায়৷ শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিহেতু সম্পূৰ্ণ ৰূপে বিকাশিত নহয় গতিকে তেওঁলোকৰ সংক্ৰমণ আৰু ফ্লু হোৱাৰ আশংকা বেছি থাকে৷ সেই বাবে অভিভাৱকসকলে শীতকালত শিশুসকলৰ বাবে অধিক যত্ন লোৱা উচিত৷  শীতকালত আপোনাৰ শিশুটি নিৰোগী কৰি ৰাখিবলৈ হ’লে এইকেইটা অতি জৰুৰী৷

–শিশুটি পৰিষ্কাৰ পৰিচন্নতাৰে ৰাখক৷ তাৰ বাবে নিতৌ গা ধুওৱাটো জৰুৰী৷ শীতকালত আপোনাৰ শিশুটিক নিতৌ গৰম পানীৰে গা ধুৱাওক৷

–শিশুটিক পোছাক সলাই দিয়াৰ পূৰ্বে গৰম পানীত তিওৱা টাৱেলেৰে গোটেই গাটো মছি দিয়ক৷ এনে কৰিলে শিশুৰ অসুস্থ হোৱাৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে  ত্বকৰ আদ্ৰতাও অক্ষত থাকিব৷

–শীতকালত যিহেতু শিশুৰ ত্বকৰ আদ্ৰতা হ্ৰাস পায় গতিকে ত্বকৰ আদ্ৰতা সুস্থিৰ কৰি ৰাখিবলৈ সদায় তেলেৰে দি মালিচ কৰা উচিত৷ এনে কৰিলে শিশুৰ হাড়ো মজবুত হয়৷ মালিচৰ বাবে সৰিয়হ বা নাৰিকল তেল লোৱা উচিত৷

–শিশুটিক নিতৌ কিছু সময় ৰ’দত ৰাখিব লাগে৷ কাৰণ ভিটামিন ‘ডি’ৰ সৰ্বোত্তম উৎস হৈছে সূৰ্যৰ ৰশ্মি৷ শিশুটিক গা ধুৱাই দিয়াৰ পূৰ্বে বা পোচাক সলাই দিয়াৰ পূৰ্বে শিশুটিক কিছু সময় ৰ’দত ৰখাটো অধিক সুফলদায়ক৷ সূৰ্যৰ্ৰ ৰশ্মিয়ে শিশুটিৰ দেহত থকা বীজাণু ধবংস কৰে৷

–নৱজাতকৰ ক্ষেত্ৰত সদায় গৰম কাপোৰৰ পোচাক ব্যৱহাৰ কৰক৷

–শিশুটি সদায় এনে পোচাক পিন্ধাই দিয়ক যি পোচাক পিন্ধিলে শিশুটিয়ে উশাহ লোৱাত সহজ হয়৷

–মূৰটো কাপোৰেৰে ঢাকি ৰাখিবলৈ কেতিয়াও নাপাহাৰিব৷

–শীতৰ পৰা শিশুটিক বচাবলৈ গধূৰ কম্বল নিদিব কাৰণ কম্বল এখনে জাৰৰ পৰা শিশুটিক বচাব ঠিকেই কিন্তু অধিক গধুৰ ওজনৰ কম্বলখনে শিশুটিৰ উশাহ লোৱাত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

–শিশুটিৰ স্বাস্থ্য নিৰাপদে ৰাখিবলৈ সময় মতে ভেকচিন দিবলৈ  কিন্তু নাপাহৰিব৷