Logo
image

নাট্যশিল্পী প্ৰশান্ত শৰ্মালৈ অমূল্য কাকতি স্মাৰক বঁটা

ডিজিটেল ডেস্ক:  নাট্যশিল্পৰ বিশিষ্ট সাধক, যশস্বী নাট পৰিচালক-সমালোচক প্ৰশান্ত শৰ্মালৈ আগবঢ়োৱা হৈছে ‘স্বভাৱশিল্পী অমূল্য কাকতি স্মাৰক বঁটা৷’ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ‘ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাস’ৰ সভাপতি বীৰেন সিংহ আৰু সম্পাদক বিপুল ৰাভাই দেওবাৰে এই কথা ঘোষণা কৰে৷ উল্লেখ্য, বিশিষ্ট    অভিনেতা- নাট্যকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক-পৰিচালক প্ৰয়াত অমূল্য কাকতিৰ সোঁৱৰণত অসমৰ কৃষ্টি-সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক প্ৰতিবছৰে স্বভাৱশিল্পী অমূল্য কাকতি স্মাৰক বঁটা আগবঢ়ায় সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসে৷ ২০২৩ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে শিৱসাগৰৰ বিশিষ্ট নাট্যশিল্পী প্ৰশান্ত শৰ্মালৈ৷ এই বঁটাৰ লগত বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই তৈয়াৰ কৰা স্মাৰক আৰু নগদ ধনো আগবঢ়োৱা হয়৷ ৯ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে দিনৰ ২ বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য বিশেষ অনুষ্ঠানত নাট্য আন্দোলনৰ বিশিষ্ট সংগঠক প্ৰশান্ত শৰ্মাক এই বঁটা প্ৰদান কৰা হ’ব৷ শিৱসাগৰৰ ভটিয়াপাৰৰ প্ৰশান্ত শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত শিক্ষকতাৰে জড়িত হৈ পৰে৷ সমান্তৰালভাৱে শৰ্মাই অব্যাহত  ৰাখে নাট্যশিল্পৰ চৰ্চা আৰু সাধনা৷ ‘নাট্যচিন্তা’, ‘শিশু নাটক প্ৰসংগ’, ‘ৰংগ দৃষ্টি’ আদি গ্ৰন্থৰ ৰচয়িতা প্ৰশান্ত শৰ্মাৰ সম্পাদিত গ্ৰন্থৰ ভিতৰত ‘হৰেন্দ্ৰ নাথ বৰঠাকুৰ শিশু নাট সমগ্ৰ’, ‘পাঁচখন শিশু নাটক’ আৰু ‘সাম্প্ৰতিক অসমীয়া নাটক’ অন্যতম৷ মৃগয়া, তাজমহলৰ টেণ্ডাৰ, টেটোন তামুলী, কহয় চণ্ডীদাস, আলাপ অস্তৰাগ আৰু ৰজা কথাকে ধৰি  দুকুৰিৰো অধিক বিশেষ নাটক পৰিচালনা কৰা প্ৰশান্ত শৰ্মাই বহুসংখ্যক শিশু নাটক, ৰেডিঅ’ নাটক আৰু অংকীয়া ভাওনা পৰিচালনা কৰিছে৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ছিনিয়ৰ ফেল’শ্বিপ  প্ৰাপক প্ৰশান্ত শৰ্মাই অসম প্ৰকাশন পৰিষদৰ ফেল’শ্বিপ লাভ কৰাৰ উপৰি শিৱসাগৰ জিলা সাহিত্য সভাই প্ৰদান কৰা ‘চিকন মৌপিয়া বঁটা’ লাভ কৰিছে৷ অসমৰ আগশাৰীৰ নাট্যানুষ্ঠান ‘নাট্যপীঠ’ৰ অন্যতম প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ প্ৰশান্ত শৰ্মা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, সংগীত নাটক একাডেমী, সাহিত্য অকাদেমি, নেশ্বনেল বুক ট্ৰাষ্ট, অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলন আদিৰ দ্বাৰা বিভিন্ন দিশত বক্তৃতা দিবলৈ সমল ব্যক্তিৰূপে আমন্ত্ৰিত হৈছে৷ প্ৰশান্ত শৰ্মাৰ বিভিন্ন গুৰুত্বপূৰ্ণ লেখা ‘আমাৰ অসম’কে ধৰি বিভিন্ন সংবাদপত্ৰ আৰু আলোচনীত প্ৰকাশ পাইছে৷ বহুসংখ্যক নাট কৰ্মশালা আৰু আলোচনা চক্ৰৰ সঞ্চালক-আলোচক প্ৰশান্ত শৰ্মাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ বহিঃ পৰীক্ষকৰ দায়িত্বও পালন কৰিছে৷ অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনৰ সাংস্কৃতিৰ বিভাগৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল প্ৰশান্ত শৰ্মাই৷ এইগৰাকী বিশিষ্ট নাট্যকাৰ- সমালোচক-পৰিচালকলৈ আগবঢ়োৱা হৈছে এই বছৰৰ অমূল্য কাকতি বঁটা৷ বিগত বছৰবোৰত এই সন্মানজনক বঁটা আগবঢ়োৱা হৈছিল বৰঢুলীয়া কনক চন্দ্ৰ দাস, অভিনেতা তপন দাস, সংগীত শিল্পী পখিলা লেপথেপী, নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইন, লোকশিল্পী মিলাদৈ মেদক, সাহিত্যিক-সংৰক্ষক ড॰ দিলীপ কুমাৰ দত্ত, চিত্ৰশিল্পী-কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্ত, নাট্যকাৰ সেৱাব্ৰত বৰুৱা, সংগীত শিল্পী সচ্ছিদানন্দ বৰা, নাট্যকাৰ-পৰিচালক লিয়াকৎ আলী, অভিনেত্ৰী মণি বৰা দেৱী, নাট্যকাৰ-পৰিচালক সপোনজ্যোতি ঠাকুৰ, সংগীত শিল্পী পংকজ বৰদলৈ, সংগীত শিল্পী ধৰণী বণিক্য আৰু নাট্যশিল্পী জিতেন্দ্ৰ নাথ বৰাক৷